পৃষ্ঠা:অমৃত কথা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অমৃত কথা


স্বৰ্ণভাগা

 সমগ্ৰ বিশ্বতে মুখে মুখে বাগৰি অহা অনেক ৰসোপম কথা শুনিবলৈ পোৱা যায়। আমাৰ দেশতো তেনে অনুপম কথা অনেক আছে। বঙ্গোপ সাগৰৰ তীৰত অৱস্থিত তীৰ্থ ঠাই পুৰীৰ এক অঞ্চলত বছৰত এদিন পানীৰে পূৰ্ণ হৈ পুনৰ নোহোৱা হোৱা লোককথা এটি মুখে মুখে বাগৰি আহিছে। সেই কথাটিৰ সাধু এটি কওঁ শুনিবাদেই–

 বঙ্গোপমহাসাগৰৰ কিছু নিলগত এটি পাহাৰ আছিল। সেই পাহাৰত মৈত্ৰেয়ী নামৰ এখন অতি বিতোপন অৰণ্য আছিল। বিধে বিধে ৰঙ-বিৰঙৰ ফুল, গছ-লতা, জুৰি, শিলনি আদিয়ে মনোমোহা কৰি যোৱা অৰণ্যখনিত অনেক চৰাইৰ সুললিত গীতে দুগুণ ৰহন চৰায়। এনে ধুনীয়া অৰণ্যখনত মাজে মাজে দেৱতাসকলো আহি বিচৰণ কৰি যায়হি।