পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নগৰ

আহক আমি নগৰত উঠো
ধোঁৱাবোৰৰ সতে ফেৰ মাৰো, নগৰৰ চৰাই খেদো
আহক আমি বিপৰ্যস্ত পথচাৰী হওঁ,
হালধীয়া কাঁহ মাৰো-বিসৰ্জন দিও এই জীৱন-নিসৰ্গ

মোৰ খোজবোৰ ঠিকে আছেনে ঠিকে আছেনে
আপোনাৰ হাতখন ঠিকে ধৰি আছেনে সিখন হাতেৰে
নিলে-নিলে জেপ লুৰুকাই নিলে মোৰ ঠিকনাটো—
উটি গ’ল ঐ’ উটি গ’ল আমাৰ দীঘল ছাঁবোৰ
লাচিতৰ হেংদান তলৰ ভটিয়লী নদীৰে উটি গ’ল।

নাপাহৰো-নাপাহৰো হে মহানগৰ
তুমি যি দৰে আছা
সেই দৰেই তোমাক নাপাহৰো।

ৰচনাকাল : ২০০৩

১৪/শস্য তেজৰ অন্য ঋতু