পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিতা

জোনাক ভাল নালাগে বুলি তাই গুচি আহি এতিয়া মোৰ ইয়াতে আছে
মোৰ ইয়াৰ সকলোবোৰ নদী তাইৰ বাবে
সোণাৰুসেৰীয়া ধান, ৰিব্-ৰিবাই নাচি থকা মৰুৱা আবেলিটো
তাই সুখৰ বাবে— মৃন্ময় প্ৰেম।

তাই সকলোবোৰ জানিও মোৰ সতে পানীত নামিব খুজিছে
সাতুৰি-নাদুৰি তাই ছিঙি আনিব তেজীমলাৰ ফুল—
পাৰলৈ উঠি আহি মোক আৱৰি ধৰিব, কবিতাৰ পাহে-পাহে
বিৰিঙি থকা মই এক কাতৰ অনুচ্চাৰিত শব্দ।


ৰচনাকাল : ১৯৯৮

৪/শস্য তেজৰ অন্য ঋতু