পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব’হাগ

চালে চকুৰোৱা তোমাৰ নিৰাভৰণ সেউজীয়া
অচিন আবেলিটোৱে আগচি ধৰি আছে তোমাৰ চিকুণ
বনস্পতি মুখ।

ঠিকনা ল’বলৈ তোমাৰ বুকুত নামিছিল এদিন বাউল কবি
চৰাই এটাই খুটিয়াই
তাক তুলি নি গাঁঠি দিছিল কোমল সেউজীয়া পাতত,
তাৰ কামিজৰ সিয়নিত আছিল মৌ সনা প্ৰেমৰ সপোন
লিখা-নিলিখা অযুত মাটিৰ আখৰ।

পথাৰৰ দাঁতিত বাঁহী এটা খুচি নৈখনে এতিয়া
ৰিঙিয়াই মাতি আছে তোমাক
কাষত শস্যৰ ঋতু-পুষ্পিতা গাঁও
সুহুৰিয়াই কিৰীলিয়াই ভাগি আহিছে জীয়া ধনশিৰি।

ৰচনাকাল : ১৯৯৮

শস্য তেজৰ অন্য ঋতু/৫