পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮৬
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 চেংদৈ—বাৰু সেইবোৰ এতিয়ান এৰা। পেঠানৰ সাত পুৰুষৰ সাহ নাই চেংদৈক ধৰি নিয়ে, সেইটো ভয় নেসাবা! পিছেন যদি পেঠান নে কি সেইবোৰ সঁচাকৈয়ে মানুহ—সেই মানুহবোৰকে কাটিবনে?
 সোন্দৰ—সুদাত নো তোক কথা নজনা বুলিছোনে চেংদৈ! ৰণনো বুলিছে কিহক? মানুহ কটাই তো ৰণ। সেইবোৰকে কাটিবলৈ তোন ওলাইছে ডাঙৰীয়ানী সকল কাছি পাৰি! তয়ো যেতিয়ান ওলাইছ যা। মোৰ সেই জপাতে শেল দিয়া এৰিয়াৰ চুৰিয়া সন আছে সলাই ল। মূৰত পাগুৰী এগছ মাৰি ল। ঢেকি ঠোৰাটো হাতত ল। তাৰ পিছত ৰামকৃষ্ণ বুলি সুধি যা এফালৰ পৰা পেঠান।
 চেংদৈ—গাভৰুদেওহঁতে দেসোন চুৰিয়া সলোৱা নাই! ৰিহা মেসেলাৰেই গৈছে।
 সোন্দৰ—চুৰিয়া জপাত নিছে তাত গৈ সলাবগৈ। তোক ইয়াতে এতিয়ান সলাবলৈ কৈছোঁ কেনে দেসি সোন্দৰে এবাৰ চাই লওঁ। আকৌ বা কেই দিনৰ মূৰত দেসা পাওঁ।
 চেংদৈ—ইস্ আমি সেই সন নোৱাৰ পাহে! ৰণ সনকে নেচাওঁ যদি নোৱাৰোঁ। বাৰেওটি কাল গ'ল চুৰিয়া সন নিপিন্ধাকেই, এতিয়ান লাগিছে চুৰিয়া সন! বাৰু পিছেন পেঠান মোসানো মতানে তিৰোতা নি!
 সোন্দৰ—বাৰু তোৰ নে কেনে যেন মনে ধৰে? চুৰিয়া বাৰু নিপিন্ধ এতিয়ান নেলাগে। তেও লগত হলে লৈ থবি, তাতগৈ কৰবাত লাজত পৰিবিগৈ।