নগা কোঁৱৰ/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা

[ ২০৩ ]

পঞ্চম অঙ্ক

প্ৰথম দৃশ্য

ভৰলীৰ পাৰ

 [ চাৰিওফালে জুই। পাঠান শিবিৰবিলাক কোনোটা আধাপোৰা, কোনোটো জ্বলি থাকে। পাঠান সেনা যেনি তেনি পলায়— কিছুমান আধাপো্ৰা অবস্থাত মাটিত পৰি ছাতিফুটি কৰি থাকে। কণচেং, চুৰেং, বৰবৰুৱা আৰু কিছুমান আহোম সেনা থিয় হৈ চাই থাকে।]

 কণচেং—এইবাৰ পূৰ্ণাহূতি! দিয়া জ্বালি! দিয়া জ্বালি। এনে দাবানল জ্বলি উঠক যেন পাঠানৰ চিনচাবো থাকিব নোৱাৰে। বিশ্বাস ঘাতকৰ এয়ে পৰিণাম! লাগে পূৰ্ণাহূতি! উত্তৰে ভৰলী–পশ্চিমে ভৰলী—দক্ষিণে লুইত—পুবে পাঠানৰ কালান্তক যম—কেনি পলাব—কেনি সাৰিব! তৃপ্ত হোৱা হুতাশন! তৃপ্ত হোৱা সতীৰাণী আইহঁত! তৃপ্ত হোৱা বীৰ- শ্ৰেষ্ঠ জন্মভূমিৰ সেৱকসকল! পাঠানৰ ভষ্ম ছাইৰে আজি তোমালোকৰ হত্যাৰ তৰ্পণ। যোৱা চুৰেং, যোৱা—বৰবৰুৱা উত্তৰ আৰু দক্ষিণ দুৱাৰ ৰক্ষাৰ ভাৰ তোমালোক উভয়ৰ। পূব আৰু পশ্চিমত মই আছোঁ পাঠানৰ সাক্ষাত কৃতান্ত। চাবা যেন পলোৱা পাঠানো—ভৰলীত কিম্বা লুইতত পৰিও নিস্তাব নেপায়। [ ২০৪ ]  পাঠানৰ কেঁচা তেজেৰে আজি পৃথিবী ৰঙা—যোৱা বীৰহঁত এইবাৰ লুইতৰ পানী ৰঙা কৰি দিয়াগৈ।

[ চুৰেং আৰু বৰবৰুৱাৰ প্ৰস্থান ]

 আহাঁ ভাইহঁত—আমি যাওঁ চাওঁগৈ ক’ত আছে তুৰ্ব্বক,— বঙাল নৰকী?

[ কণচেং আৰু সেনাবোৰৰ প্ৰস্থান ]

[ হাতত এডাল জাটিলৈ খুণবাওৰ প্ৰবেশ ]

 খুণবাও—দেকিচুঁ! দেকিচুঁ! কতে আৰিবি? তাতে আৰিলি—ইয়াতে আৰিলি! আৰু কেদিম! নাপায় মান কেদিম! ক’ত আৰিবি!

[ কণচেং যোৱা বাটে যায় গৈ!
[ কাছিতাৰাৰ প্ৰবেশ ]

 কাছি-নোৱাৰিলোঁ! প্ৰতিহিংসা পুৰাব নোৱাৰিলোঁ! ৰেণু! ৰেণু! পাৰ যদি পুৰাবি। পলাবৰ পথ নাই! কেনি যাওঁ! ক’ত লুকাওঁ!

[ প্ৰস্থান ]

[ বেগাই তুৰ্ব্বকৰ প্ৰবেশ ]

 তুৰ্ব্বক—সৰ্বনাশ হ'ল! ক’ত সেনাপতি? কোনো নাই! আগত শত্ৰু! পিছত শত্ৰু! ৰক্ষা নাই! কেনি যাওঁ! কত লুকাওঁ!

 কণচেং—ক’ত তুৰ্ব্বক! কত বঙাল?

 তুৰ্ব্বক—পালেহি! আৰু ৰক্ষা নাই! কি কৰোঁ?— [ ২০৫ ]

[ কণচেঙৰ প্ৰবেশ ]

 কণচেং—এইয়া ইয়াতে! কলৈ পলাবি ভীৰু? অস্ত্ৰ ল!

 তুৰ্ব্বক—তেন্তে কাফেৰ-

 [ দুয়োৰে যুদ্ধ। কণচেঙে তুৰ্ব্বকক জাঠিৰে শালি মাটিত পেলাওতেই পিছফালৰ পৰা কাছিতাৰা সোমাই—কণচেঙলৈ তৰোৱাল ডাঙাতেই খুণবাওৰ জাটিয়ে কাছিতাৰাক শালি থয় ]

 তুৰ্ব্বক—ই—য়ে—খো—দা

[ মৃত্যু]

 কাছি—উ—স    [ মৃত্যু ]

 খুণবাও—তই নঅয়—মই মাৰিম। ইমান কেদিছু—তুকে কিয় মাৰিব দিম!

[ কণচেং উঠি খুণবাওক দেখিব লাগে ]

 কণচেং-বুবু—তই! তই মোক গুপ্ত ঘাতকৰ হাতৰ পৰা ৰক্ষা কৰিলি।

 খুণবাও—পাইচুঁ ইমান কেদি পাইচুঁ! তাকে তুকে মাৰিব দিয়া নাই! মই মাৰিব ৰাকিছে। জাতি ল! যুজি পা—মই তুকে জাতি দৰিব ইকাইছে—মুৰ লকতে যুজি পা—মুৰ আততে মৰি পা।

 কণচেং—কি কৈছু বুবু—লুকুৰ কথা ক! লুকু ভালে আছে?

 খুণবাও-হাঃ হাঃ লুকু! লুকু কতা উদিছে তু! লুকুক কাই আয়ি আক’ লুকু কতা উদিছে তুৰ! [ ২০৬ ]  কণচেং—লুকু নাই! কি কলি বুবু? লুকুক খাই আহিছোঁ। মই! লুকু! লুকু! সচাকথা, মইয়ে খালোঁ! ৰাক্ষস মই—মইয়ে খাই আহিছোঁ লুকুক! উস—লুকু—

[কান্দে]

 খুণবাও — কানিলে নঅয়! জাতি ল! চেংলুং— জাতি ল!

 কণচেং—বুবু—মই যে লুকুৰ গুৰিলৈ যাবলৈ মোৰ কৰ্ত্তব্য শেষ কৰি আনিছিলোঁ। লুকু—মোৰ! ক বুবু এবাৰ শুনি লওঁ— লুকুৰ মোৰ কি হ’ল!

 খুণবাও—উনিবি—কুব ৰং পাবি—কুব বাল্‌ পাবি। তুৰ কুচি আয়িলে--সুকু পৰ্পত টিং পৰা তুকে দেকি তাকিলে। যিমান দেকিব পালে য়িমান দেকিলে—আমাৰ দেকি পাই কিমান মাতিলে কিমান নামি আয়িব কলে—একু নুউনিলে। উনিবি চেংলুং তাৰ—কি কলে—? কলে——কাকাটিক মই বৰ বাল পাওঁ বুবু—মই যাম—[ আকাশলৈ আঙুলিয়াই ] অউ তাত পৰা কাকাটিক অদায় দিন দেকি তাকিব যাম।

 আৰু উনিবি—আৰু উনিবি চেলুং! আৰু তাৰ কতা নকলে! পৰ্পত টিং পৰা জাপ মাৰি অউ পিনে—কুচি ক’ল।

[আকাশলৈ আঙুলিয়াই দেখুৱায়]

 কণচেং—লুকু—লুকু—ইমান ভালপোৱা তোৰ সেই এধানিমান বুকুখনিত। ৰাক্ষস মই—কি কৰিলোঁ।  খুণবাও—য়েই দিন পৰা তুকে বিচাৰিচুঁ! আজি পাইচুঁ! আজি আৰিব নুৱাৰ! চেংলুং—জাতি ল! [ ২০৭ ]  কণচেং—লুকুলুকু—তোক যে মই বৰ ভাল পাওঁ— [ কান্দে ]

 খুণবাও—বাল পাৱ—লুকুক বাল পাৱ—নুউনু—একু নুউলু জাতি ল—যুজি পা।

 কণচেং—কোন সৰগৰ দেবী আহিছিলি লুকু—ক্ষন্তেক নীবলে ফুলি ক্ষন্তেকতে মাৰ গলি। মোক যে চিৰদিন কান্দিবলৈ এৰি থৈ গলি! যদি তোৰ শুনিবৰ শক্তি থাকে এবাৰ শুনি যা—শুনি যা লুকু! মই—তোক বৰ ভাল পাওঁ।

 খুণবাও—ৰকিব নুৱাৰুঁ চেংলুং! জাতি ল! অৰুত পৰা জাতি দৰিব ইকাইছুঁ তুক—আজি দেখি পাওঁ কেনে য়িকিছ। আজি তুৰ বুবু লক যুজি পা—বুব আততে মনি পা!

 [ খুণবাৱে জাঠি ডাঙি লয়। কণচেঙে হাতৰ জাঠি তৰোৱাল দলিয়াই পেলাই—বুকু উদাঙ্গাই খুণবাওৰ জাঠিৰ আগত ঠিয় হয়। ]

 কণচেং—মাৰ বুবু—দে তোৰ জাঠি—মোৰ বুকুত বহুৱাই দে—মোৰ পাপৰ—প্ৰায়শ্চিত্ত হওক।

 [ খুণবাৱে ভাঙিলোৱা জাঠি দলিয়াই পেলাই কণচেঙক সাবট মাৰি ধৰে ]

 খুণবাও—নুৱাৰুঁ! নুৱাৰুঁ! চেংলুং! তই মুৰ লুকু তাকি বেচি। তুক মই লুকু তাকি বেচি বাল পাওঁ!

 নঅয়! নঅয়! লুকু অকল তাকিছে! তই নঅয় চেংলুং —তই নালাকে—মই যাম— [ ২০৮ ]  [ কণচেঙক এৰি আহি—জাঠি তুলিলৈ নিজৰ বুকুত মাৰি পৰি যায়।]

 লুকু—লুকু—

 কণচেং—কি কৰিলি বুবু—মোক মাৰিবলৈ আহি জাঠি নিজৰ বুকুত বহুৱালি! বুবু—বুবু

[ কান্দে আৰু খুণবাওৰ মুৰ কোলাত তুলি লয ]

 খুণবাও—মই আয়িলুঁ চেংলুং—লুকু অকল তাকিছে—মই যাওঁ চেং-লুং—্লু—কু

[ মৃত্যু ]

 কণচেং—গলি গই বুবু—লুকুৰ—ওচৰলৈ গুচি গলি—মোক কাৰ গুৰিত থৈ গলি বুবু! বুবু!

—আঁৰ কাপোৰ—

⸺⸺


দ্বিতীয় দৃশ্য
চৰগুৱাৰ ডেকা বজাৰ হাউলী।
[ চুক্লেন কোঁৱৰৰ কক্ষ। অকলে ৰতিমন ]

 ৰতিমন—আশাত বন্দীহৈ যলৈকে আহিছোঁ ততে ব্যৰ্থ হৈছোঁ! হে দেৱতা! হে মোৰ চিৰ আৰাধ্য! মোৰ কি কৰিলা! তোমাৰ আশাতে এই শ্মশানলৈ আহিলোঁ —আহত চুক্লেন উপলক্ষ্য মাথোন! মোৰ—দুৰ্ভাগ্য—তুমি আগেয়েই গুচি গলা! আশাৰ আশাত চাপি যাওঁ—কিন্তু

পাওঁহি হিয়ভৰা দুখ—বুকুভৰা অশান্তি! [ ২০৯ ]

[ চুক্লেন সোমাই আহে। ]

 চুক্লেন—ৰতিমন! এইয়া—ইয়াতে আছ তই! মই ইমান পৰ তোকে বিচাৰি ফুৰিছোঁ। মোৰ মন যে একেবাৰে অস্থিৰ হৈ পৰিছে—! আৰু কিমান দিন এইদৰে উৎকণ্ঠাত থাকিম। ৰণৰ বাতৰি আজিও একো নেপালোঁ। আকৌ ৰণলৈকে যাওঁ—কি কৱ ৰতিমন! এতিয়াতো মই সম্পূৰ্ণ সুস্থ। ইমান দুৰ্ভাবনা দুশ্চিন্তাত পুৰি মৰাতকৈ—আকৌ ৰণলৈকে যাওঁ।

 ৰতিমন—ময়োতো তাকেই কব লাগিছোঁ ইমান—দিন।

 চুক্লেন—যাওঁ। পিছে ইয়াৰ কামৰ কি হব! এইখিনি সময়েই—বৰ সুবিধাৰ আছিল। বাজধানীত উহুল মুহুল নাই— বেছি মানুহ দুনুহৰ উম্ ঘাম নাই—ইয়াতকৈ প্ৰশস্ত সময় আৰু কেতিয়া পাম! কোনেও সম্ভেদ নেপাব। কাৰো সন্দেহৰো— বাট নেথাকিব।

 ৰতিমন—আপোনাৰ ইমান দিন পলম কৰাই মহা ভুল হৈছে কোঁৱৰ। এদিন চেগ চাই কামটো কৰি থোৱা হলে সকলো লেঠা মিটি যায়! ইমান দিনে মহাসুখে ৰাজ পাটত বহি ইচ্ছামতে কাম কৰিব পাৰিলেহেঁতেন!

 চুক্লেন—মই বাট চাইছিলোঁ ৰণৰ এটা ভাল বেয়া বাতৰিলৈ ৰতিমন!

 ৰতিমন—ইফালে যে বাট চাওঁতে খেণ চৰি যায়। কামটো আজি কালিৰ ভিতৰতে শেষ কৰক তাৰ পিছত আৰু আপোনাৰ হাততে সকলো। বাতৰিৰ কাৰণে তেতিয়া—কটকী—

 ১৪ [ ২১০ ] পঠিয়ায়—নিজে যায়—যি কৰে ইচ্ছামতে কৰি থাকিব। মোৰ বুধি শুনে যদি আপুনি আজিয়েই কামটো শেষ কৰক কোঁৱৰ।

 চুক্লেন—তোৰ বুধিনো কেতিয়া শুনা নাই!

 ৰতি—শুনিছে যদি আৰু আজিয়েই এটা কৰি পেলাই কালিলৈ ৰণলৈ যাওঁগৈ ওলাওক।

 চুক্লেন—মোক তই নিজ হাতে কৰিবলৈ কৱ!

 ৰতিমন—আকৌনো কি? এইবোৰ কাম—নিজ হাতে কৰাই ভাল!

 চুক্লেন—নিজ হাতে! পাৰিম তো!

 ৰতি—কিয়নো নোৱাৰিব! আপোনাৰ যি এনেকুৱা কৰিব পাৰে—

 চুক্লেন—ঠিক কৈছ ৰতিমন, পৰিবই লাগিব।

 ৰতি—অৱশ্যে।

 চুক্লেন-পিছে—কেতিয়া-

 ৰতি—আকৌ বোলে কেতিয়া? আজিয়েই!

 চুক্লেন—কেনেকই?

 ৰতি—শুই থাকেঁতে! চোকা কটাৰীৰে—ডিঙিত মাথোন এটা ৰে।

 চুক্লেন—যদি কোনোবাই দেখা পায়!

 ৰতিমন—ইমান ভয় কৰিলে নচলে কোঁৱৰ। যদি কোনোবাই দেখা পায়—ধন দি মুখ মাৰিব লাগিব—সকলো ধনৰ বইচ। [ ২১১ ]  চুক্লেন—নহয় ৰতিমন, মই নোৱাৰিম—তই মোৰ বন্ধু— এই বিপদত তই মোক ৰক্ষা কৰ—তই পাৰিবি।

 ৰতিমন—নহয় কোঁৱৰ—এইবোৰ কাম নিজ হাতে কৰাহে ভাল।

 চুক্লেন—একে কথা ৰতিমন। তই কৰা যি মই কৰাও সেয়ে। মোৰ কথাতেই তো কৰিবি।

 ৰতি-ৰাপাটত তো আৰু মই নবহোঁ কোঁৱৰ।

 চুক্লেন—মোৰ হলেই তোৰ ৰতিমন। ৰাজপাট দূৰৰ কথা— তই যদি ইচ্ছা কৰ—মোৰ পাটমাদৈ হেলাও তো!

 ৰতিমন—[ স্বগতঃ ] উস, কি পিশাচ! এনে কথা উচ্চাৰণ কৰিবলৈকো অলপ মনত সঙ্কোচ নহ’ল!

 [ স্বগতঃ ] নহয়! পাৰিবই লাগিব! ময়ে কাৰ্য্য সমাধা কৰিম—পৰিণাম তোক ভুঞ্জাম! ঠিক হব! কাৰ্য্য শেষ কৰি— সকলোকে জনাম—তয়ে পিতৃহন্তা! বন্দিশালত পচিবি! শূলত নাচিবি! প্ৰতিহিংসা পূৰ্ণ হব! পিতৃ মাতৃ তৃপ্ত হব!

 চুক্লেন—কি ভাবিছ ৰতিমন?

 ৰতিমন—ভাবিছোঁ—যদি ইমান দুৰ পাৰে এই কণনো নোৱাৰে কিয়?

 চুক্লেন—নোৱাৰিম কিয়? অৱশ্যে পাৰিম। যদি তই নকৰ ময়ে কৰিব লাগিব। ক’তই নোৱাৰ।

 ৰতিমন—নোৱাৰিম কিয় কোঁৱৰ?

 চুক্লেন—মই জানিছিলোঁ তই কৰিবিয়েই। ৰতিমন! এই থাকোঁতে ঠিক নহব,—মই অন্য উপায় ভাবিছোঁ। [ ২১২ ]  ৰতিমন—কি?

 চুক্লেন-পিতাৰ অনুমতি লৈ—আমি ৰণক্ষেত্ৰলৈ যাওঁ বুলি যাত্ৰা কৰিম। দুয়ো গৈ নাৱত উঠি মানুহক দেখুৱাই নাও মেলি দিম! কিছুদূৰ গৈ লুকুৱাই নাও বান্ধি-বামেদি মনে মনে চৰাইদেও ওলামগৈ।

 ৰতিমন—চৰাইদেও! চৰাইদেওলৈ কিয়?

 চুক্ৰেন—পিতা আজি কালি সদায় চৰাইদেও মন্দিৰত পূজা দিবলৈ যায়। আজিও যাব। সন্ধ্যাৰ আগেয়ে মন্দিৰৰ পৰা নাহে। ৰখীয়া পালিও কাকো নিনিয়ে সকলো চ’ৰাতহে থাকে। চ’ৰাও মন্দিৰৰ পৰা ভালেখিনি আঁতৰত। মন্দিৰৰ পৰা ওলায় চ’ৰালৈ উভটি আহোঁতেই! সেইখিনিয়েই সময় আৰু সেয়ে ঠাই! মন্দিৰৰ পিছ ফালে দুয়ো ৰখি থাকিম। আয়তীহঁতে আৰতি গাই ওলাই যাব—আৰু তাৰ পিছতে আহিব পিতা! ত্য়ো তেতিয়াই পিছফালৰ পৰা গৈ কা্ৰ্য্য শেষ কৰিবি! কোনেও নেজানিব—কা্ৰো সন্দেহ কৰিবৰ ঠাই নেথাকিব। আমি দুয়ো লৰি গৈ নাৱত উঠি নাও মেলি দিম!

 ৰতিমন—[ স্বগতঃ ] চৰাইদেও! চৰাইদেও মন্দিৰ! পিতাৰ পবিত্ৰ সমাধি! উপযুক্ত ঠাই! তাৰেই খটখটিৰ তলত তোমাৰ কটামূৰ পোতা আছে—ওপৰত বাগৰিব শত্ৰুৰ কটামূৰ! ছিন্ন শিৰত তোমাৰ কেঁচা তেজৰ ভৰণ লৈ পৰিতৃপ্ত হবা পিতা!

 চুক্লেন—মৌন হলি কিয় ৰতিমন? নোৱাৰ? [ ২১৩ ]  ৰতিমন—নোৱাৰিম কিয়? আপুনি লগে লগে থাকিব নহয়!

 চুক্লেন—নিশ্চয় থাকিম। যা ৰতিমন! সোনকালে প্ৰস্তুত হগৈ। ময়ো ওলাওঁ।

[ দুয়োৰে প্ৰস্থান ]

 

—পট পৰে—

⸺⸺


তৃতীয় দৃশ্য
নগাকুঁৱৰীৰ মৈদাম

 [ কণচেং সোমাই দূৰৈত অস্ত্ৰ, পৰিচ্ছদ আদি থৈ লাহে লাহে মাকৰ মৈদামৰ ওচৰ চাপি আহি আঁঠু কাঢ়ি বহেহি ]

 কণচেং—জন্মিছিল এটা দানব! সুহিছিল সাগৰ— মথিছিল সমুদ্ৰ—চুৰ্ণ কৰিছিল পৰ্বত! এটা ধুমুহা—এটা ভূমিকম্প—এটা বিপ্লব—এটা দৈত্য-যেনি গ'ল—অনাবিল অশান্তি-প্ৰলয়—মৰক—অগ্নি—বিভীষিকা—হত্যা মাথোঁ লৈ গল!

 আই! আই! অভিশপ্ত পাপী মই—তোমাৰ পুণ্য মন্দিৰৰ দুৱাৰত থিয় হবৰ অধিকাৰী—নহওঁ! মই হত্যা— মই নৰক—মই সৃষ্টিৰ আবৰ্জ্জনা! ভয় লাগে জানোচা মোৰ কলুষিত নিশ্বাসেৰে তোমাৰ পুণ্য মন্দিৰ কলুষিত কৰোঁ। তথাপি জননী—তোমাৰ পুণ্য মন্দিৰৰ দুৱাৰ—দলিত অভিশপ্ত [ ২১৪ ] পাপীৰ এটোপা তপত চকুলো থৈ—দগ্ধ অন্তৰৰ এটি মৰ্ম্মভেদি হুমুনীয়াহ এৰি শান্তি পাওঁ বুলি—আহিছোঁ!

[ মৈদামৰ ওপৰত মূৰ থৈ ৰয়]

 আই! আই—কি দেখিলোঁ! কি দেখুৱালা! স্বপ্ন নে দিঠক!—সৌৱা কণক মন্দিৰৰ স্বৰ্ণ সিংহাসনত—তুমি—সোঁ হাতে তোমাৰ দিব্য সৌম্য মূৰ্ত্তি কোন সৌৱা! কোলাত তোমাৰ অপ্সৰা বাপ জিনা স্নেহ সৰলতাৰ প্ৰতিমূৰ্ত্তি লুকু! কাষত তোমাৰ থিয় দি চামৰ জুলাইছে সৌৱা বুবু! চকুত আনন্দাশ্ৰু,—মুখত হাঁহি—একাগ্ৰ দৃষ্টিৰে চাইছা মোৰ ফালে! অভিশম্পাত কৰা নাই!—গ’ল! গ’ল! অদৃশ্য হ’ল! কি ঈঙ্গিত কৰিলা জননী! বুজিছোঁ বুজিছোঁ আই, মোক পথৰ সন্ধান দিলা! তেন্তে প্ৰস্তুত হওঁ! এয়ে মোৰ তীৰ্থ—এয়ে মোৰ স্বৰ্গ—যাওঁ—

 ৰণ জিনি আহিছোঁ—এতিয়াও স্বৰ্গদেওক বাৰ্ত্তা দিয়া হোৱা নাই। পাঠানক কৰতোৱা পাৰ কৰি খেদি আহিছোঁ— শুনি তৃপ্ত হব—আহোমৰ বিস্তীৰ্ণ সাম্ৰাজ্যৰ কৰতোৱা সীমা কৰি আহিছোঁ—

 তাৰ পিছত যাম এবাৰ লুকুৰ—মোৰ প্ৰাণৰ একেটি জীবন্ত প্ৰতিমাৰ সমাধি চাবলৈ! এটোপা চকুলো পুষ্পাঞ্জলি দি অন্তৰৰ অনন্ত অতৃপ্তিৰ কণামাত্ৰ নিবৃত্তি কৰিবলৈ। বিদায় জননী!

[ উঠি জাঠি আৰু পৰিচ্ছদাদি লৈ প্ৰস্থান ]

 

—পট পৰে-

[ ২১৫ ]

চতুৰ্থ দৃশ্য

এটা আলিবাট

[ এজন উদাসীৰ প্ৰবেশ ]

গীত

জকিয়া সজুঁলি বান্ধি ল টুপলি—
 এন্ধাৰে আহিছে ঢাকি, অ শাকিন।
 দিনৰো আৰু নাই বাকী।
বেলিটি দিলে লাহ মন্দিৰত বাজিল কাঁহ—
 থাপনাত লগালে চাকি, অ শাকিন।
 থাপনাত লগালে চাকি।
লগৰ লগৰীয়া গলেগৈ পালটি—
 তযেহে অকলে বাকী, অ শাকিন।
 কি কৰ অকলে থাকি।
পাৰৰ পাৰে ঘাটে সকীয়াই আছে ৰৈ—
 জুৰি ল খৰেকৈ সাকি, অ শাকিন।—
 জুৰি ল খৰেকৈ সাকি,—
পাৰৰে বানচি মনত ল আলচি,—
 ধিয়া তোৰ আপদৰ সাক্ষী, অ শাকিন।
 ধিয়া তোৰ অপদৰ সাক্ষী।

—পট পৰে—

[ ২১৬ ]

পঞ্চম দৃশ্য

চৰাইদেও মন্দিৰৰ সন্মুখ

 [ আয়তীবিলাকে হাতে হাতে ধূপ ধুনা চাকি সলিতা আদি লৈ সোমাই আহি মন্দিৰৰ খট খটিত বহি আৰতি গায় ]

গোঁসানী গোঁসানী অ’ আই গোঁসানী—
 আসনত আছনে নাই!
আৰু তোক নুশুৱায় পুতলা ৰূপে আই
 চা চকুমেলি চাই।
পূজাৰে পূজাৰী গ’ল সাৰি সাৰি
 পালি পৰিয়াও নাই।
সৰাইত অৰিহণা নাই ধূপে ধুনা,
 বন্তিত সলিতা নাই।
ক’তে ভগৱতী লুকালি শকতি—
 সংহাৰ মূৰুতি আই!
অ’ ভগৱতী, অ’ কেচাই খাতী,
 অ’ মোৰ গোসানী মাই!

[ সকলোৰে প্ৰস্থান ]

[ হাতত কটাৰী লৈ ৰতিমন সোমায় ]

 ৰতিমন—এইয়েই মন্দিৰ! এইয়া তাৰ—খটখটি! পিতা! ইয়াৰ তলতে কেঁচা তেজৰ তৃষ্ণাত অপেক্ষা কৰিছা! ক্ষন্তেক ৰবা—এইয়া কটাৰী—ইয়াৰ এটা ৰেপ! এই খিনিতে! দৃপ্ত হ প্ৰতিহিংসা—আশীৰ্ব্বাদ কৰা মাতৃ! [ ২১৭ ]  সৌৱা দুৱাৰ! এই পিনেই আহিব। এই খিনিতে সমাধি হব! ক্ষমা কৰিবা দেৱতা—ক্ষমা কৰিবা হে মোৰ চিৰ আৰাধ্য—! লুকাওঁ—এয়ে আহিবৰ সময়!

[ ৰতিমন লুকায় আৰু চুহুমুঙ্গৰ প্ৰবেশ ]

 চুহুম্মুং⸺মোৰ চিৰ আৰাধ্যা—! হে মন্দিৰ অধিষ্ঠাত্ৰী। দেবী! অতৃপ্ত প্ৰাণত মোৰ কেতিয়া শান্তি আনি দিবা জননী—! বৰ অশান্তি! আজীৱন পাপৰ এয়ে নেকি পৰিণাম! ঘৰে পৰে অশান্তি! ৰণৰ কথা ভাবিলে আতঙ্কত বুকু কঁপি উঠে! কণচেং, ভাই মোৰ—ভৰসা তুমি—ভাবিব নোৱাৰোঁ তুমি নাহিলে কি হ'লহেতেন! এতদিনে বা কি হৈছে তাকো কব নোৱাৰোঁ। উস্—ক’ত শান্তি—ক’ত শান্তি।

[ মনে মনে ৰতিমন সোমাই আহি স্বৰ্গদেওৰ পিঠিয়েদি কটাৰী বহুৱাই দিয়ে ]

 উস্—নৰাধম—কোনে—
[ পৰি যায় আৰু মৃত্যু ]

 
 ৰতিমন—হাঃ হাঃ! প্ৰতিশোধ!

 [ পিছ ফালৰ পৰা কণচেং, সোমাই আহি ৰতিমনৰ ডিঙিত ধৰি বুকুত তৰোৱাল বহুৱাই দিয়ে ]

 কণচেং—কি কৰিলি নৰাধম! যদি আৰু এক মুহূৰ্ত্ত আগ বাঢ়িলোঁহেতেন! স্বৰ্গদেও—

 ৰতিমন—আ—স্! তুমি! দেৱতা! বৰ সুখ! বৰ তৃপ্তি! [ ২১৮ ]  [ ৰতিমন পৰি যোৱাৰ লগে লগে কণচেঙৰ হাততে পাগুৰি সুলকি ৰৈ যায়, গাৰ কাপোৰ ঘহি পৰে। বৰবৰুৱা চৰে আৰু বিষয়া সকলো সেই সময়তে সোমাই আহে ]

 কণচেং-ইকি! ৰমণী! হা ঈশ্বৰ! শেষত ইও আছিল!

 কিয় এনে কাম কৰিলি হতভাগিনী!

 ৰতিমন—হতভাগিনী নহয়—ভাগ্যৱতী! বৰ সুখ! জীৱনত যি নেপালোঁ—আজি মৰণত সেই পৰশ—চিৰজনমৰ কামনা—হৃদয়ৰ বাঞ্ছিত ধন হাততে পালোঁ—বৰ তৃপ্তি—বৰ সুখ!

 কণচেং—মৰণত তৃপ্তি! কোন তই--

 ৰতিমন—দেৱতা—হে মোৰ নীৰব গোপন আৰাধনাৰ দেৱ প্ৰতিমা—মই আপোনাৰ দাসী—ছুটীয়াৰ মহাৰাজ ধীৰ নাৰায়ণৰ কন্যা ৰেণুকা! দেৱতা মো্ৰ--আৰু শক্তি নাই স্বামী প্ৰভু—চৰ—ণ—্ত—ঠা—ই—-দি

[ মৃত্যু ]

 চুৰেং—ৰেণু! কাৰেঙৰ লিগিৰি ৰেণু—ছুটীয়াৰ ৰাজ কন্যা! ইকি প্ৰহেলিকা!

[ চুৰেং স্বৰ্গদেওৰ ওচৰত বহেগৈ ]

 চুৰেং—পিতা—পিতা—নাই—সকলো শেষ—উস—যদি আৰু এক মুহূৰ্ত্ত আগেয়ে আহিলোঁহেতেন!

 বৰবৰুৱা—স্বৰ্গদেও! যদি এই জয়ৰ বাতৰি শুনি [ ২১৯ ] যাবলৈ পালোহেঁতেন! হয়তো শান্তিৰে স্বৰ্গী হ’লহেঁতেন! কি কৰিলা—দয়াময়!

 ১ম বিষয়া—ঈশ্বৰ! কিয় এনে আনন্দৰ—দিনত—এনে নিৰানন্দ আনিলা!

 চুৰেং-মই যে একো বুজিব পৰা নাই কি হ’ল! যেন এটি সপোন! এটি প্ৰহেলিকা!

 কণচেং-বাস্তবিকই সপোন কোঁৱৰ! বিভীষিকা পূৰ্ণ এটি প্ৰহেলিকা! বিচিত্ৰ এটি নাটিকাৰ যবনিকা!

⸻⸻


যবনিকা