পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাও

মোৰ সৰু পালতৰা নাওখনি পানীযুঁৱলীৰ পৰা তুলি আনি
নীৰৱে তোমাৰ চকুলোত তিয়াই থব খুজিছোঁ।

বাৰিষা-বাৰিষা গোন্ধাইছে আকাশ
মেঘবাৰে সুহুৰিয়াইছে
মাছবোৰে ডিঙি মেলি চাইছে সুৰুয-মুখী সুদিন।

বুকুৰ সুজলা নৈখন ক’ত থওঁ
কেনেকৈ ধান দাবলে’ যাওঁ, বুকুখন বিষাইছে
মোৰ সৰু ঘৰটো কঁপিছে;

আহাঁ আমি সাঁতোৰো পানীৰ পৰা পানীলৈ
আহাঁ আমি নাওবাওঁ,
আহাঁ আমি নাওবাওঁ চুকলোৰ পৰা চকু-সোণোৱালী দেশলৈ।

ৰচনাকাল : ১৯৯৮

৬/শস্য তেজৰ অন্য ঋতু