পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩য় দৃশ্য ]
১৮৩
নগা কোঁৱৰ

ওপৰত আকৌ—আহিয়েই এই সন। মোৰ সং উঠি আছে জোকাই নলবা—বুলিছোঁ—সোন্দৰ নে বান্দৰ—চিটিকাই দিম।
 সোন্দৰ—উ! আজি একেবেলিয়েই ৰণলৈ ওলাই আছে! মোতকৈ একাচি চৰা হে! শাম হে কাটিব লাগিল! বোলোঁ হেৰেই! আজি আৰু জালসন ফালি যিটো বুঢ়া বৰালী সাৰিল, তেনেতো বৰালী মাছ মই ধৰা যি নায়েই ইমানটো হলোহি কোনো কালে দেসাও নাই। বেজাৰতে হেৰেই সুদা সালৈটো লৈ গুচি আহিলোঁ। তোকো আহি হুতাহতে কিবাসন বুলিলোঁ তাতে আৰু সংসন সালি।
 চেংদৈ—হোঁৱা হোঁৱা কেচুৱা লোৱা! এই সনকে মোক ভুৱা দিবেলে আহিছা নি, যোৱাটো মাছ সদায় ডাঙৰ! এইক ৰাসা মই আৰু আহিলোঁহে। গাভৰুদেওহঁত চাগৈ কোনো বাসিনি পালেগৈ ধাপলি ললেহে যদি ধৰিবগৈ পাৰোঁ।
(সোন্দৰে কেচুৱা লয়)
 সোন্দৰ—কলৈনো যাৱ নি? কেতে সিনি পৰ কৰিবিগৈ।
 চেংদৈ—ডাঙৰীয়ানীহঁত গৈছে যেতিয়ান কেই দিন হয় কিনো ঠিকনা আছে। জীয়াৰী বোৱাৰী আটাইবোৰ জুমা জুমে ওলাইছে। কালিৰে পৰা উৰুলী শুনা নাইনে? কোনো নাৱে কোনো বামে কিমান যে গৈছে লেস জোস নাই।
 সোন্দৰ—সিবিলাক যে গৈছে ৰণলৈ! তই যাৱ কলৈ?
 চেংদৈ—কিয় আমাৰ হাত ভৰি নাইনে কি? আমি ৰণলৈ ওলালে কিবা পাক লাগিবনে?