পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৭৬
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

মই পিশাচ! মই দানব! মই মহাপাপী! মোক ক্ষমা কৰ বাছাহঁত!

 [ মূলাৰ ফালে চাই ] সৌৱা কোন! গাভৰু দেও! উস্‌! কিয় আহিলা! কোন মুখে বাৰ্তা দিওঁ! উস্! তোমাক এই বাৰ্তা দিবৰ আগেয়ে মোৰ মূৰত বজ্ৰাঘাত নহ'ল কিয়? তোমাৰ শিৰত বজ্ৰাঘাত হৈছে গাভৰুদেও! চাওফ্ৰাচেংমুং বৰগোঁহাই আৰু নাই!

কণচেং
হেলা } কি! ডাঙৰীয়া আৰু নাই!
মূলা

[ মূলা মুৰ্চ্ছিতা হৈ পৰি যায়। হেলাই মূলাৰ মূৰ কোলাত লয়, মুহিলাই বিছে ]

 চুহু—আৰু আই মোৰ! তুমিও কান্দা! তোমাৰ স্বামী যুদ্ধত আহত! কান্দা গাভৰু দেও! কান্দা! আই মোৰ! সতী তোমালোক—দেৱতুল্য স্বামী গঢ়ি তুলিছিল। হাঁহিমুখে ৰণলৈ পাছিছিল! কান্দা আইহঁত! তোমা- লোকৰ দীৰ্ঘশ্বাসে দাবানল জ্বলাওক—সেই দাবানলত পাঠান পুৰি ভস্ম হওক।।

 কণচেং—ভন্ম হব! ভস্ম হব! এনে দাবানল জ্বলিব, পাঠান পুৰি ভস্ম হব! এইবাৰ! এইবাৰ! আমাৰ পাল। উঠা কোঁৱৰ! উঠা ভাইহঁত! উঠা বন্ধুহঁত! বস্ত্ৰহাতেৰে হেংদান ধৰা! এবাৰ বোলা-জয় জননী জন্মভূমিৰ জয়! সকলোৱে-জয় জননী জন্মভূমিৰ জয়!