সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ
[ চাওদাহঁতে কুঠাৰ নমায় ]

 ১ম চাওদাং। স্বৰ্গদেওৰ হুকুম। কোন তই বাধা দিবলৈ আহিছ?

 কণচেং—যেয়ে নহওঁ! ক্ষান্ত হ! কুঠাৰ মোক দে।

 ২য় চাওদাং—তোৰ কথাতেনে! ধৰ ইয়াক। ইয়াকে আগেয়ে বলি দিওঁ।

 কণচেং—এতিয়াও কৈছোঁ, অবাবত নিজৰ প্ৰাণ নষ্ট নকৰিবি। কুঠাৰ মোক দে। ময়ে এই দণ্ড ৰহিত হোৱা আজ্ঞা আনি দিম।

 ১ম চাওদাং—কোন তই। তোৰ কথাতেই ৰজাৰ হুকুম অমান্য কৰি আমিও প্ৰাণ দিব লাগিবনে?

 কণচেং-মই বিদ্ৰোহী। যি ৰজাই নাৰীহত্যা, অবিচাৰত পুত্ৰহত্যা কৰে, মই সেই ৰজাৰ দ্ৰোহী! যদি এই দণ্ডৰ ৰহিতাজ্ঞা আনি দিব পাৰোঁ, তহঁতৰ কোনো ভয় নাই। যদি নোৱাৰো, মই তহঁতক ৰক্ষা কৰিম। কোনো ভয় নাই— দে কুঠাৰ মোক দে।

[ চাওদাহঁতে কুঠাৰ কণচেঙক দিয়ে ]

 কণচেং—এতিয়া যা,--ৰজাক বাতৰি দে গৈ। কবি, প্ৰাণ লৈ পলাই আহিছোঁ--; হয়তো পুৰষ্কাৰ পাবি—যা! এওঁ- লোককলৈ ময়ো যাব লাগিছোঁ

[ চাওদাংহঁতৰ প্ৰস্থান]