পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ৰ্থ দৃশ্য ]
১৯৩
নগা কোঁৱৰ
[ নৰ্ত্তকীবিলাকৰ আকৌ গীত ]

পদুম হেলনীয়া সাঁচে-সাঁচে
 জোনবাই জুমি চাই নাচে।

মেঘৰে আঁৰতে তৰা চিকেমিকায় জোন নো কাচন কাচে,
বিলৰে বুকুতে কিহে চিকেমিকায় কোনে নো ফুটুকি বাচে।
 হিয়া মোৰ লগতে নাচে।
কোনে নো বীণ বায় কোনে নো গীত গায়
 কোনে নো নুচৱাই নাচে----
কোনে নো আঁকি যায় বুকুতে ছবিটি
হিয়ালৈ হিয়াটি যাচে—যাচে
 সপোনৰ আঁচে---আঁচে।


নছৰং-ক্যা বাৎ! ক্যা বাৎ! ক্যা তোফা! [ নৰ্তকীবোৰ চৰবৎ দিয়ে]

 খাই লোৱা দিলজানহঁত! খাই লোৱা! হুজুৰালিহঁত খুব খুছি হৈছে! খুব খুছি হৈছে। ইমানপৰ মূৰ দুপিয়াই তোমালোককে নজৰ কৰি আছে! বাঃ! কি তোফা গালা! কি তোফা নাচিলা! একেবাৰেই যেন বেহেস্তৰ পৰী নামি আহিল!

 তুৰ্ব্বক—দোস্ত! একেবাৰেই দেখোন নিমাত! নাচ গান বৰ ভাল লগা নাইনে কি?

 লেহেতীয়া—খুব ভাল লাগিছে জনাব! খুব ভাল লাগিছে।

 ১৩