পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ
[ যোদ্ধবেশে মূলা আৰু হেলাৰ প্ৰবেশ ]

 মূলা—মোৰ পিছে পিছে ফুৰি কিয় ইমান-কষ্ট কৰিছে গাভৰুদেও! এতিয়াতে আপুনি মোৰ সমানে কষ্ট কৰিব নোৱাৰিব! মই এতিয়া–চামুণ্ডা! মৃত্যু মোৰ বাঞ্চনীয়, মই মৃত্যুক বিচাৰি ফুৰিছোঁ! আপুনি মোৰ অনুসৰণ কৰি কিয় কষ্ট কৰিছে গাভৰুদেও! পত্নীৰ যে পতিসেৱা হে প্ৰথম কৰ্তব্য! তাৰ পিছত আন।

 হেলা—জানো বাইদেওঁ পতিসেৱাই পত্নীৰ প্ৰথম কৰ্তব্য! সেই উদ্দেশ্যেই আপোনাৰ সঙ্গিনী হৈ ৰণস্থলত আহত পতিৰ সেৱা কৰিম বুলি আহিছিলোঁ—কিন্তু স্বামী যে মোৰ আগেয়েই ৰাজধানীলৈ যাত্ৰা কৰিলে!

 মূলা—চুক্লেন কোঁৱৰ ৰাজধানীলৈ গ'ল! মোকতো আপুনি—এই বাৰ্তা জানিব দিয়া নাই----। মই—আপোনাক বাজধানীলৈ পঠোৱাৰ ব্যবস্থা কৰি দিলোহেতেন! মই আজিয়েই সেই ব্যবস্থা কৰি দিম গাভৰুদেও! আপোনাৰ এই কৰ্তব্যতকৈ সেই কৰ্তব্য ডাঙৰ গাভৰুদেও! আপুনি—আজিয়েই ৰাজধানীলৈ যাত্ৰা কৰক।

[ মুহিলাৰ প্ৰবেশ ]

 মুহিলা—সৰ্বনাশ হ’ল গাভৰুদেও! পাঠানে চোৰাংকৈ আহি আমাক আক্ৰমণ কৰিছে! সৌৱা এই পিনলৈকে সিহঁত আহিব লাগিছে!

 নেপথ্যত—আল্লাহু আকবৰ!