পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 নেলাগে! নেলাগে! যা! যা! চকুলো! চকুলো! নোলাবি! নোলাবি! চকু উঘালি পেলাম! হৃদয় বলিয়া নহবি! শিলেৰে খুন্দিয়াই ভাজি পেলাম! কাৰ কাৰণে? কিয়? কিয়? [ চকু ঢাকি আকৌ কান্দে ] মন!

 উতলা নহবি! স্বামী! গুৰু! উস্! নহয়! নহয়! কান্দোন নহয়। চকুলো নহয়! পতি গতি! পতি ধ্যান!--- পতিঘাতিৰ প্ৰতিশোধ! প্ৰতিশোধ!

[ অলপ আকৌ ৰয় ]

 আহাঁ শক্তি! আহাঁ বজ্ৰ! আহাঁ মৃত্যু! আহাঁ! আজি মূলাৰ হৃদয়ত স্থান লোৱাহি! আহাঁ ডাইনী! আহাঁ পিশাচী! আহাঁ! আজি মূলাৰ হৃদয় অধিকাৰ কৰাহি! সৌৱা, স্বামী মোৰ তেজেৰে ৰাঙলী! এতিয়াও কেঁচা তেজ ধোৱা, নাই! ৰবা, ৰবা, নাথ! মূলাই ধুৱাই দিব! পাঠানৰ কেঁচা তেজেৰে স্নান কৰি তোমাৰ ওচৰ চাপিম! নহলে শুদ্ধ নহম,---নহলে তোমাৰ পুণ্যদেহ স্পৰ্শ কৰিব নোৱাৰিম! স্বামী! গুৰু! গলা! মোক নিনি! দাসী বুলি চৰণ সেৱাৰ অৱসৰ নিদিলা! সৌৱা! সৌৱা! মাতিছ! হাঁহিছা! নাথ! ক্ষত বিক্ষত শৰীৰ লৈ হাঁহিছা! যন্ত্ৰণা নাই, ক্লান্তি নাই,-অৱসাদ নাই, হাঁহিছা---! বুজিছোঁ—কি ঈঙ্গিত কৰিছা---! হে দেৱতা—! হে গুৰু! বল দিয়া! শক্তি দিয়া!