পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 কাছিতাৰা —আমি নিমাতহৈ যিমান ভালকৈ উপভোগ কৰিছোঁ—আমোদটো—জনাবহঁতে সিমান ভালকৈ উপভোগ কৰিব পৰা নাইহে হবলা!

 তুৰ্ব্বক—তেন্তে দেখিছোঁ—আপোনালোকহে আদত্‌, সমজ্‌দাৰ্‌! আচ্ছা, আৰু চলিবনে কি?

 কাছি—জনাবালিৰ ইচ্ছা। আমাৰ কি কথা!

 তুৰ্ব্বক—ইহঁতো-দেখিছোঁ--- বৰ হায়ৰাণ হৈছে। আজিলৈ মোৰ মনে ইমানতে শেষ কৰাইহে ভাল। নছৰৎ! আজিলৈ আৰু নাচোৱালীহঁতক আৰাম কৰিবলৈ দিয়া! সিহঁতক খুব ভালকৈ চৰবৎ আৰু খানা তানা দিয়াগৈ!

 নছৰৎ—ভাল হুজুৰালি! ব’লা দিলজানহঁত! আজিলৈ আৰু তোমালোক তক্‌লিফ্‌ নিদিওঁ!

[ নৰ্তকীহঁতকলৈ নছৰৎখাঁৰ প্ৰস্থান ]

 তুৰ্ব্বক—তেন্তে, আমিও আৰু আৰাম কৰোঁগৈ, কি বোলে জনাব? আৰু দোস্ত, আপুনি কি কয়?

 লেহে—কি কম জনাব! ৰাতিও বহুত হৈছে। বিশ্ৰাম কৰাই ভাল!

 তুৰ্ব্বক—এতিয়াতো আৰু যুদ্ধৰ হুলস্থুল নাই। কালি লৈকে আমি নিশ্চিন্তে আমোদ কৰিব পাৰিম। আহোমৰ এইবাৰ ককাল ভাগি গৈছে—আকৌ পোণ হৈ যুদ্ধলৈ আহিবলৈ দেৰী আছে। আহে কি নাহে—কিজানিবা সন্ধিৰেই প্ৰস্তাব আহে, তাৰৰ ঠিক নাই!

 কাছি—আহোম বৰ লেকেতীয়া শত্ৰু জনাব! একো