পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯০
[৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

চতুৰ্থ দৃশ্য

[পাঠান শিবিৰৰ ভিতৰৰ সুসজ্জিত ৰঙ্গমণ্ডপ]

[ তুৰ্ব্বক, হুছেন খাঁ, কাছিতাৰা, লেহিতিয়া তাজু খাঁ, গিয়াছবেগ, নছৎ খাঁ ইত্যাদি বহি থাকে ]

নৰ্ত্তকীবিলাকৰ গীত

 আমি সুৰেৰে বিলাওঁ অমিয়া!
ৰূপেৰে বিলাওঁ ৰূপৰে মোহনি,
  ভাগৰত জুৰণি দিয়া ঐ চেনেহী
   ভাগৰত জুৰণি দিয়া।
চকুৰে বিলাওঁ মোহৰে মদিৰা—
  হাঁহিৰে বিলাওঁ হিয়া ঐ চেনেহী
   হাঁহিৰে বিলাওঁ হিয়া।
বুকুৰে বিলাওঁ বুকুৰে কথাটি,
  কেতিয়া আহিব পিয়া ঐ চেনেহী
   কেতিয়া আহিব পিয়া।

 নছৰৎ—[ ৰুমালেৰে নৰ্তকীবোৰক ‘বিছি বিছি ] আহাহা! একেবাৰে ঘামি জামি দম বন্ধ হোৱা যেন হৈ গৈছে! আহাহা কি কষ্ট পাইছে! মই বিছি দিওঁ। মই বিছি দিওঁ! আহাহা! কি খুবচুৰৎ তোমালোকৰ আওয়াজ! কি খুবচুৰৎ চেহাৰা! খুবচুৰৎ তোমালোকৰ নাচ!
 তাজু—খাঁ চাহাব দেখিছোঁ একেবাৰে—গলি গ'ল।
 নছৰৎ—গলি নেষাবা! তোমাৰ দিলত আচল চিজেই