পৃষ্ঠা:অমৃত কথা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৃত কথা

তেনে মাংস খাবলৈ বাধা দিলে। কিন্তু ৰজাৰ চিকাৰীয়ে জনালে যে পশু-পক্ষীবোৰে খোৱা-শোৱা পাহৰি পণ্ডিত এজনৰ কথা শুনিবলৈ লোৱাত এনে দশা হৈছে। ৰজাই ভূ ল’বলৈ অৰণ্যলৈ আহিল। গুণাঢ্য পণ্ডিতক দেখা পায় তেওঁ নিজৰ ভুল বুজিব পাৰিলে। এই অমৃত কথাবোৰ তেওঁক দি দিবলৈ অনুৰোধ কৰিলে। পুথিবোৰ পুৰি শেষ হৈ আহিছিল। মাথো এক লক্ষহে আছিল। তাকে তেওঁ ৰজাৰ হাতত তুলি দিলে।

 গুণাঢ্যই নিজৰ কৰ্তব্য শেষ কৰি অভিশাপ মুক্ত হৈ সৰগলোক পালেগৈ। গুণাঢ্য পণ্ডিতৰ কথাবোৰ পশু-পখীৰ মাজত বহু কাললৈকে চলি থাকিল। আজিও মানুহৰ দৰে কথা ক'ব নোৱাৰিলেও পশু-পখীৰ মাজত জ্ঞানগৰ্ভ কথাবোৰ চলি আছে।

⸻•••••••⸻