শান্তি-সুখ-সমৃদ্ধিৰ সপোনক বিচাৰি পাইছে। কবিয়ে অজানিতে বাস্তৱ-জীৱনৰ জটিল পৰিস্থিতিৰ পৰা নিলগত ৰৈ মনৰ মাজত আমনি কৰা সপোনৰ সুন্দৰ পৃথিৱীখনত জীয়াই থাকিবলৈ বিচাৰিছে। সেইবাবেই আমাৰ এই গৰাকী তৰুণ কবিৰ কবিতাত প্ৰকাশ পোৱা নাই বাস্তৱ পৃথিৱীৰ জটিল ছবিখন। অৱশ্যে পৰোক্ষভাৱে কবিয়ে আধুনিক জীৱনৰ কথাকেই উল্লেখ কৰিছে যদিও যন্ত্ৰণাৰ আঘাতত ক্লান্ত হৈ পৰা মানুহৰ দৃঢ় প্ৰতিবাদৰ কণ্ঠস্বৰ কবিৰ কবিতাত শুনিবলৈ পোৱা নাযায়।
কবিগৰাকীৰ কবিতাত শুনিবলৈ পোৱা যায় পৃথিৱীক অকৃত্ৰিমভাৱে ভালপোৱাৰ কণ্ঠস্বৰ—
(ক) “পথাৰৰ দাঁতিত বাঁহী এটা খুচি নৈখনে এতিয়া
ৰিঙিয়াই মাতি আছে তোমাক
কাষত শস্যৰ ঋতু— পুষ্পিতা গাঁও” (বহাগ)
(খ) এক অচিন অৰণ্যত নামিছে শইচময় সুজলা পৃথিৱী
কোনে কাৰবাবে ধৰি ৰাখিব এই অমৃত পোহৰ।”
(মাহ আৰু ঋতু)
প্ৰতিটো ঋতুৰ মাজত মানৱ-জীৱনৰ শুভ-মুহূৰ্তৰ সন্ধান পাইছে। মানুহৰ বাসোপযোগী এখন সুন্দৰ পৃথিৱীৰ কল্পনাৰে কবিয়ে পৰোক্ষভাৱে মানৱতাবাদক আদৰি লোৱাৰ বাবে আহ্বান জনাইছে।
তৰুণ কবিগৰাকীৰ প্ৰায়খিনি কবিতাত মননশীলতাৰ পৰিচয় জিলিকি আছে। কবিৰ ভাষাক সংবেদনশীলতাই পৰশি আছে। অৱশ্যে জীৱনৰ জটিল ৰূপৰ ছবিখন অংকন কৰোঁতে সীমিত অভিজ্ঞতাই কবিৰ চিন্তাক প্ৰশস্ত কৰি তুলিব পৰা নাই। পুনৰুক্তিৰ ক্ষেত্ৰত কবি সতৰ্ক হোৱা উচিত।
আৰু এষাৰ কথা কবিক কৈ থওঁ। বাস্তৱ-জীৱনক অস্বীকাৰ কৰি সাৰ্থক কবিতা ৰচনা কৰিব পৰা নাযায়। আমাৰ তৰুণ কবিগৰাকীয়ে বাস্তৱ-জীৱনৰ অভিজ্ঞতা আহৰণ কৰাৰ লগতে কাব্য-চিন্তাক বিস্তৃত কৰি তোলাৰ অৰ্থে বিশেষ মনোযোগ দিব লাগিব।
শস্য তেজৰ অন্য ঋতু’ৰ মাজত তৰুণ কবিগৰাকীৰ যাত্ৰাৰ আৰম্ভণিত সম্ভাৱনাখিনি জিলিকি উঠিছে আৰু প্ৰতিটো কবিতাত আন্তৰিক প্ৰচেষ্টা প্ৰকাশ পাইছে। সাৰ্থক কবিতা ৰচাৰ বাটত কবিয়ে অধিক পৰিশ্ৰম কৰাৰ কামনা কৰিলো। আমি আশা ৰাখিছো— নতুন নতুন সৃষ্টিৰে কবিয়ে নিজৰ পৰিচয় উজুলাই তোলক।
জু-ৰোড তিনিআলি, গুৱাহাটী (ৰবীন্দ্ৰ বৰা)