পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ৰ্থ দৃশ্য ]
১৯১
নগা কোঁৱৰ

নাই নহলে কি এনেকৈ থাকিব পাৰানে! আহাহা চোৱাচোন চোৱা গান এটি তানিয়েই ভাগৰত একেৰাৰে পকা বেদেনাটিৰ নিচিনা হৈ পৰিছে! অলপ জিৰাই জিৰাই গাবা দিলজানহঁত!
 হুছেন—নছৰৎ! সিহঁতক চৰবৎ দিয়া।
 নছৰৎ—এই দিওঁ হুজুৰালি! ইস্ মই এক দম্ পাহৰি গৈছিলোঁ।

[নৰ্ত্তকীবোৰক চৰবৎ দিয়ে]

 আৰু নেপাহৰিমেই বা কিয়? তেওঁলোকৰ যি দিল্ ঠাণ্ডা কৰা গান, নাচ, নজৰ, গাৰ লাচ্! তাত আৰু দোছোৰা চিন্তাৰ ফুৰছৎ থাকেনে? খাই লোৱা দিলজানহঁত খাইবই বেছ জিৰাই আকৌ লাগি যোৱা! হজুৰালিহঁতৰ যুদ্ধৰ ভাগৰ মাৰি একেবাৰে দিল্ ঠাণ্ডা কৰি দিয়া।
 তুৰ্ব্বক—নছৰৎ দেখিছোঁ এইবিলাক কামত খুব হুঁছিয়াৰ!
 নছৰৎ—হুজুৰালিৰ মেহেৰবানি!
 তাজু—এইবিলাকত খুব হুঁচিয়াৰ কিন্তু যুদ্ধ বুলিলেই তেওঁ একেবাৰেই বে চামাল।
 নছৰৎ—বে চামাল! নহৰৎ খাঁ বে চামাল। কেইখন যুদ্ধ দেখিছ—খাঁ চাহাব! কথা অলপ বুজি কব!
 তাজু—বুজিয়েই কৈছোঁ খাঁ চাহাব! বিছ পঁচিশ খন যুদ্ধ দেখিলেই যদি হয় তেন্তে বহুত আউৰৎ তোমাতকৈ ভাল যুঁজাৰু হব!