পৃষ্ঠা:অমৃত কথা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৃত কথা

 লোকজনৰ দুগালেৰে দুধাৰি চকুলো বৈ আহিল। মুখেৰে হ’লে একো নেমাতিলে। তাকে দেখি কণভূতীয়ে ক'লে— “মই তোমাৰ সকলো কথা গম পাইছো। তুমি তোমাৰ শপত পালন কৰি মৌন ব্ৰত পালন কৰিছা। কোনো কথা নাই, তুমি মানুহৰ ভাষা ব্যৱহাৰ নকৰো বুলিহে শপত খাইছা। মই তোমাক পৈশাচিক ভাষাৰ গিয়ান দিম। তেতিয়া আৰু অসুবিধা নহ’ব।”

 কণভূতী পিশাচৰ ওচৰত লোকজনে পৈশাচিক ভাষা শিকিবলৈ ধৰিলে আৰু এদিন পাৰ্গত হৈ উঠিল। এদিন কণভূতীক লোকজনে ক’বলৈ ধৰিলে— “হে প্ৰিয় কণভূতী, মই ৰজা সাত বাহনৰ ৰাজসভাৰ কবি গুণাঢ্য। এদিন ৰজাই মোক কিমানদিনৰ ভিতৰত সংস্কৃত ব্যাকৰণত তেওঁক বিদ্বান কৰি তুলিব পাৰিম সুধিলে। মই ছয় বছৰ বুলি ক’লো। কিন্তু ৰাজমন্ত্ৰী শৱ শৰ্মাই মাত্ৰ ছয় মাহতে সেই কাম কৰিব পাৰিব বুলি কথা দিলে। মই শপত খালো— যদি তেওঁ সঁচাকৈয়ে ছয় মাহতে ৰজাক সংস্কৃত ব্যাকৰণত বিদ্বান কৰি তুলিব পাৰে মই চিৰদিনলৈ সংস্কৃত বা অন্য মানুহৰ ভাষা ত্যাগ কৰিম। মোৰে দুৰ্ভাগ্য শৱ শৰ্মাই কঠোৰ তপস্যা কৰি কাৰ্ত্তিকৰ বৰ লাভ কৰি ৰজাক ছয় মাহতে বিদ্বান কৰি তুলিলে। মই ৰাজ্য ত্যাগ কৰি গুচি আহিলো।”

 কণভূতীয়ে হাঁহি মাৰি ক'লে— “গুণাঢ্য, এয়া তোমাৰ কপালৰ লিখন। মই তোমাৰ কথা কওঁ শুনা— তুমি যিজন ব্ৰাহ্মণৰ ঘৰত শিক্ষা-দীক্ষাৰে ডাঙৰ হলা সেইয়া তোমাৰ পিতৃ নহয়। তোমাৰ জন্ম ‘নামক’ নামৰ এখন ৰাজ্যত। তোমাৰ পিতৃ কীৰ্ত্তিনাথ আৰু মাতৃ শ্ৰতাথা। তোমাৰ আয়েৰা সৰগৰ এগৰাকী পৰীহে আছিল। ইন্দ্ৰৰ শাপত মানুহৰ জনম পাইছিল। তোমাৰ জনমৰ লগে লগে তেওঁ শাপ মুক্ত হৈ সৰগলৈ যাত্ৰা কৰিছে। আচলতে তুমিও দেৱী পাৰ্ব্বতীৰ অভিশাপতহে মৰতত জনম লৈছাহি। তোমালোকক শাপমুক্ত কৰিবলৈকে মোক পাৰ্ব্বতীয়ে পঠিয়াইছে।”

 গুণাঢ্য বৰ আচৰিত হ'ল। নিজৰ কথা জানিবলৈ বিয়াকুল হৈ পৰিল। তাকে দেখি কণভূতীয়ে কৈ গ’ল— “তুমি ভোলানাথ শিৱৰ অনুচৰ মাল্যবান। তোমাৰ লগৰীয়া পুষ্প দন্ত। এদিন দেৱী পাৰ্ব্বতীয়ে জানিবলৈ বিচৰাত শিৱই বিদ্যাধৰসকলৰ গোপন কাহিনী কৈ শুনাইছিল। তোমালোক দুয়ো মনে মনে শুনি আছিলা। দেৱী পাৰ্ব্বতীয়ে গম পাই খঙতে