সমললৈ যাওক

শস্য তেজৰ অন্য ঋতু

ৱিকিউৎসৰ পৰা
[  ]

[  ] SAISHYA TEZAR AINYA WRITU : A collection of Assamese poems
by Sri Guna Ram Saikia, Uttar Nagaon, Mazbat-Odalguri, Darrang,
Pin-784507 & published by Sri Premananda Sikdar, Mangaldai.
Price : Rs. 35.00 only.

 

শস্য তেজৰ অন্য ঋতু :
গুণাৰাম শইকীয়াৰ কবিতা সংকলন

 

প্ৰকাশক :
প্ৰেমানন্দ শিক্দাৰ

 

প্ৰথম সংস্কৰণ :
২০০৫, ফেব্ৰুৱাৰী

 

© লেখক

বেটুপাত : পিক্কু

মূল্যঃ ৩৫.০০ টকা

 

মুদ্ৰক :
নবীন অফ্ছেট,
মঙলদৈ, দৰং

[  ]
 

উৎসৰ্গা

অকালতে আমাক এৰি যোৱা
মোৰ শৈশৱৰ বন্ধু-সুহৃদ লক্ষীৰাম ডেকাৰ
স্মৃতিত মোৰ এই অঞ্জলি

[  ]

আত্মকথা

 “শস্য তেজৰ অন্য ঋতু” মোৰ কবিতাৰ প্ৰথম সংকলন। এই সংকলনত মোৰ যোৱা ন-দহ বছৰৰ কবিতা সন্নিৱিষ্ট কৰা হৈছে। সংকলনত সন্নিৱিষ্ট প্ৰায়বোৰ কবিতাই ইতিপূৰ্বে বিভিন্ন আলোচনী, বাতৰিকাকত, স্মৃতিগ্ৰন্থ আদিত প্ৰকাশিত।

 কবিতা মোৰ জীৱনৰ সঞ্চিত শস্য। কবিতা মোৰ পথাৰৰ নুমলীয়া ধান। মনৰ ভাৱ-অনুভূতি-আৱেগক শব্দেৰে গাঁথিব খোজোতেই মোৰ এই কবিতা! ই কবিতা হয়নে নহয় এই বিচাৰৰ ভাৰ পাঠক সমাজৰ। অজানিত ভুল-ত্ৰুটিৰ বাবে পাঠক সমাজৰ ওচৰত সদায় ক্ষমা প্ৰাৰ্থী হৈ ৰলোঁ।

জোনাকীবন

উত্তৰ নগাঁও, মাজবাট-৭৮৪ ৫০৭

  গুণাৰাম শইকীয়া

১/১/০৫

[  ]

কৃতজ্ঞতা
(যাৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাত মোৰ কবিতা)

 প্ৰয়াত পথাৰৰ কবি ৰাম গগৈ, হীৰেণ ভট্টাচাৰ্য, ৰবীন্দ্ৰ বৰা, ইদ্ৰিছ আলি, সমীৰ তাঁতী, ড০ স্বাধীনতা মহন্ত, মীৰা ঠাকুৰ, কমলাকান্ত বৰা, অঞ্জন গোস্বামী, ইন্দ্ৰকান্ত কাৰ্কী, কুশেশ্বৰ বৰা, হৰিচৰণ দাস, অৰূপ বৰুৱা, নৰবাহাদুৰ দৰ্জী, সুজিৎ কটকী, শশধৰ বৈশ্য, গোলোক বৰা, নৱ কুমাৰ নাথ, গোবিন্দ দাস, অতুল চন্দ্ৰ নাথ, চক্ৰধৰ নাথ, অমৰজ্যোতি ৰাভা, মাজবাটৰ পূৰ্ণৰাম ডেকা, নীলমণি বৰুৱা, প্ৰদীপ কুমাৰ শৰ্মা, দিবাকৰ ৰায় বৰুৱা, মিলন কুমাৰ সূত্ৰধাৰ, সঞ্জীৱ কুমাৰ পাঠক, ৰবীন্দ্ৰ নাৰায়ণ দত্ত, সুভাষ চন্দ্ৰ আচাৰ্য, আমোচ দৈমাৰী, বীৰেণ চন্দ্ৰ নাথ, শৰৎ চন্দ্ৰ দাস, মৃণাল জ্যোতি শৰ্মা, মঙলদৈৰ মাণিক চন্দ্ৰ চহৰীয়া, ৰামচন্দ্ৰ ডেকা আৰু প্ৰকাশক প্ৰেমানন্দ শিক্দাৰদেৱলৈ।

[  ]

কৰাপাট

 কবিতাৰ জগতখনত প্ৰৱেশ কৰা গুণাৰাম শইকীয়া নামৰ তৰুণজনৰ কিছু সংখ্যক কবিতা ইতিমধ্যে বিভিন্ন আলোচনী-কাকতত প্ৰকাশ পাইছে। এই তৰুণ কবিগৰাকীৰ কেইবাটাও কবিতা মই আগ্ৰহেৰে পঢ়িছো। বহুবাৰ কবিতাৰ সভাতে মই লগ পাইছো তৰুণ কবিগৰাকীক।

 তৰুণ কবি গুণাৰাম শইকীয়াৰ প্ৰথম কাব্য-সংকলন ‘শস্য তেজৰ অন্য ঋতু’ প্ৰকাশৰ ক্ষণত আগকথা হিচাপে কিছুকথা লিখি দিয়াৰ দায়িত্ব লৈ মই ভাবিবলৈ বাধ্য হৈছো যে আজিৰ তৰুণসকলে জীৱনৰ চৌপাশৰ বিচিত্ৰ অভিজ্ঞতা আহৰণেৰে যিখিনি কথা কবিতাৰ মাজেদি কাব্যৰসিকসকলক ক’বলৈ চেষ্টা কৰিছে সেইখিনি কথাৰ আঁৰত নিহিত হৈ আছে আমাৰ তৰুণ সমাজৰ আধুনিক মনৰ এখন নতুন জগতৰ বৰ্তমান। তদুপৰি আমাৰ সৰহখিনি তৰুণ কবিয়ে তেওঁলোকৰ কাব্য- সৃষ্টিৰ যোগেদি প্ৰকাশ কৰিবলৈ বিচাৰিছে সময় সলনিৰ জটিলতাৰ সন্মুখীন হোৱা হতাশাগ্ৰস্ত মানুহৰ অশান্ত হৃদয়ৰ বিষাদপূৰ্ণ বতৰা।

 এনেকৈয়ে তৰুণ কবিগৰাকীয়ে তেওঁৰ প্ৰথম কাব্য-সংকলনখনিৰ প্ৰায় দুকুৰি কবিতাৰ মাজেদি একান্ত আন্তৰিকতাৰে আধুনিক সমাজৰ নাগৰিক সভ্যতা- সংস্কৃতিৰ ধূলি-ধূসৰিত জীৱনক আঁকোৱালি লোৱা দুৰ্দশাগ্ৰস্ত মানুহৰ প্ৰাণৰ অপূৰ্ণ তৃষ্ণাক প্ৰকাশ কৰিছে। জীৱনক গ্ৰহণ কৰাৰ দুৰ্বাৰ বাসনাৰে তৰুণ কবিগৰাকীয়ে কৈছে—

“বৰষুণৰ পৰা অনূদিত এই শব্দ
এই গান অক্ষয়িষ্ণু ৰ'দৰ নিবৰ্ণ অনুবাদ’’ (অনুবাদ)

 আত্মগত অভিজ্ঞতাৰে জীৱনৰ গভীৰলৈ প্ৰৱেশ কৰাৰ হেঁপাহেৰে কবিয়ে নৈসৰ্গিক জগতৰ ওচৰত কাতৰ নিবেদন জনাইছে। আত্মপ্ৰত্যয়ৰ মনোভাবেৰে কবিগৰাকীয়ে জীৱনৰ প্ৰতিকূলতাৰ মাজতো মানুহ হিচাপে সত্য আৰু সুন্দৰৰ কাষত আত্মসমৰ্পণ কৰাৰ পথৰ সন্ধান লৈছে—

“নৈখন পাৰ হোৱাৰ ভঙ্গীৰে সাগৰত নামিম
ফুল ছিঙিম, পাত সৰাম, গছৰপৰা জিৰd জিৰ্ কৈ টুকি আনিম
চেঁচা এন্ধাৰ।”  (ৰাতি)

 প্ৰেমৰ আবেগ-অনুৰাগেৰে জীৱনৰ বিশালতাক সাৱটি ল’বলৈ বিচৰা তৰুণ কবিয়ে বিচৰণ কৰিছে নৈ-নিজৰা, ৰ’দ-বৰষুণ, পথাৰ-সমাৰ, নগৰ-চহৰ, গাঁও-ভূঁইৰ মাজে মাজে আৰু এইবোৰৰ ওচৰত কবিয়ে মানৱ জীৱনৰ অনাবিল

[  ] শান্তি-সুখ-সমৃদ্ধিৰ সপোনক বিচাৰি পাইছে। কবিয়ে অজানিতে বাস্তৱ-জীৱনৰ জটিল পৰিস্থিতিৰ পৰা নিলগত ৰৈ মনৰ মাজত আমনি কৰা সপোনৰ সুন্দৰ পৃথিৱীখনত জীয়াই থাকিবলৈ বিচাৰিছে। সেইবাবেই আমাৰ এই গৰাকী তৰুণ কবিৰ কবিতাত প্ৰকাশ পোৱা নাই বাস্তৱ পৃথিৱীৰ জটিল ছবিখন। অৱশ্যে পৰোক্ষভাৱে কবিয়ে আধুনিক জীৱনৰ কথাকেই উল্লেখ কৰিছে যদিও যন্ত্ৰণাৰ আঘাতত ক্লান্ত হৈ পৰা মানুহৰ দৃঢ় প্ৰতিবাদৰ কণ্ঠস্বৰ কবিৰ কবিতাত শুনিবলৈ পোৱা নাযায়।

 কবিগৰাকীৰ কবিতাত শুনিবলৈ পোৱা যায় পৃথিৱীক অকৃত্ৰিমভাৱে ভালপোৱাৰ কণ্ঠস্বৰ—

(ক) “পথাৰৰ দাঁতিত বাঁহী এটা খুচি নৈখনে এতিয়া
ৰিঙিয়াই মাতি আছে তোমাক
কাষত শস্যৰ ঋতু— পুষ্পিতা গাঁও” (বহাগ)

(খ) এক অচিন অৰণ্যত নামিছে শইচময় সুজলা পৃথিৱী
কোনে কাৰবাবে ধৰি ৰাখিব এই অমৃত পোহৰ।”

 (মাহ আৰু ঋতু)

 প্ৰতিটো ঋতুৰ মাজত মানৱ-জীৱনৰ শুভ-মুহূৰ্তৰ সন্ধান পাইছে। মানুহৰ বাসোপযোগী এখন সুন্দৰ পৃথিৱীৰ কল্পনাৰে কবিয়ে পৰোক্ষভাৱে মানৱতাবাদক আদৰি লোৱাৰ বাবে আহ্বান জনাইছে।

 তৰুণ কবিগৰাকীৰ প্ৰায়খিনি কবিতাত মননশীলতাৰ পৰিচয় জিলিকি আছে। কবিৰ ভাষাক সংবেদনশীলতাই পৰশি আছে। অৱশ্যে জীৱনৰ জটিল ৰূপৰ ছবিখন অংকন কৰোঁতে সীমিত অভিজ্ঞতাই কবিৰ চিন্তাক প্ৰশস্ত কৰি তুলিব পৰা নাই। পুনৰুক্তিৰ ক্ষেত্ৰত কবি সতৰ্ক হোৱা উচিত।

 আৰু এষাৰ কথা কবিক কৈ থওঁ। বাস্তৱ-জীৱনক অস্বীকাৰ কৰি সাৰ্থক কবিতা ৰচনা কৰিব পৰা নাযায়। আমাৰ তৰুণ কবিগৰাকীয়ে বাস্তৱ-জীৱনৰ অভিজ্ঞতা আহৰণ কৰাৰ লগতে কাব্য-চিন্তাক বিস্তৃত কৰি তোলাৰ অৰ্থে বিশেষ মনোযোগ দিব লাগিব।

 শস্য তেজৰ অন্য ঋতু’ৰ মাজত তৰুণ কবিগৰাকীৰ যাত্ৰাৰ আৰম্ভণিত সম্ভাৱনাখিনি জিলিকি উঠিছে আৰু প্ৰতিটো কবিতাত আন্তৰিক প্ৰচেষ্টা প্ৰকাশ পাইছে। সাৰ্থক কবিতা ৰচাৰ বাটত কবিয়ে অধিক পৰিশ্ৰম কৰাৰ কামনা কৰিলো। আমি আশা ৰাখিছো— নতুন নতুন সৃষ্টিৰে কবিয়ে নিজৰ পৰিচয় উজুলাই তোলক।

জু-ৰোড তিনিআলি, গুৱাহাটী (ৰবীন্দ্ৰ বৰা)

[  ]

সূচীপত্ৰ

  • অনুবাদ॥ ১॥
  • এন্ধাৰত চাকি এটা কঁপিছে॥ ২॥
  • ৰাতি॥ ৩॥
  • কবিতা॥ ৪॥
  • ব’হাগ॥ ৫॥
  • নাও॥ ৬॥
  • মাহ আৰু ঋতু॥ ৭॥
  • দুখত ফুলা ফুল॥ ৮॥
  • চাকি॥ ৯॥
  • জীৱন গধূলি॥ ১০॥
  • সুখ॥ ১১॥
  • জীৱন॥ ১২॥
  • গোমা॥ ১৩॥
  • নগৰ॥১৪॥
  • ৰচি॥ ১৫॥
  • তৰা॥ ১৬॥
  • গৰখীয়া॥ ১৭॥
  • মৃত্যু॥ ১৮॥
  • জাল॥ ১৯॥
  • নদী॥ ২০॥
  • গাঁও৷ ২১॥
  • আত্মকথা॥ ২২॥
  • বিপন্ন মুখ আৰু প্ৰতিনিয়ত
    তেজৰ সময় ॥ ২৩॥
  • পাত থকা শিল এটা দিব পাৰিছিলো
    জানো তোমাক॥ ২৪॥
   
  • জলছৱি॥ ২৫॥
  • আই॥ ২৬॥
  • কবিতাৰ অন্তৰ্বাস॥২৭॥
  • বাঁহী॥ ২৮॥
  • গুৰু শঙ্কৰ॥ ২৯॥
  • শইচৰ প্ৰেমত॥ ৩০॥
  • সুহৃদ॥ ৩১॥
  • কবিতা॥ ৩২॥
  • আঘোণ॥ ৩৩॥
  • শস্য তেজৰ অন্য ঋতু॥ ৩৪॥
  • মৃত্যু॥ ৩৫॥
  • ভুল॥ ৩৬॥
  • অমিল॥ ৩৭॥
  • শূন্য॥ ৩৮॥
  • কলম॥ ৩৯॥
  • পিয়লা॥ ৪০॥
  • গান৷ ৪১॥
  • চৰাই॥ ৪২॥
  • কোনেও নুশুনা গান॥ ৪৩॥
  • বিহু মাৰেগৈ ব’লা॥ ৪৪॥
  • এটা ভাল দিনৰ বাবে॥ ৪৫॥
  • খেল॥ ৪৬॥
  • ঘৰ॥৪৮॥
  • চকুলো॥ ৪৮॥

.
.

[  ]

অনুবাদ

শিল এটাৰ পৰা অনূদিত এই হাত আৰু হাতুৰীবোৰ
এই ৰাজপথ, কুঁৱা আৰু খটখটিবোৰ
তাৰেই অনূদিত-এক অমল সেউজীয়া পৃষ্ঠা

অৰণ্যৰ পৰা
তোমাৰ ঘৰ, দুখৰ ৰাতিৰ এন্ধাৰ আৰু গছৰ ছাঁবোৰ
নামি আহিছে—
অনূদিত হৈ আহিছে সুদূৰৰ বতাহৰ দৃশ্য
আৰু কবিতাৰ উৎসৱ।

মাছবোৰে চামুচেৰে তুলি আনিছে সাগৰৰ পানী
চৰাইজাকে আঁকি আনিছে
আকাশ—’
নাবিকবোৰে বা-মাৰলি আৰু জাহাজ মাস্তুল

বৰষুণৰ পৰা অনূদিত এই শব্দ
এই গান অক্ষয়িষ্ণু ৰ’দৰ নিবৰ্ণ অনুবাদ।

ৰচনাকাল : ১৯৯৫

[ ১০ ]

এন্ধাৰত চাকি এটা কঁপিছে

গাত মোৰ সুবাস লাগিছে, মোৰ তেজৰ গহীন এন্ধাৰ ঘুলি এটিত বা-মাৰলি উঠিছে
তোমাক বিচাৰিছো কাষত, তোমাৰ শীৰ্ণ আঙুলিৰে
তুলি আনা মাজসাগৰৰ পানী
মোক তুলি ধৰা, গাত জাপি দিয়া তোমাৰ তৰাখচিত বুকুৰ আহিন;
প্ৰতি নিশাই মই এনেকৈ গুচি আহো তোমাৰ এই জীপাল বোকাৰ মাজলৈ
মই গজালি মেলিব খোজো, মই হ’ব খোজো
এগছি সেউজীয়া ধান।

মোক এবাৰ সোমাই যাব দিয়া তোমাৰ এই বুকুৰ জলাশয়ত
তোমাৰ জোঙা পৃষ্ঠভূমিত
মোক এবাৰ শুবলৈ দিয়া, মোক তুলি ধৰা পানীৰ পৰা
শুভ্ৰ কাপোৰেৰে মুখ ঢাকি মই গুচি যাম সাগৰৰ সিটো পাৰে

পালতৰি হাত জোকাৰি যাব নাবিকবোৰে—
মোৰ গাত তোমাৰ সুবাস লাগিছে— অচিন বা-মাৰলি উঠিছে
তেজৰ গভীৰ এন্ধাৰ ঘূলি এটিত
চাকি এটি কঁপিছে-চাকি এটি কঁপিছে।

ৰচনাকাল : ১৯৯৭

[ ১১ ]

ৰাতি

গধূলি গুচি আহিবা — তোমাৰ বাবে ৰৈ আছে
জাৰণিৰ ইপাৰে-এজাক নূপুৰ বজোৱা চৰাই

গাঁওখনিৰ সিটো পাৰে— তুমি গা-ধোৱা পুখুৰীটোত
জোন এটা বান্ধি থৈ আহিছো
শাকনিৰ পৰা তুলি থৈ আহিছো
লাই হালে-জালে’ চিকুণ পোনাটিৰ নিচুকণি সপোন এটি।

তুমি গুচি আহিবা— গোটেই ৰাতি আমি জাল মাৰিম
চিটিকা পাতিম
জেওৰাণিৰে আমি পুৰি খাম ডেকা চাঙৰ শুকান মঙহ।

ময়ো গুচি যাম তোমাৰ পাছে-পাছে
নৈ খন পাৰ হোৱাৰ ভঙ্গীৰে সাগৰত নামিম
ফুল ছিঙিম— পাত সৰাম, গছৰ পৰা জিৰ্‌-জিৰ্‌ কৈ টুকি আনিম
চেঁচা এন্ধাৰ।

ৰচনাকাল : ১৯৯৭

[ ১২ ]

কবিতা

জোনাক ভাল নালাগে বুলি তাই গুচি আহি এতিয়া মোৰ ইয়াতে আছে
মোৰ ইয়াৰ সকলোবোৰ নদী তাইৰ বাবে
সোণাৰুসেৰীয়া ধান, ৰিব্-ৰিবাই নাচি থকা মৰুৱা আবেলিটো
তাই সুখৰ বাবে— মৃন্ময় প্ৰেম।

তাই সকলোবোৰ জানিও মোৰ সতে পানীত নামিব খুজিছে
সাতুৰি-নাদুৰি তাই ছিঙি আনিব তেজীমলাৰ ফুল—
পাৰলৈ উঠি আহি মোক আৱৰি ধৰিব, কবিতাৰ পাহে-পাহে
বিৰিঙি থকা মই এক কাতৰ অনুচ্চাৰিত শব্দ।


ৰচনাকাল : ১৯৯৮

[ ১৩ ]

ব’হাগ

চালে চকুৰোৱা তোমাৰ নিৰাভৰণ সেউজীয়া
অচিন আবেলিটোৱে আগচি ধৰি আছে তোমাৰ চিকুণ
বনস্পতি মুখ।

ঠিকনা ল’বলৈ তোমাৰ বুকুত নামিছিল এদিন বাউল কবি
চৰাই এটাই খুটিয়াই
তাক তুলি নি গাঁঠি দিছিল কোমল সেউজীয়া পাতত,
তাৰ কামিজৰ সিয়নিত আছিল মৌ সনা প্ৰেমৰ সপোন
লিখা-নিলিখা অযুত মাটিৰ আখৰ।

পথাৰৰ দাঁতিত বাঁহী এটা খুচি নৈখনে এতিয়া
ৰিঙিয়াই মাতি আছে তোমাক
কাষত শস্যৰ ঋতু-পুষ্পিতা গাঁও
সুহুৰিয়াই কিৰীলিয়াই ভাগি আহিছে জীয়া ধনশিৰি।

ৰচনাকাল : ১৯৯৮

[ ১৪ ]

নাও

মোৰ সৰু পালতৰা নাওখনি পানীযুঁৱলীৰ পৰা তুলি আনি
নীৰৱে তোমাৰ চকুলোত তিয়াই থব খুজিছোঁ।

বাৰিষা-বাৰিষা গোন্ধাইছে আকাশ
মেঘবাৰে সুহুৰিয়াইছে
মাছবোৰে ডিঙি মেলি চাইছে সুৰুয-মুখী সুদিন।

বুকুৰ সুজলা নৈখন ক’ত থওঁ
কেনেকৈ ধান দাবলে’ যাওঁ, বুকুখন বিষাইছে
মোৰ সৰু ঘৰটো কঁপিছে;

আহাঁ আমি সাঁতোৰো পানীৰ পৰা পানীলৈ
আহাঁ আমি নাওবাওঁ,
আহাঁ আমি নাওবাওঁ চুকলোৰ পৰা চকু-সোণোৱালী দেশলৈ।

ৰচনাকাল : ১৯৯৮

[ ১৫ ]

মাহ আৰু ঋতু

মাহ আৰু ঋতু-জীৱন আৰু জীৱন বীক্ষা
এই সকলোবোৰ কৰ্পূৰৰ দৰে উৰি যাব ধৰিছে।
ধোঁৱাৰ দৰে কুণ্ডলী পকাই পকাই উৰি গৈছে আমাৰ মহাকাব্যিক জীৱন গাঁথা।
কেৱল সময়বোৰক ধৰি ৰাখিছে এই প্ৰাচীন শিলবোৰে
হাতীৰ ছালৰ দৰে গছৰ এই উখহা পিঠিবোৰেই হয়তো নিৰ্বোধ সোঁৱৰণী,
ইয়াতেই এদিন সত্য আৰু প্ৰেম আছিল
সুন্দৰৰ শিলালিপিৰে গাঁথা আছিল তাহানিৰ সেই উৎকৰ্ণ জীৱন।

পকাধানৰ গোন্ধ হৈ উৰি যাব ধৰিছে মাহ আৰু ঋতু,
এক অচিন অৰণ্যত নামিছে শইচময় সুজলা পৃথিৱী
কোনে কাৰ বাবে ধৰি ৰাখিব এই অমৃত পোহৰ।

ৰচনাকাল : ২০০১

[ ১৬ ]

দুখত ফুলা ফুল

দুখত ফুলা ফুল পাহ কাৰো নহয়— সিপাহ মোৰ হাতৰ ফুল
আদৰ দিব নজনা বাবেই ফুল পাহৰ ইমান দুখ
মই ৰুব নজনা বাবেই ফুল পাহৰ ইমান অসুখ
তাইৰ তিৰ্ বিৰ্ চকুলোত মোৰ উশাহৰ আবিৰ
মই কোলাত তুলি লওঁ ফুলপাহৰ শুভ্ৰতা আৰু সততাক
চুমা খাওঁ চকুৰ সেউজীয়াত
ওঁঠত মোৰ দুখ লাগি আহে
সেই দুখৰ সাঁচ মই গুচাব নোৱাৰো কোনোকালে।

মোৰ দুখতকৈ তাইৰ দুখ নীলা
তাইৰ দুখতকৈয়ো মোৰ দুখ আৰু নীলা
দুখ নীলাবাবেই কাহানিও চুব নোৱাৰি শুদা হাতেৰে
দুখ চুবলৈ হাতত লাগে দুই-তিনিটা প্ৰেমৰ কবিতা।

ৰচনাকাল : ২০০২

[ ১৭ ]

চাকি

সদায় চাকিটোত অলপ চকুলো ভৰাওঁ
নহ’লে সি দুখতো নপৰে-নজ্বলেও
গান জনা হলে সিও গালেহেঁতেন জীৱন কি যে এক অনিন্দ্য গান
নিছিঙে-নাভাগে-নগলে এই শিলাময় জীৱন।

সদায় চাকিটোকলৈ এন্ধাৰত বহো
ভৰাবলৈ কেতিয়াবা চকুলোও নাথাকে তেতিয়া ভাবো তেজকে ভৰাওঁ
ভয় লাগে জানোচা যি আছে সিও গুচি যায় অহা বাটে
তেতিয়া থাকিব ক’ত প্ৰেমৰ ঘুলিটো
সেউজীয়া কলিজাটো কাৰ ওমত থাকিব যদিহে নাথাকে চকুলো-তেজ।

চাকিটোৰো কিজানি জীৱন আছে- সি কেতিয়াবা আনৰ দুখ বুজি
নিজৰ চকুলোৰে জ্বলিব খোজে
তাৰ চকুলোবোৰো নিমখীয়া

কাৰণ সি মানুহক অনুসৰণ কৰে— মানুহ যিদৰে জ্বলে
সিও জ্বলিব শিকিছে।

ৰচনাকাল : ২০০২

[ ১৮ ]

জীৱন গধূলি

জীৱন গধূলিৰ হালধীয়া ৰং সানি কোন বৈতৰণিত উঠিছা
কাৰ সতে কথাপাতি ঈশ্বৰৰ উৎসৰ্গিত শ্যামলীমাময় সাজ পিন্ধি
কি গীত জুৰিছা বান্ধৈ—

তেজ আৰু প্ৰেমেৰে নুৰিয়াই নুৰিয়াই গঢ়িছা বুকুৰ মহঙা সপোন
নীৰৱ আকাশত শুই থাকি কিয় ভাল পোৱা নিমাখিত তৰা এটাৰ দৰে,
কেনেকৈ যে কুৰুকি কুৰুকি সোমাই যোৱা বুকুত
তেজৰ তলৰ শিপাবোৰত ধৰি কিয় চিঞৰা
যি চিঞৰ আৰ্ত্তনাদ আৰু বুভুক্ষাৰ চিঞৰ
কিয় খামুচি ধৰি আছা এন্ধাৰৰ এই জীপাল পতা

নামি আহিছা সুউচ্চ গৰ্বিত পৰ্বত খনিৰ পৰা
বান্ধি আনিছা বুকুত ঈশ্বৰৰ উৎসৰ্গিত মানুহৰ কৰুণ দিনলিপি
জীৱন গধূলিৰ হালধীয়া ৰং সানি উঠিছানে উঠিছানে
উঠিছানে জীৱনততৈ দীঘল মৃত্যুৰ বৈতৰণিখনিত—

ৰচনাকাল : ২০০২

[ ১৯ ]

সুখ

আমি সকলোৱে সুখ বিচাৰি চলাথ কৰো পৃথিবী
পিছে আমি কিমানে বুজো সুখৰ অৰ্থ, ক’ত থাকে সুখ-সুখৰ ৰং কি—
সুখ বতাহ নে— সুখ পানীনে’
কি দিলে পাতলি যায় দুখৰ চামনি, কি ঘহিলে ফুৰ্ ফুৰীয়া সুগন্ধি হয়
দুখৰ সুৰভি;
সুখ বিচাৰি উৰি ফুৰে চৰাই
সুখ বিচাৰি পকি আহে ধান, সুখ বিচাৰি পূৰঠ হয় আমলখী
সুখ বিচাৰি পানী বৈ যায় পানীলৈ জীৱন বৈ যায় মৃত্যুলৈ।

তথাপি এক ধূসৰ গধূলি এই সুখৰ অৰ্থৰ
সুখ চাগে দুখৰেই অন্য এক প্ৰতিলিপি
সুখ নাথাকিলে দুখো নাথাকে
দুখ নাথাকিলে নাথাকে চকুলো
সেই বাবেই চাগে’ মানুহ মাত্ৰেই কবি, সুখে-দুখে, পেটে-ভাতে
বুকুত প্ৰেমৰ চাতক এজনী বান্ধি।

ৰচনাকাল : ২০০৩

[ ২০ ]

জীৱন

ভাগৰুৱা জীৱন— দুখৰ ভৰত কঁপি থকা উষ্ণতাহীন এক নিৰলস জীৱন
জীৱনটো পাৰ কৰি পঠিওৱা নৈ খন ক’ত, নাওখনি কেনি
নাৱৰীয়াই কি গীত গালে ভটিয়াই যায় জীৱন
গৰখীয়াই কি নামেৰে মাতিলে কলমলাই উঠে বুকুৰ পানী চকুৰ পানী—
জীৱনৰ কিমানলৈ তেতিয়া পলস পৰে
ডিঙিৰ কিমানলৈ কূট-কূটনি উঠে।

পিছল জীৱনটো ধৰি ৰাখিব পাৰা যদি ধৰি ৰাখা
বুকুত সুমুৱাই লোৱাৰ জোখাৰে যদি প্ৰেম আছে আদৰ কৰা এই জীৱন
পানীত খেলিব নিদিবা তাক, জুইত নামিব নিদিবা তাক
অকলশৰে তাক এৰি নাযাবা ঘাঁহনিত
ঘাঁহনি পালেই সি সেউজীয়া হ’ব, সেউজীয়া হ’লেই
সি চৰাই এটা হৈ উৰি গুচি যাব।

জীৱনৰ শিপাত ঢালি দিয়া এচলু পানী
চিকুনাই দিয়া তাৰ হাবি বননি, গুৰিত চপাই দিয়া সাৰুৱা প্ৰেম-চকুলো
এদিন সৰু পুলিটো ডাঙৰ হৈ বৰ গছ হ’ব
তাৰ ছাঁ বোৰেই হ’ব জীৱনৰ ছাঁ
মৃত্যুৰ ক্ষণ গণি থকা কলিজাৰ কাতৰ উশাহ।

ৰচনাকাল : ২০০৩

[ ২১ ]

গোমা

গোমা আজি তাইৰ মুখখনি গোমা— বৰষুণ দিব আজি তাই
জাকৈ বাই মাছ পোৱা নাই— ঘিলা খেলি জিকা নাই,
সূতা ছিগিছে তাঁত বৈ সুখ পোৱা নাই— আখলত জুই নাই
ফুল ফুলিছে আমোল-মোল সুৰভি নাই, সেই বাবেই তাইৰ মুখখনি গোমা
তাই গিজ্ গিজ্ কৈ বৰষুণ দিব আজি
ছাতি নোহোৱাবোৰে আমি জোলোকা জোলোকে তিতিম।

গোমা হৈ থাকিলে তাইৰ মুখ, জুতি নাথাকে ভাতৰ পাতত
লিখা-নিলিখা সকলো একাকাৰ
জানোচা তাইৰ হ’য় অসুখ’ অসুখত তাই দিব জানো ৰ’দ
ৰ’দ নাথাকিলে সকলো কথা ভেঁকুৰ
ভেকেটা ভেকেট গোন্ধ এটাই থিতাপি ল’ব ঘৰৰ পদূলিত
নপকিব ধান— নপকিব সুমথিৰা
নজ্বলিব জুই— নুশুকাব বাটৰ বোকাপানী।

সেই বাবেই গোমা হৈ থাকিলে আইৰ মুখ বাঢ়ি আহে মোৰ দুখ
গোমা বতৰতেই কেতিয়াবা গুচি যাম সিটোপাৰে
য’ত আছে গুচি যোৱা সকলো কবি চিত্ৰকৰ কৃষক-বনুৱা পদযাত্ৰী।

ৰচনাকাল : ২০০৩

[ ২২ ]

নগৰ

আহক আমি নগৰত উঠো
ধোঁৱাবোৰৰ সতে ফেৰ মাৰো, নগৰৰ চৰাই খেদো
আহক আমি বিপৰ্যস্ত পথচাৰী হওঁ,
হালধীয়া কাঁহ মাৰো-বিসৰ্জন দিও এই জীৱন-নিসৰ্গ

মোৰ খোজবোৰ ঠিকে আছেনে ঠিকে আছেনে
আপোনাৰ হাতখন ঠিকে ধৰি আছেনে সিখন হাতেৰে
নিলে-নিলে জেপ লুৰুকাই নিলে মোৰ ঠিকনাটো—
উটি গ’ল ঐ’ উটি গ’ল আমাৰ দীঘল ছাঁবোৰ
লাচিতৰ হেংদান তলৰ ভটিয়লী নদীৰে উটি গ’ল।

নাপাহৰো-নাপাহৰো হে মহানগৰ
তুমি যি দৰে আছা
সেই দৰেই তোমাক নাপাহৰো।

ৰচনাকাল : ২০০৩

[ ২৩ ]

ৰচি

কেৱল ৰচি খৰেই শেষ কথা নহয়— ৰচিৰ এটা ঘূৰণীয়া ফাঁচ লগা গাঠি,
তাৰ পাছতহে ফাঁচি—
এৰালৰ ৰচি, কয়দীৰ হাতৰ ৰচি— তাবিচৰ ৰচি,
সকলো ৰচিৰেই কাৰণ আছে সকলো ৰচিৰেই ভাষা আছে
অথচ সিহঁতে বোবা হৈ সহি থাকে যন্ত্ৰণা।

ফাঁচিৰ ৰচিবোৰৰেই সবাটোকৈ যন্ত্ৰণা
সিহঁতে দেখি থাকে এতিয়াও কুশল-মণিৰাম-পিয়লিৰ ডিঙি
ৰচিবোৰে শুনি থাকে দূৰৈৰ ৰেলগাড়ীৰ ঝক্-ঝক্ শব্দ
ৰচিবোৰে চাই থাকে সিহঁতৰ পেশীৰে বান্ধি টানি নি আছে কৰুণ মৰাশ।

ৰচিক ৰচিৰে বান্ধি নিব পাৰি দূৰলৈ ৰচিক ৰচিৰে ঠগিব পাৰি
ৰচিক ৰচিৰে বান্ধি-বান্ধি সাজিব পাৰি ৰচিৰ পুতলা

ৰচিৰে সাজিব পাৰি চাবুক
তেনে এক নেদেখা ৰচিৰে বান্ধি ৰাখিব পাৰি আজন্ম অহেতুক প্ৰেম,
যি ৰচিৰে বান্ধ খাই আছে মানুহ-ঈশ্বৰ-বিশ্বাস আৰু সততাৰ পৃথিৱী।

ৰচনাকাল : ২০০৩

[ ২৪ ]

তৰা

তৰা এটাৰে তুলনা কৰি থাউনি নোপোৱা এই তৰাৰ তৰালি
টোমৰ তুহ জুই জ্বলাদি উমি উমি এদিন টুকিবা চকুলো
দুপৰ ৰাতিৰ বিননিত টোপনি নাহি বান্ধিব চকুত বিষ জাল—
মনত পৰিব সেই তৰুণ তেজৰ গান,
হেঁপাহৰ ফুল পাহ মোহাৰি নিদিবা (হেঁপাহৰ উৰ্দ্ধত আৰু আছে কি?)
গুণ-গুণাই তৰা এজাক নহ’বা তৰা হ’লে পুষ্পিতা হ’ব তোমাৰ,
ৰুণ্-জুন নূপুৰৰ চকুলো সানি কাৰ বাবে বৈ আছে এই নৈ
হেৰুৱা নৈখন ক’ত হেৰুৱালা’ দুখৰ পাহাৰ বান্ধি
কোন বাটৰুৱাক ভেটা দিছা।

জীৱনৰ ভটিৱনী সুৰ এটাই কঁপাব তোমাক, যদিহে তোমাৰ নাম তৰা
যদিহে আছে তোমাৰ এটি পুৰণি প্ৰেমৰ ঘুলি
উঠিব তাত এদিন বা-মাৰলিৰ চাকনৈয়া’
তোমাৰ কপালত দেখোন সেয়া চিকুণ ফুটছাই, অকাই পকাই বগাইছে
আঁকাশ-
যদিহে তোমাৰ নাম তৰা
তেন্তে আহিবা আহিবা এদিন জীয়া ধনশিৰিৰ বালিত
তুলনা কৰিম তোমাক পানীৰ তলৰ তৰা এটাৰে—।

ৰচনাকাল : ২০০৪

[ ২৫ ]

গৰখীয়া

মোৰ পথ মুকলি ফেৰ-ফেৰীয়া এই আকাশী নদী, ঘৰচিৰিকা যেন মোৰ টঙী
বাঁহী বাই-বাই মই খেদো মোৰ নিমাখিত নিৰ্জনতা,
দৈনন্দিন পাঠ কৰো সুখৰ স্তুতি— দুপৰীয়াৰ নিৰিবিলি সুহুৰিত
মোৰ উশাহ’ সন্ধ্যাৰ বৰষুণত মোৰ সঘন ভ্ৰমণ
পথাৰ-পাহাৰ, দলনি-দোপনি।

মই বিচাৰি ফুৰিছো মোৰ হেৰুৱা সুঁতি
কোন বাটেৰে গুচি গ’ল গাই- দামুৰি, খং-অভিমান-হ্ৰস্ব দীৰ্ঘ প্ৰেমৰ অনুশীলন
উভতি আহিবনে সেই সুদিন
ফুলিবনে সোণাৰু জক্ মকাবনে সৰিয়হ তলিৰ সেই আকুল দৃশ্য

ৰচনাকাল : ২০০৪

[ ২৬ ]

মৃত্যু

বুজিব নোৱাৰি মানুহৰ ভিতৰৰ কথা বহুতে চুকত থাকি খুলি খায় বুকু
কোনে বাৰু বুজিব পাৰিছে।
মানুহৰ এই ৰহস্যৰ পকনীয়া,
ঈশ্বৰে বুজি পায়নে? তেতিয়াহ’লে কিয় পোনবাটে নিনিয়ে মানুহক
মানুহৰ মৃত্যুইহে খুলি দিয়ে জীৱনৰ শেষ ৰহস্য
মৃত্যু সেইবাবেই চিৰ শাশ্বত॥

ৰচনাকাল : ২০০৪

[ ২৭ ]

জাল

জালৰ মাজেৰে সৰকি যায় মাছমৰীয়াৰ ঘাম-চকুলো-প্ৰেম,
জালে বুজি পায়— সি তুলিব নাজানে ঢৌৰ মাছ,
জালে মাথোঁ জুখিব জানে জীৱন,
তাৰ সজাৰ খিৰিকীৰে পাৰ হয় মাছমৰীয়াৰ প্ৰতিনিয়ত দিন-ঋতু-মাহ।

চিকাৰীৰ জালত পৰে সিংহ’ নিগনিয়ে কূটে জালৰ মন্ত্ৰ
চৰাইবোৰে নাজানে কূটিব সেই বাবেই চৰাই বন্দী হয় ব্যাধৰ হাতত
সেই বাবেই চাগে’ জালক ভয় কৰে মানুহেও
কাৰণ মানুহে ভেদ কৰিব নোৱাৰে মায়াময় এই জালৰ ৰহস্য।

জালৰ ৰহস্য মাথো সিয়ে বুজে যিয়ে নুৰিয়াই নুৰিয়াই গাঁঠে জাল,
এদিন-দুদিনকৈ আমি জালত সোমাইছো,
জালৰ শেষত কি জাল তুমি জানানে হে অমৰাৱতীৰ মাছমৰীয়া—

ৰচনাকাল : ২০০৪

[ ২৮ ]

নদী

চপ্ চপীয়া বঠাৰ সুৰত সুহুৰিয়াই উঠিছে অকলশৰীয়া ৰূপালী নদী
সিপাৰৰ ঘাটত
নুমাই যাব খোজা বেলিটোৱে শীতৰ পাটিখনিত মাতিছে তাইক।

অকলশৰে জীণ যাব খোজা গাঁও এখন সঙ্গী তাইৰ
নাৱৰীয়া এজন তাইৰ প্ৰেমিক
কাকনি বাঁহৰ মৰুলি এটিৰ প্ৰেমৰ উদ্বাউল তাইৰ দীঘল জীৱন।

নৈখনে হেৰুৱাব নোখোজে মানুহ
কাৰণ মানুহে তাইক তুলি-তালি কৰিছে ডাঙৰ
সেইবাবেই নৈখনে মানুহক দিয়ে নিৰ্মলতা প্ৰেম-পানী-চকুলো
আৰু এখন নীলা ফৰকাল আকাশ।

ৰচনাকাল : ২০০৪

[ ২৯ ]

গাঁও

দূৰণিৰ অৰণ্যৰ সিটো পাৰে সেউজীয়া সপোন ৰচা মোৰ গাঁও
বাৰিষাৰ চকুপানীৰে জলক-তবক
গাওঁ-নাগাওঁকৈ ভৰদুপৰত প্ৰেমৰ গান
গাঁওখনিত মোৰ সুজলা মাটি— ভালপোৱাৰ চিকুণ গধূলি।

দূৰণিৰ বতাহৰ সতে লাই-হালে জালে, তিৰ্ বিৰ জোনাকী দৃশ্য
পকাধানৰ প্ৰেমত মই নতজানু কবি
অনন্তকাল মই তোমাৰ সুহৃদ-দলিচা পাৰি বৈ যায় মোৰ সুগন্ধি নৈ।

দূৰণিৰ গাঁওখনিত এতিয়া লহিয়াইছে বেলি
চৰাইবোৰৰ কিৰীলিত সৰিছে-সৰা পাত, ঘৰে ঘৰে ধূপ-ধূনা,
দুখত উচুপিছে পানী, আমোল-মোল পদূলি।

প্ৰেমৰ ভৰত দোঁখাই এতিয়া পকাধানে সুহুৰিয়াইছে,
নিতৌ মই গা-ধোৱা নৈখন পিছল হৈ পৰিছে,
বগা চাদৰখন লৈ জোনটোৱে পুখুৰীত নামিছে
চৰাই জাকে আঁকিছে আঁক্-বাক-কাজল মেঘালী দৃশ্য।

সেই বাবেই মই সদায় উভতি খোজকাঢ়ো
মোৰ গাঁৱৰ চিকুণ হালধীয়া বাটটোৰে
মাটিবোৰক চুমাখাওঁ— ফুল ছিঙাৰ দৰে আঙুলি বুলাই
তুলি লওঁ মাটি,
চৰাই জাকৰ সতে কথাপাতো বিনিময় কৰো শইচৰ প্ৰেম।

ৰচনাকাল : ২০০৪

[ ৩০ ]

আত্মকথা

এটা কথা মই এশবাৰ আওৰাব খোজো, গছৰ পৰা শিপা
নে শিপাৰ পৰা মানুহ
নে মানুহৰ পৰা শিল— শিলালিপি, প্ৰাচীন শিলাস্তম্ভ

দৰাচলতে সকলো সত্যই গোপন আত্মকথা; আত্মকথাৰ পৰাই কাব্য,
কাব্যৰ পৰা মহাকাব্য
আপাতত সকলোৱেই ঈশ্বৰৰ কিয়দংশ।

মই এশবাৰ প্ৰতিবাদ কৰিব খোজো
তোমালোকৰ স্থলন দেখিও নৈখন বৈ থাকে কিয়
শিলবোৰে কিয় চুই থাকে নদী,
গছবোৰে পাহাৰ, ঢৌবোৰে সাগৰ আৰু মেঘবোৰে
কিয় চুমা খাই থাকে তোমাৰ কজলা চুলি

মই এশবাৰ তোমাক ক’ব খোজো মই ভালপোৱা বহু শিলৰ মাজৰ
তুমিও এটা’ মই ৰোৱা বহু ফুলৰ মাজত তুমিও এপাহ;
তুমি কিছুদিনৰ পৰা ৰু-ৰুৱাই জ্বলিছা
শীতৰ ঋতুতো ঘামিছা
তুমি মেৰিয়াই ধৰিছা পাহাৰ-অৰণ্য-গছ লতা।

সকলোৱেই এতিয়া কুৰুকি কুৰুকি সোমাই আহিছে মোৰ বুকুত
মোৰ বুকুৰ ভিতৰত জ্বলিছে
সাপ এটাৰ দৰে মেৰিয়াইছে মোক
ভাঙি পেলাব খুজিছে মোৰ কঁকাল খামুচীয়া দেহ

মই এতিয়া নিউটনৰ আপেলটোৰ দৰে পকি আহিছোঁ
পকি আহিছে মোৰ হালধীয়া শব্দ-গাঁথা—।

ৰচনাকাল : ১৯৯৯

[ ৩১ ]

বিপন্ন মুখ আৰু প্ৰতিনিয়ত তেজৰ সময়
(সন্ত্ৰাসবাদীৰ হাতত নিহত সকলৰ সোঁৱৰণত)

খঙাল বতৰ, মুখ ঠেকেচা খাই আপোচৰ সূত্ৰত বন্দী নোহোৱা
প্ৰতিনিয়ত তেজৰ সময়।
এতিয়া ঘৃণাৰ ঋতুৱে মানুহক সোঁৱৰাই দিব খোজে
সিহঁত যে এদিন নখাল-জগদ্দল প্ৰাণী আছিল নগ্ন কুন্ধচ আছিল
সিহঁতৰ মাক অথবা বাপেকৰ কোনো নিজা সংজ্ঞা নাছিল যে
সিহঁতেই প্ৰতি শিশুৰ প্ৰকৃত তেজৰ অধিকৃত দেৱতা আছিল
যাৰ বাবে সিহঁতে মন গলেই থুকুচি-থুকুচি খাব পাৰে
মৃত্যুৰ ভোজ-তেজৰ পানীয়।

এতিয়া প্ৰতিনিয়ত তেজৰ সময়। মাত নুফুটা শিশু চিঞৰেৰে কঁপি উঠে
অৰণ্য, লজ্জাত শিল হৈ পৰে চৰাই-প্ৰতিনিয়ত প্ৰেমৰ গধূলি
কোনেও কাৰো পক্ষে সমৰ্থন নকৰা
বিপন্ন প্ৰস্তাৱ একোটাৰে কুন্ধচ হৈ পৰে জীৱন গৱাক্ষ
গাঁৱে-চহৰে মানুহক খেদি ফুৰে এতিয়া নখাল-আপচু
মৃত্যুৰ ঠিকনা এটাই।

নিৰলাত সোঁৱৰা কবিৰ অৰুন্ধতী দিন আৰু অলস ৰাতিবোৰ
এতিয়া পচি থাকে আলিয়ে গলিয়ে
সংজ্ঞাহীন শিল এটাৰ দৰে শুই থাকে অৰণ্য, উন্মাদনাত চট্ ফটাই থাকে
চৰাই, বৰষুণ আৰু ৰূপালী নদীৰ ছাঁ।

কি সুখত এতিয়া আকাশে চাকি চাব মাটিৰ লুণীয়া স্বাদ
কোন গৰখীয়াই বাঁহী বাই বাই মাতাল কৰিব পনীয়ল গধূলি
এতিয়া প্ৰতিনিয়ত তেজৰ সময়,
ঘৃণাৰ ঋতুৱে কাঢ়ি নিয়ে পথাৰৰ বতাহ
লজ্জাত খহি পৰে আকুলতাৰ বেলি।

আত্মপক্ষৰ সূত্ৰত লেকেতীয়াই থকা আমাৰ জীৱন চাকি
কোনে আহি পোহৰাই দিব আমাৰ ৰুদ্ধ চেঁচা পঁজা
কোনে আহি ঢাকি ধৰিব বিপন্ন মুখ আৰু প্ৰতিনিয়ত তেজৰ সময়।

ৰচনাকাল : ১৯৯৮

[ ৩২ ]

পাত থকা শিল এটা দিব পাৰিছিলো জানো তোমাক

ধুমুহা-গাজনিৰ চুবুৰী এটিৰ মাজে-মাজে তোমাক বিচাৰি গৈছিলো
সিদিনা ৰাতি এটা নামিছিল জীয়াধনশিৰিত
মাত নুফুটা শিশুৰ কলকলনি শুনিব খুজিও উভতি আহিছিলো
বুটলিব খুজিও হাত কোঁচাই আনিছিলো
শামুকৰ খোলাত চিৎ খাই লাহ যোৱা গধূলি এটি দেখি।

তুমি কাতৰ হৈ হাত মেলি খুজি থকা স্বত্বেও আনি দিব পৰা নাই
সোণাৰু ফুলৰ বাগিছা,
সন্তৰ্পণে কেতিয়াবা দিছিলো জানো তোমাক এধাৰি শোক গাঁথা পাত থকা
শিল এটা দিব পাৰিছিলো জানো তোমাক,
এটা মাটিৰ ঘৰ
উৱলি যোৱা এখন ছৱি আৰু এটা তেজৰ কবিতা।

ৰ’দ নাথাকিলে
ভেকুৰ হৈ পৰে এতিয়া তোমাক ক’ব থকা কথাবোৰ
সপোনৰ ধনশিৰিত কোনে এক বাউল কবিয়ে উচুপি উঠে
হাতত শিল এটা লৈ, পাত থকা হ’লে
দিলোহেঁতেন তোমাক কবিৰ হাতৰ সেই আৰক্ত চিঠি

তুমি চাই ল’ব লাগিছিল কবিৰ হাতৰ সেই ৰং
তোমাৰ তেজতকৈয়ো ৰঙা আছিল সেই অতনু প্ৰেম।

ৰচনাকাল : ১৯৯৮

[ ৩৩ ]

জলছৱি

সকলোবোৰ গাঁও আৰু হাইতালৰঙী চুবুৰীৰ পৰা ভাগি অহা কিমান যে মানুহ
সকলোৰে মায়াময় মুখ, নিচুকণি চকুত জলাতঙ্ক ৰাতিৰ মুদ্ৰা,
ক’ৰ পৰা কোন বাটেৰে গুচি যাব শিয়ালী ৰাতি—
কাৰ ওঁঠৰ টপ্ টপ্ বৰষুণত ঘুমটি ভাঙি বৈছিল নদী,
সকলোৱে হাত খুলি চাই আছে মাটি, কাতৰ আঙুলিৰে সিহঁতে
জুখি চাইছে জীৱন।

আচলতে কাৰ নখৰ জোকাৰণিত সিহঁত কঁপিছিল এদিন

এক অনন্তকাল সিহঁতে চাই ফুৰিছে ছৱিৰ ছৱি। তেজৰ পৰা জলছৱিৰ
আৰম্ভ, ভটিয়নী সোঁতত সিহঁতৰ গাঁও—
নিচুকণি চকুত জলাতঙ্ক ৰাতিৰ ছাঁ
ক’ৰ পৰা কোন বাটেৰে গুচি যায় সোণালী জাহাজ।

কোনেওতো জনা নাছিল ইয়াতে এদিন সকলোৱে হাত খুলি বিচাৰি পাব মায়া
কোনেও বুজা নাছিল কাৰ চাতুৰিত বুৰ গৈ আছিল সিহঁত
এতিয়া তেজৰ পৰা জলছৱিৰ আৰম্ভ। ক’তো ধান নাই
ৰিক্ত জীৱন।

ৰচনাকাল : ১৯৯৮

[ ৩৪ ]

আই

সেউজীয়া গছৰ দৰে মোৰফালে হালি আছে মোৰ চেনেহৰ আই সুখ-দুখ
আৰু শূন্যতাৰ দিনতো আইৰ মুখত মাঘৰ মাটিৰ মৗ সনা গান, আয়ে নাজানে
জীৱনৰ কুঁহিপাঠ— যোগ-বিয়োগৰ সৰল বৰ্ণমালা
মোৰ আয়ে নুবুজে নগৰ-মহানগৰ, কাৰখানা-পাঠশালাৰ কৌণিক ভংগিমা
আয়ে মাথো জানে তেওঁৰ চকুৰ মণিত মই এটি চিকুণ ৰ’দালিৰ পুৱাঁ,
ধপ্-ধপাই চৰাই উৰি গুচি গলে আয়ে ভাৱে অৰণ্য তাৰ ঘৰ তাৰো আছে
নিজা পৰিচিতি
যিদৰে মানুহৰ থাকে ঘৰ এখন শান্তনাৰ নদী,
দুখৰ-চাবি-কাঠি বন্ধ কৰি এদিন মই ধুনীয়া দিন এটা আনি আইৰ কোচত
দিম’ আয়ে ভাৱে মই খালে সিও খাব
এগাল ভাতেৰে পূৰ হ’ব আমাৰ দুখৰ গল্প গোৱা ৰুগ্ন দিন-ৰিক্ত প্ৰহৰ।

এইবোৰ মোৰ চেনেহৰ আইৰ কথা
সুখতো মোৰ আই— দুখতো মোৰ আই
যোগ নেওতা নজনা সুজলা মাটিৰে গঢ়া মোৰ আই
ধোঁৱা বৰণীয়া মোৰ আই।

আজিকালি ক্ষণে প্ৰতি আইৰ হাত দুখনি কঁপি উঠে
জুনুকাৰ দৰে বাজি উঠে আইৰ যাতনাৰ বুকু
আইক আজি-কালি প্ৰশ্ন কৰো ক’ত শিকিছিল দুখৰ স্বৰলিপি
কুৰুকি-কুৰুকি বুকুত সোমাই কিহে খাই খুলি-খুলি
কি প্ৰত্যয়ত আমাৰ এই জীৱন, কি নিচাত এই মায়াৰ বাগিছা—

আয়ে নাজানে উত্তৰ;
আয়ে মাথো জানে— যি গানে কঢ়িয়াই আনে পোহৰ
সেই বাবেই মোৰ আই— মাতৃ’ সুখতো-দুখতো জীৱনৰ অভিযাত্ৰী।

ৰচনাকাল : ২০০৪

[ ৩৫ ]

কবিতাৰ অন্তৰ্বাস

দোকমোকালিতে উটি আহে নৈখনিৰ গোপন ঢৌৰ এটা সেউজীয়া অংশ
প্ৰতিটো নতুন ঘাটতে চিনাকি হয় পক্ষীবোৰে,
মাছবোৰে জাউৰিয়ে জাউৰিয়ে সেউজীয়াত বুৰ যায়
আৰু ধৰি আনে পিয়াপি দি ফুৰা শীতৰ ঠেৰেঙা ছন্দ।

শামুকবোৰে পিন্ধি আহে ঢৌৰ অন্তৰ্বাস
পক্ষীৰ ঠোঁটত লাগি আহে পানীৰ জোন, প্ৰতিটো শংখই
আঁকি আনে শিলৰ নমুনা

এনেকৈয়ে গোন্ধায় দোকমোকালিৰ প্ৰতিখন শান্ত সমাহিত নৈ
পালতৰা নাওৰ ছোৱালীবোৰ গোন্ধায়
প্ৰতিছাটি বতাহ একোটা গানৰ দৰে বৈ আহে
জাহাজৰ নৃত্যৰ পাছে পাছে

সন্ধিয়া হলেই নৈখন অৰণ্যৰ নাভিকুণ্ডত নামে
হাবিয়নী ভাঙি বৈ আহে পাহাৰ-ৰাতিৰ একোখনি প্ৰসূতী বাগিচা।

দোকমোকালিতে নৈখন উটি আহে এন্ধাৰৰ পৰা
উটুৱাই আনে মানুহৰ তেজৰ ছাঁ
প্ৰেমৰ ঋতুত বাঢ়ি অহা মানুহৰ কলিজাৰ চেগুণ।

ৰচনাকাল : ১৯৯৬

[ ৩৬ ]

বাঁহী

ফাটিপৰা দুপৰীয়া— গীতটি গাই-গাই কিয় বাউল কৰিছা
তোমাৰ পুৱাৰ তেজাল মুখ,
নিতৌ বৈ আহে কেঁচা সুঘ্ৰাণ, তুমি হাতত থূপাই ৰাখিছা
গৰখীয়াৰ সেই হাত— ফেৰ্-ফেৰীয়া পথৰুৱা সেউজীয়া।

গছভাঙি সৰি আছে পাতৰ জোন
তুমি বুটলি ৰাখিবা-বুকুৰ দুৱাৰ নুখুলিবা, জ্বলাই নথবা চাকি
উধাতু খাই সোমাব বতাহ’ ফাটি পৰা দুপৰীয়া
তিৰ্ বিৰ্ তাৰ ৰ’দালী চকুলো।

বৰষুণত তিতি বুৰি শুই আছে দীঘল শস্যৰ বাট
এইবাটেৰে ধান দাৱলৈ নাহিবা
নৈৰ দাঁতিত জোকাই নলবা-গৰখীয়া
হাত নেমেলিবা-ছিঙি নানিবা পানীৰ ভিতৰৰ পানীতৰা।

প্ৰেমৰ ভৰত ফাটি পৰা দুপৰীয়া বৈ আহিছে কেচা সুঘ্ৰাণ
তুমি বুটলি ৰাখিবা
বুকুৰ দুৱাৰ নুখুলিবা মিছাতে জ্বলাই নথবা কলিজাৰ চাকি।

ৰচনাকাল : ১৯৯৬

[ ৩৭ ]

গুৰু শঙ্কৰ

আজানুলম্বিত হে গুৰু শঙ্কৰ- মাথো এবাৰ চাই যোৱাহি তোমাৰ এই অত্ৰাহি
ভকতৰ জীৱন
এবাৰ চাই যোৱাহি তোমাৰ এই ঘাম আৰু তেজৰ কীৰ্ত্তন-ভাগৱত—
গুণমালাৰ সুৱৰ্ণ ৰং—
চাই যোৱাহি তোমাৰ এই দেশ-মাটি, সৰিয়হ তলি
চুই দিয়াহি এবাৰ এই আকাশী গঙ্গা— লুইতৰ বগী বালি,
চাই যোৱাহি চিহ্নযাত্ৰা, বজায় যোৱাহি এবাৰ এই বৰকাঁহ-খোল-মৃদঙ্গ-তাল,
হে গুৰু শঙ্কৰ চাই যোৱাহি চাই যোৱাহি তোমাৰ ভাগৱতৰ
আজি কি এক অবিৰত শোভাযাত্ৰা।

তোমাৰ সেই মহী-কাপেৰে সজোৱা পুৰাতন শব্দবোৰ
এতিয়া আমাৰ বুকুৰ মাজলৈ উঠিছে— বৰকাঁহৰ দৰে বাজিছে
সেউজীয়া পাতৰ দৰে কঁপি-কঁপি ওখ বিৰিখত উঠি, গাইছে এক সুৱদী
বনৰীয়া গান।

জীৱনৰ কিমানলৈ পানী বুৰিলে বাৰু এই জীৱন বহু জীৱনৰ সমতুল্য হয়
কিমান তললৈ নামিলে এই জন্ম মৃত্যুৰ সমজোখাৰ হয়
গাবলৈ পাৰিম নে এই জীৱনতকৈ দীখল-ওখ সুদূৰৰ গান
যিগান হ’ব তোমাৰ দৰে প্ৰেমময় য’ৰ পৰা উৰিব ফুৰফুৰীয়া মাটিৰ সুগন্ধি।
তোমাৰ এই অনন্তময় যাত্ৰাৰ শেষৰ পৰা আমাৰ এই যাত্ৰা
কেনেকৈ সাঁজো এই উকা পৃথিৱী,
ক’ত ৰোঁও গছ-লতা, ক’ত আঁকো বতাহৰ নক্সা,
দুখ-দৈন্যতাৰে উপচা আমাৰ এই প্ৰেমৰ টঙী
ক’ত ৰাখো সযতনে তোমাৰ এই অনিৰ্বাণ সুৰ আৰু প্ৰজ্ঞা
কেনেকৈ ফু-মাৰো তোমাৰ এই নীলা বাঁহীত
কেনেকৈ বাঁও চপচপীয়া এই জীৱন নাওৰ বঠা,

আজানুলম্বিত হে অবিৰত অনন্ত পুৰুষ
তুমি মোৰ গুৰু, মৃত্যুৰ ইপাৰৰ-সিপাৰৰ কৌটি যোজন বাটৰ।

ৰচনাকাল : ২০০২

[ ৩৮ ]

শইচৰ প্ৰেমত

দাৱনীজাক ওভতিছে— সিহঁতৰ বুকুৰ পৰা নিগৰিছে মলমলীয়া গোন্ধ
যেতিয়া সেউজীয়া আছিল পথাৰে ৰিঙিয়াই মাতিছিল দুপৰীয়াৰ ৰ’দ
ৰ’দ পাই ৰঙা হ’ব আৰু দুদিন পাছত তাৰ শীহত যৌৱন আহিব,
গৰখীয়াই চুই যাব তাৰ দেহ—
আৰু কিছুদিন পাছত তাৰ বুকুত ম’হ যুঁজ-মেজিৰ জুই
পিৰালিতে বহি থপিয়াই আনি তৰা চাম জোনবাই চাম
ঘিলা খেলি ধূলিয়ৰী হ’ব তাৰ চোতাল।

এতিয়া বালিৰ ধুমুহাই উৰুৱাইচে দাৱনীৰ কুকুহামন
নৈৰ কোবাল পকনীয়াই ভাঙিছে কামিহাড়
জ্বলি ছাই হৈছে মাঘৰ মাটিৰ ভোগালী সপোন
যাতনাত পাহাৰখনৰ দৰে খহি পৰিছে শইচৰ প্ৰেম
ক’তো নিৰ্মলতা নাই ক্লিষ্ট জীৱন—৷

ৰচনাকাল : ২০০৪

[ ৩৯ ]

সুহৃদ

কিমান দ’লৈ শিপাইছে বন্ধু তোমাৰ জীৱন গছৰ শিপা
শিপাই ঢুকি পাইছেনে আকাশ
শিপাই বুজি পাইছেনে এই বাট অন্তহীন যোজনৰ বাট,
কোনে বুজিব এই মায়াৰ মায়া ক’ত
শেষ ক’ত এই অনিদ্ৰা-অসূয়া অনৰ্থতাৰ
পাহাৰৰ দৰে থিয় হৈ থাকি কি লাভ
যদিহে নাথাকে অৰ্থ জীৱনৰ,
কি অৰ্থ— তোমাৰ হাতৰ এই চাবুক-যুদ্ধ-পত্ৰ-তেজৰ সন্ধিৰ
কি অৰ্থ— কি অৰ্থ তোমাৰ এই ছায়াময় উন্মনা দেহৰ।

নুমাই আহিছে ক্ৰমে জীৱন চাকিৰ সূৰ্যমুখী সুদীৰ্ঘ দিন
নিজানে নিৰলে ক্ৰন্দন আবাল—বৃদ্ধ বনিতাৰ
বতাহত বিষ-পানীত বিষ
ওৰেটো ৰাতি কাটিব-ছিঙিব মোৰ খোজৰ তলৰ শিপা

কিমান দিনলৈ বন্ধু এই চেপা উশাহ
হাতত সাৰে ভৰিত সাৰে গুচি যাবানে
সেই দেশলৈ অজান্তিমলুকলৈ—৷

ৰচনাকাল : ২০০৩

[ ৪০ ]

কবিতা

গুণ-গুণনি এটা শুনিছোঁ—য’ত বজোৱা নাই তোমাৰ বাঁহী
ঝৰ-ঝৰণি শুনিছোঁ
য’ত কোনো কালে বৈ অহা নাই পাহাৰী নদী।

এই বননিত নুশুনাকৈ শুনিব পাৰি
নোচোৱাকৈ চাব পাৰি
মাথো নুশুঙাকৈ শুঙিব নোৱাৰি— বিষ ফুল,

এই বননিৰ যি বাটেৰে তুমি খোজকাঢ়া সেই বাটৰ কোনো দিশ নাই
তুমি যি দিশেৰে গুচিযোৱা
সেই দিশত মই নাই।

তুমি নথকা দেশ নাই, মাটি-পানী-বায়ু সৰ্ব্বব্যাপী তোমাৰ তেজ
তোমাৰ উত্তাপেৰে আমাৰ দিন,
আমাৰ দিনৰ ৰাতি নাই— ৰাতিবোৰক পোহৰ কৰা তুমি
উত্তাপৰ চুমা খায়,

সেই বাবেই তোমাক চুই চাই ৰ’দে-আজীৱন বুৰাই ৰাখে বৰষুণে
ওমান নোপোৱাকৈ
তোমাক খুলি খুলি খায় হালধীয়া জোনটোৱে।

ৰচনাকালঃ ২০০৪

[ ৪১ ]
 

আঘোণ

আঘোণ বুলিলেই একালত হাতে-ভৰিয়ে কেঁচা সোণ
ধান দাই ওভতে এপৰ-এবেলা,
শাওনত নে কাতিতে বান্ধি থোৱা দুখৰ টোমনি
চৈ বান্দি গুচি যায় ঘোপ মৰা এন্ধাৰ আফালি—৷

ৰচনাকালঃ ২০০৪

[ ৪২ ]

শস্য তেজৰ অন্য ঋতু

শস্য তেজৰেই এক অন্য ঋতু, তেজক পানী কৰি
কৃষকে কৰি চাই খেতি আহে যদি আহক এগৰাহ ফচল্
নদন-বদন পথাৰত ৰিঙিয়াই নাঙলৰ গান,
কৃষকে বিচাৰি নুফুৰে আলাউদ্দিনৰ চাকি
দুবেলা দুমুঠিৰে পোনাদুটিৰ জীয়াই থাকিলে মুখৰ হাঁহি
সেয়াই কৃষকৰ সুখৰ দিন।

তুলসী তলৰ চাকি জ্বলি’ ফৰকাল মন— আকাশ মুকলি,
ধান দাবলৈ আৰু কেইদিন
আঙুলিৰ মূৰত দিন গণি মনবৰ যায় অহা বাটে গুচি—

সেইবাবেই শস্য তেজৰ অন্য ঋতু
ৰ’দে-বৰষুণে টিকি তেজক পানী— পানীক তেজ
অকলে-নিৰ্জনে গুচি যাব নোৱাৰি- বুকুত শস্য-ঋতুৰ সুগন্ধি
যি বাটেৰে পোনাই গ’লে সহজে পাই দুবেলা দুমুঠি
সেই বাটেৰে মনবৰ যায়
দিন-দিনান্তৰৰ পদ্য-গদ্য, ৰুৱনী-দাৱনী সামৰি।

ৰচনাকাল : ২০০৪

[ ৪৩ ]

মৃত্যু

মৃত্যু সকলোতে— আনকি অন্ধলাৰ টিপ-চহীতো।

ৰচনাকাল : ২০০৪

[ ৪৪ ]
 

ভুল

বাৰে বাৰে ভুল কৰো
আচলতে ভুলৰ পাঠ্য পুথি পঢ়োতে ভুল
কুঁপিপাঠ ভুল, ভুল জীৱনৰ জৰীপ— ভুল—মৃত্যুৰ সৰীসৃপ।

ৰচনাকাল : ২০০৪

[ ৪৫ ]

অমিল

এদিন শুনিছিলো পাতিদিলে কৰুণ হাত
নামি আহে দেশ মাটি, স্বকাল স্বদেশী
এতিয়া এটকাত দুটা তিল
ভাবি চোৱা জীৱনৰ ক’ত অমিল।

ৰচনাকাল : ২০০৪

[ ৪৬ ]

শূন্য

মোৰ শূন্য তোমাৰ শূন্য দেউতাৰ শূন্য
শূন্য ভড়াল শূন্য চোতাল
কি ভাবোতে কি ঢুকাল
ফুলৰ মাজৰ ফুল শুকাল

ৰচনাকাল : ২০০৪

[ ৪৭ ]

কলম

কলম মোৰ সুহৃদ-বাঞ্চিত সুকৃত
কলমে বঢ়াই মোৰ সুদিন
কলমে-কলমে বাঢ়ি আহে প্ৰাচুৰ্যৰ দেশ
কলমৰ বাবে নালাগে- নালাগে স্বৰ্গদেউৰ আদেশ

ৰচনাকাল : ২০০৪

[ ৪৮ ]

পিয়লা

প্ৰেম দিয়া এপিয়লা
কোন সৰগৰ নিয়ৰেৰে তোমাৰ চকু টিয়ালা।

ৰচনাকাল : ২০০৪

[ ৪৯ ]

গান

গাবা নেকি এটি গান
তিৰ্ বিৰাই আছে মোৰ কলিজাৰ ধান।

ৰচনাকাল : ২০০৪

[ ৫০ ]
 

চৰাই

তুমি চৰাই হ’লে ময়ো চৰাই হ’ম
তুমি পৰ হ'লে
ময়ো পৰ হ’ম।
মাথো তোমাৰ মোৰ পাৰ্থক্য থাকিব মৃত্যুৰ দিনা।
মৃত্যু আজি বা কালি চেগ্ বুজি ওলাই থাকিবা সাজি-কাচি।

ৰচনাকালঃ ২০০৪

[ ৫১ ]
 

কোনেও নুশুনা গান

কোনেও নুশুনা গান এটা গাম আজি
এই গান মৃত্যুৰ দিনা কন্দা গান— এই গান সবাতোকৈ পিছত গোৱা গান
এই গানৰ শেষ নাই— এই গান শইচৰ অনূদিত জীৱন।

ৰচনাকাল : ২০০৪

[ ৫২ ]

বিহু মাৰোগৈ ব’লা

বিহু মাৰোগৈ ব’লা ভন্টীহঁত বেগতে ওলা
ফাগুণ আহি বসন্ত পালেহি
ঢোল বাই মনবৰ পালেহি
অ’ ৰহিমলা
বুকুত চাদৰখনিলৈ বেগতে ব’লা।

ৰচনাকাল : ২০০৪

[ ৫৩ ]
 

এটা ভাল দিনৰ বাবে

এটা ভাল দিনৰ বাবে কবিতা লিখো আহা
শান দিও শব্দবোৰত যেন চিক্‌চিকীয়া ইস্পাতৰ তৰোৱাল।

ৰচনাকাল : ২০০৪

[ ৫৪ ]
 

খেল

খেলিব নাজানিলে নালাগে খেলিব সেই খেল
যি খেলত থাকে মৰি মৰি জী থকাৰ
বিষাক্ত শেল।

ৰচনাকালঃ ২০০৪

[ ৫৫ ]
 

ঘৰ

নিৰ্জনতা মোৰ নিমাখিত ঘৰ
ইয়াতেই পুৱাই মোৰ কবিতাৰ প্ৰাত্যহিক প্ৰহৰ।

ৰচনাকাল : ২০০৪

[ ৫৬ ]
 

চকুলাে

দুখৰ পাছত যদিহে নিগৰে চকুলাে— দাম আছে
সেই চকুলােৰ
সেই অনুতপ্ত চকুলােত বিষাদ ভৰপূৰ
পলে-পলে বাজি থাকে তাত যন্ত্রণাৰ নূপুৰ।

ৰচনাকাল : ২০০৪

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।