সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য ]
১৬৭
নগা কোঁৱৰ

 যি দৃষ্টান্ত আজি জগতক দেখুৱালে সোণৰ আখৰেৰে চিৰদিন বুৰঞ্জীত জ্বলি থাকিব! সীতা সাৱিত্ৰীৰ দৰে নামলৈয়ে মানুহ পৱিত্ৰ হব। এনে কীৰ্ত্তি জগতত অতুলনীয়। সেই পৰমপিতা পৰমেশ্বৰক খাটিছোঁ, যেন আপোনাৰ পদাঙ্ক অনুসৰণ কৰিয়েই মৰিব পাৰোঁ।

 মুহিলা—আই—আই। মোক আপোনাৰ চৰণৰ ধূলি দিয়ক।

[ সেৱা কৰি ভৰিৰ ধূলি মূৰত লয় ]

 চাওদাং-সাজু হওক। সাজু হওক। সময় উকলি যায়। যদি কিবা কৰিব লগা আছে কৰি লওক। [ হেলা আৰু চুৰেঙ্গৰ হাতৰ বান্ধ মোকোলাই দিয়ে। দুয়ো কৰযোৰে প্ৰাৰ্থনা জনায় ]

 চুৰেং-জীৱনত কেতিয়াও তোমাক মতা নাই প্ৰভু। আজি অন্তিমত মাতিছোঁ। হে পৰমপিতা, পৰমেশ্বৰ। ভোমাৰ চৰণ তলত ঠাই দিয়া প্ৰভু।

 হেলা—স্বামী। গুৰু! ইষ্ট দেৱতা মোৰ। পৰজন্মতো যেন তোমাৰ চৰণ তলত স্থান পাওঁ।

 [চাওদাংহঁতে দুয়োকে নি শালত পেলায়। মূলা আৰু মুহিলাই মুখ ঢাকি কান্দে। চাওদাহঁতে একেলগে দুয়োকো কাটিবলৈ কুঠাৰ ডালে আৰু ঠিক তেনেতে লৰি কণচেঙৰ প্ৰবেশ]

 কণচেং--সাৱধান। সাৱধান! কুঠাৰ পেলা। ক্ষান্ত হ! যদি মৰিবৰ ভয় আছে কুঠাৰ পেলাই দুৰত থিয় হ। নহলে এই জাঠিৰে দুয়োৰে শেষ কৰিম।