পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ৰ্থ দৃশ্য ]
১৯৫
নগা কোঁৱৰ

ঠিক নাই! মোৰ বিশ্বাস নহয় যে সিহঁতে ইমান সোনকালে ক্ষান্ত হব।

 লেহে—হয় জনাব। আমি এতিয়াৰে পৰা নিশ্চিন্ত হলে নহব! আমি প্ৰস্তুতহৈহে থাকিব লাগে আৰু পাৰিলে আগ বাঢ়িবৰহে ব্যবস্থা কৰিব লাগে।

 তুৰ্ব্বক—আপোনালোকৰ উপদেশ মতেই ইমান দূৰ আগ বাঢ়িছোঁ। বাৰু, আপোনালোকৰ বুদ্ধি মতেই কাম কৰিব লাগিব! ভাবি চাওঁ, কালিলৈ পৰামৰ্শ কৰিম। এতিয়া যাওক আৰাম কৰকগৈ! আদাব!

[ সকলোৰে প্ৰস্থান ]

—পটপৰে—


পঞ্চম দৃশ্য
ৰণস্থল
[তুৰ্ব্বক, হুছেন, কাছিতাৰা, তাজু, লেহেতীয়া আৰু নছৰৎখাঁৰ প্ৰবেশ ]

 তুৰ্ব্বক—যি কৈছিল আপোনালোকে দোস্ত, সকলো ঠিক! আপোনালোকৰ পৰামৰ্শ নোলোৱা হলে দেখিছে। সৰ্বনাশেই হ'লহেঁতেন! এইবাৰ সিহঁতৰ আয়োজন দেখিছোঁ বেলেগ ৰকমৰ।