পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুবাদ

শিল এটাৰ পৰা অনূদিত এই হাত আৰু হাতুৰীবোৰ
এই ৰাজপথ, কুঁৱা আৰু খটখটিবোৰ
তাৰেই অনূদিত-এক অমল সেউজীয়া পৃষ্ঠা

অৰণ্যৰ পৰা
তোমাৰ ঘৰ, দুখৰ ৰাতিৰ এন্ধাৰ আৰু গছৰ ছাঁবোৰ
নামি আহিছে—
অনূদিত হৈ আহিছে সুদূৰৰ বতাহৰ দৃশ্য
আৰু কবিতাৰ উৎসৱ।

মাছবোৰে চামুচেৰে তুলি আনিছে সাগৰৰ পানী
চৰাইজাকে আঁকি আনিছে
আকাশ—’
নাবিকবোৰে বা-মাৰলি আৰু জাহাজ মাস্তুল

বৰষুণৰ পৰা অনূদিত এই শব্দ
এই গান অক্ষয়িষ্ণু ৰ’দৰ নিবৰ্ণ অনুবাদ।

ৰচনাকাল : ১৯৯৫

শস্য তেজৰ অন্য ঋতু/১