সমললৈ যাওক

পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নদী

চপ্ চপীয়া বঠাৰ সুৰত সুহুৰিয়াই উঠিছে অকলশৰীয়া ৰূপালী নদী
সিপাৰৰ ঘাটত
নুমাই যাব খোজা বেলিটোৱে শীতৰ পাটিখনিত মাতিছে তাইক।

অকলশৰে জীণ যাব খোজা গাঁও এখন সঙ্গী তাইৰ
নাৱৰীয়া এজন তাইৰ প্ৰেমিক
কাকনি বাঁহৰ মৰুলি এটিৰ প্ৰেমৰ উদ্বাউল তাইৰ দীঘল জীৱন।

নৈখনে হেৰুৱাব নোখোজে মানুহ
কাৰণ মানুহে তাইক তুলি-তালি কৰিছে ডাঙৰ
সেইবাবেই নৈখনে মানুহক দিয়ে নিৰ্মলতা প্ৰেম-পানী-চকুলো
আৰু এখন নীলা ফৰকাল আকাশ।

ৰচনাকাল : ২০০৪

২০/শস্য তেজৰ অন্য ঋতু