পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য ]
১৭৫
নগা কোঁৱৰ

 চুহু—চাওদাং! হত্যা কৰি আহিছ! পিশাচ- হঁত! নৰাধমহঁত! সেই কোমল শৰীৰত কেনেকৈ আঘাত কৰিলি! দয়া নহ’ল! মায়া নহ'ল! পাষণ্ডহঁত! দূৰ হ! দূৰ হ!

 চাওদংহঁত—স্বৰ্গদেও—!

 চুহু—দূৰ হ! দূৰ হ নৰাধমহঁত! ক’ত অস্ত্ৰ! কত মোৰ হেংদান!

[ ককালৰ হেংদান উলিয়াই খেদি যায় আৰু চাওদাং দুটা পলায়।]

 পলালি! পলালি। কলৈ পলাবি? কত সাৰিবি? মোৰ পুত্ৰ পুত্ৰবধুক হত্যা কৰিছ! প্ৰতিশোধ লম! প্ৰতিশোধ লম! সতীৰাণী আই মোৰ! চাই যোৱা! চাই যা চুৰেং। তহঁতৰ হত্যাৰ এইয়া প্ৰতিশোধ!

 [ হাতৰ হেংদান নিজৰ বুকুত বহুৱাব খোজে আৰু কণচে সোমাই আহি হাতত ধৰি বাধা দিয়েহি। চুৰেং, মূলা, হেলা আৰু মুহিলাৰ প্ৰবেশ। সভাসদবিলাক আচৰিত হয়]

 কণচেং—কি কৰে স্বৰ্গদেও!

 চুহু—বাধা নিদিবা-বাধা নিদিবা প্ৰায়শ্চিত্ত কৰিম! প্ৰতিশোধ লম! পুত্ৰ পুত্ৰবধুৰ হত্যাৰ প্ৰতিশোধ লম।

 কণচেং-কি কৰে স্বৰ্গদেও! এইয়া যে আপোনাৰ পুত্ৰবধু! এইয়া যে আপোনাৰ পুত্ৰ!

 চুহু—কোন তুমি! চিনিছোঁ! তুমি! তুমি নিৰুদ্দিষ্ট ভাই মোৰ! আহিছ! আহিছ! মোৰ পুত্ৰ পুত্ৰবধুক মৃত্যুৰ মুখৰ পৰা ফিৰাই আনিছ! আই মোৰ! পুত্ৰ মোৰ!