পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০২
[৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 তুৰ্ব্বক—ৰক্ষা নাই নাৰী! সাজু হ!

 মূলা—তয়েনে তুৰ্ব্বক! লাগে! লাগে মোক তোৰে কেঁচা তেজ!

 [ মূলা আৰু তুৰ্ব্বকে খুঁজি থাকোতেই মুহিলাৰ হাতত নছৰ পৰে। হেলাৰ হাতত লেহেতীয়া পৰে। লেহেতীয়াৰ বুকুত হেলাই তৰোৱাল বহুৱাই দিয়ে আৰু পিছ ফালৰ পৰা কাছিতাৰা আহি হেলাৰ পিঠিত তৰোৱাল বহুৱাই দিয়ে। ]

 কাছি—এয়ে তোৰ শাস্তি পিশাচি!

 হেলা-নৰাধম! উস্! স্বামী—গু—ৰু! [ মৃত্যু ]

[ মুহিলাই কাছিতাৰাক আক্ৰমণ কৰে ]

 মুহিলা—মৰ নৰকী—মৰ এইবাৰ!

 [ “আল্লাহু আকবৰ” বুলি কিছুমান পাঠান সেনাৰ প্ৰবেশ আৰু সকলোৱে মূল মুহিলা আৰু নাৰী সেনাক একেলগে আক্ৰমণ কৰি সকলোকে বধ কৰে ]

 মূলা—বিশ্বাসঘাতক—নৰকতো ঠাই নেপাবি! নোৱাৰিলোঁ! কণচেং! চুৰেং! চুখ্ৰেং! বাকী তোমালোকে কৰিবা। যোৱা সতী—যা মুহিলা—জগতত অক্ষয় কীৰ্ত্তী ৰাখি গলা! স্বামী—গুৰু—তোমাৰ হত্যাৰ কণা মাত্ৰ শোধ কৰিলোঁ ! চৰণত ঠাই—দি—বা প্ৰ—ভূ। [ মৃত্যু]

 তুৰ্ব্বক—আউৰৎ বিলাকেও যুদ্ধ কৰে! এনে তোফা! বাস্তবিক ইও এটা জাতি! জীৱনত এয়ে প্ৰথম দেখিলোঁ। এনে যুদ্ধত মৰিও গৌৰব!

⸺⸺

—অঙ্ক পতন-