পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ
[ পানীলৈ এটা লগুৱাৰ প্ৰবেশ ]

 চুহু---পলা! পলা! পাঠান! পাঠান! সৌৱা! সৌৱা পালেহি! পালেহি!

 ১ম বিষয়া-ধৈৰ্য্য ধৰক স্বৰ্গদেও! এতিয়াও পাঠানে আহোমৰ ৰাজ্যত পদাৰ্পণ কৰিব পৰা নাই। যুদ্ধ ৰাজ্যৰ সীমাত হে চলিছে!

[ বেজবৰুৱাৰ প্ৰবেশ ]

 আহক ডাঙৰীয়া, স্বৰ্গদেও একেবাৰে বিহ্বল! ৰণৰ মৰ্মান্তিক বাতৰি শুনি একেবাৰে অধীৰ হৈ পৰিছে!

 চুহু---কোন? কোন? মোক হত্যা কৰিবি? হত্যা কৰিবি?

 বেজবৰুৱা—বন্দী---বেজবৰুৱা স্বৰ্গদেও!

[ বেজবৰুৱাৰ প্ৰস্থান ]

 চুহু---বেজবৰুৱা! কটা মূৰ জোৰ দিব পাৰা! কটা মুৰ জোৰা দিব পাৰা। আন! আন! কটামূৰ! মোৰ পুত্ৰবধুৰ কটামূৰ! মোৰ চুৰেঙ্গৰ কটামূৰ!

[ চৰপং আৰু দৰব লৈ বেজবৰুৱাৰ পুনঃ প্ৰবেশ ]

 বেজ---বন্দীয়ে এটোপা চৰপৎ আনিছে স্বৰ্গদেও! পান কৰিলে অলপ সুস্থ বোধ কৰিব।

 [ ৰজাই খায় আৰু বেজবৰুৱাই মূৰত তেল ঘঁহি দিয়ে আৰু চাওদাৎ দুটাৰ প্ৰবেশ ]