পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৭০
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 চুৰেং---আপুনি দেৱতা। মোৰ সেৱা লওক। মোক ক্ষমা কৰক।

[ কণচেঙক সেৱা কৰে ]

 কণচেং-বন্ধু ভাবে আলিঙ্গন দিয়া ভাই। তোমাৰ ঠাই তাত নহয়।

[ বুকুত সাবটি ধৰে ]

 এতিয়া ব’লা! এবাৰ তোমাৰ পিতাৰ সাক্ষাৎ কৰি আহে। বিদ্ৰোহীৰ দৰে তোমালোক মুক্ত কৰিছোঁ, ৰাজ আজ্ঞাৰ অপেক্ষা কৰা নাই। আৰু এক মুহূৰ্ত পলম হোৱা হলে, ইয়াকো-কৰিব নোৱাৰিলোহেতেন। ব’লা কেৱৰ। এবাৰ সুধি চাওঁগৈ—তোমালোকৰ দণ্ডাজ্ঞা ৰহিত কৰেনে নকৰে।

 চুৰেং—যদি নকৰে!

কণচেং—যদি নকৰে! একো ভয় নাই। অন্য ব্যবস্থা হব। ব’ল, এবাৰ সুধি চাওঁ। যদি অলপ সুস্থ হৈছে সৌ দেবীকো লৈ যাওঁ।

 মূলা—সুস্থ অলপ হৈছে।

 হেলা---বাইদেউ। মই ক’ত? কি হ’ল!

 মূলা—একো হোৱা নাই; দেৱতাই আপোনাক ৰক্ষা কৰিলে। আপুনি এতিয়া মুক্ত।

 হেলা—মোৰ এনে সুখৰ মৰণত কিয় বাধা দিলে বাইদেও!