পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫ম দৃশ্য ]
১৯৭
নগা কোঁৱৰ

 তুৰ্ব্বক—মই, জনাব, আৰু হুছেন খাঁই সিহতৰ সেনাপতিক আক্ৰমণ কৰিম। আপোনালোকে নাৰীসেনা দলক আক্ৰমণ কৰকগৈ। যোৱা—তাজুখাঁ! যাওক দোস্ত! খুব হুচিয়াৰ!

 তাজু—আদাব—হুজুৰালি!

(তাজু আৰু লেহেতীয়াৰ প্ৰস্থান)

 তুৰ্ব্বক—আচ্ছা জনাব, আপোনাৰ সেই গুপ্তচৰ লৰাটো— কলৈ গ'ল! সি নোহোৱাত এই কেইদিন আমি কোন ঠিক খবৰ পোৱা নাই। আৰু সেই কাৰণেই বোধ কৰোঁ—আমাৰ কাৰ্য্য—ভালকৈ চলা নাই। আমাৰ যিবিলাক গুপ্তচৰ আছে মই দেখিছোঁ, কোনো কামৰ নহয়।

 কাছি---ময়োতো—ভাবিছোঁ–জনাব---কলৈ গ'ল সেই লৰাটো—! সি আছিলে সিহঁতৰ ৰজাৰ লৰা সেই চুক্লেনৰ লিগিৰা। চুক্লেন সেই দিন গুলি খাই নমৰিল। ভাবিছোঁ। সিও তাতে ব্যস্ত আছে!

 তুৰ্ব্বক—মইতো শুনিছোঁ সেই ৰজাৰ লৰা, আহত হোৱাৰ দুই চাৰিদিন বাদেই ৰাজধানীলৈ গল! তেন্তে কি সেই লৰাটোও গ'ল!!

 কাছি—হব পাৰে জনাব! অনুমান,---এৰাব—নোৱাৰি যাবলৈ বাধ্য হ’ল! নহলে সি জৰুৰ আহিলহেঁতেন!

 তুৰ্ব্বক—বাৰু যেই হওক। এতিয়া ব’লক আমিও যাওঁ; আগেয়ে শত্ৰুৰ গতি লক্ষ্য কৰোঁগৈ। তাৰ পিছত চেগবুজি আক্ৰমণ কৰিব লাগিব! আহক।

[ সকলোৰে প্ৰস্থান ]