পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
১৮১
নগা কোঁৱৰ

জাগ্ৰত হৈছে! আহাঁ ভাই নিশ্চয় জিনিম! ৰণে বনে ফেৰুদৰে পলাব পাঠান!

 চুহুংম্মুং—যোৱা ভাই! এই লোৱা হেংদান মোৰ।

[ কণচেঙক—নিজৰ হেংদান দিয়ে।]

 যোৱা বীৰহঁত! যোৱা চুৰেং! ক’ত আছে চুখ্ৰেং চুতেং ---যোৱা সকলোটি—যোৱা বন্ধুসব—আহোমৰ কীৰ্ত্তি ৰাখাগৈ! এবাৰ বোলা সকলোৱে-জয় আহোমৰ জয়।

 সকলোৱে—জয় আহোমৰ জয়---জয় স্বৰ্গদেও চুহুম্মুঙৰ জয়।

[ আগত কণচেং—আৰু পিছে পিছে বাকী সকলোৰে প্ৰস্থান। ]
—পটপৰে---
তৃতীয় দৃশ্য

 [দিখৌ পাৰৰ এটা সৰু পঁজা ঘৰ। চেংদৈয়ে কোছত এটা কেচুৱা লৈ চাউল জাৰি থাকে]

 চেংদৈ---হে’ পাহে কলৈনো গ’ল ঐ এতেসিনি পৰে! মোৰ নো ক’তে মৰিবৰ চিন হ’ল! কি কৰোঁ ।

[ উঠি আহি ইফালে সিফালে চায়হি]

 এতে পৰে কোনোবাসিনি পালেগৈ চাগৈ। মোৰ নো কি মৰিবৰ বাসনা হল!