পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮৮
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 আয়ু মোৰ সোণ কণি! মোৰ মঙ্গহ দুসৰি! মই যাওঁ গৈ! দেই! দেই!
 সোন্দৰ—জাল সনে সালৈ টোৱে ভিতৰ সুমাই থ হেৰেই। যাবিগৈ আৰু লাছনি সন কৰি দি যা। মোৰ ধোঁৱা সোৱা টোৱে কাণী টেমা টোৱে লৈ আহিবি! হাতা সনে সোলা সনেও আনিবি তাতে তেতিয়ান্ থৈছিলোঁ। শোৱা পাটিসনৰ শিতাণতে পানো দুকণ আছে লৈ আহিবি।

[ খালৈ আৰু জাললৈ চেংদৈৰ প্ৰস্থান ]

 বাৰু মোৰ চেংদৈ! তোকো মই ৰণলৈ যোৱাম! কাণী পান এটিকিৰা মান সুৱাই লব পাৰিলে আৰু তৰিলোঁ। তেতিয়ান্ তয়ো গৈ থাক্।

[ হেতা, খোলা, হোকা, পান, কাণীটেমা ইত্যাদিলৈ চেংদৈৰ পুনঃ প্ৰবেশ ]

 চেংদৈ—এইয়া এটাইসিনি জটাই দিলোঁ। মই আৰু যাওঁ দেই।
 সোন্দৰ—মোক পান কণ কুটি দি নেযাৱ। জুই কুড়াও ধৰি দি যা। মইনো কেচুৱাটো নুশুলে কেই হাতে কৰিম!
 চেংদৈ—এটাইবোৰ চাগৈ গলেই নহয়! মইনো ক’ত লগ সন ধৰিবগৈ পাৰিম।
 সোন্দৰ—কত বিলাকে এতিয়ানো সোৱা বোৱা কৰাই নাই! পাবিগৈ হেৰেই! লাগে যেতিন ময়ো চাইটা মান পদূলি তোক আগ বঢ়াই দি আহিম গৈ।