পৃষ্ঠা:অমৃত কথা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অমৃত কথা


তম্বুক অসুৰৰ কথা

 ৰামায়ণ মহাকাব্যৰ কথা নজনা মানুহ নাই। ৰামচন্দ্ৰ চৈধ্যবছৰ বনবাসত থাকোতে ঋষি-মুনি, ৰাক্ষস আদি বহুতক লগ পাইছিল। ৰামচন্দ্ৰই লগ পোৱা ৰাক্ষস এটাৰ সাধু কওঁ শুনাছোন—

 ৰামচন্দ্ৰ চৈধ্যবছৰ বনবাসত থাকিবলগীয়া হৈছিল। তেওঁৰ সতে পত্নী সীতা আৰু ভায়েক লক্ষ্মণো আছিল। তেওঁলোক অনেক ঠাই ঘূৰি-ফুৰাৰ পিছত এবাৰ এখন বিশাল