পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য ]
১৭১
নগা কোঁৱৰ

 মূলা—বাধা ঈশ্বৰে দিছে গাভৰুদেও। অৰণ্যে কাননে ঘূৰি ফুৰিও যাক আনিব নোৱাৰিলো—আজি অজাচিতে আহি ধৰা দিছে। তেৱেই শুভ মুহুৰ্তত আহি ঘাতকৰ কুঠাৰাঘাতৰ পৰা আপোনালোকক ৰক্ষা কৰিলেহি।

 হেলা—মোৰ যে মৰণেই মঙ্গল আছিল বাইদেউ! কণচেংমোক ক্ষমা কৰা আই! হয়তো বা ময়ে তোমাৰ এই কঠোৰ দণ্ডৰ বাবে দায়ী।

 হেলা— [উঠি বহে ] আপুনি মোৰ পিতাৰ স্বৰূপ! মোক অপৰাধী নকৰিব। মোৰ সেৱা গ্ৰহণ কৰক।

[ কণচেঙক সেৱা কৰে ]

 কণচেং—যদি সুস্থ বোধ কৰিছা-বলা-আই, এবাৰ ৰজাৰ ওচৰত গৈ তোমালোকৰ দণ্ডাজ্ঞা ৰহিত কৰিবৰ যত্ন কৰোঁগৈ। যদি এতিয়াও শৰীৰ দুৰ্বল অনুভব কৰিছা—আহাঁ ময়ে ডাঙ্গি নিও! পিতৃ সম্বোধন কৰিছা, তুমি মোৰ কন্যা। আহা, মইয়ে ডাঙ্গি তোমাক ৰাজ সভালৈ লৈ যাওঁ।

 হেলা—নেলাগে। মই এতিয়া সম্পূৰ্ণ সুস্থ। মই নিজেই যাব পাৰিম।

 কণচেং-তেন্তে ব’লা। ব’লা কোঁৱৰ।

 হেলা-বাইদেও!

 মূলা-আহক গাভৰুদেও।

[ সকলোৰে প্ৰস্থান]

--আঁৰ কাপোৰ--