পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮২
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ
[ আকৌ বাজলৈ ওলাই ৰিঙি মাৰে ]

 অ’ বলোঁ,-বেগাই আহাঁ! বেগাই আহা! মই যামগৈ এতিয়ান!

 ছেঃ হয় বালক! গাভৰুদেওহঁত চাগৈ কতসিনি পালেগৈ। নাওদুনি য’ত যি আছিলে এটাইবোৰ মেলিলে! কি কৰোঁ--! এই পাট! এই পাটহে কাল শনি! এই পাটৰ পৰাহে যাব নোৱাৰা হলো—! নহলেনো মোৰ কি? মই মুসলৈ চাই ৰৈ থকা তেনেজনী ---নহওঁ! আহি পোৱাহি হলে এই পাটক কোনোমতে গটাই দি মই যাব পাৰিলোঁহেতেন! কি আপদটে পালে।

[ আকৌ ৰিঙিয়ায় ]

 অ’ বোলোঁ কলৈ গলা—আহিছানে?

নেপথ্যত

               }       গৈছোঁ। গৈছোঁ।

সোন্দৰ

 ছেংদৈ—এতেসিনি পৰত তেওঁ ঘৰ বুলিবেলে মনত পৰিছে। আহি পাওহিদিম শোকোতাটো।

[ হাতত জাল আৰু খালৈ এটালৈ সোন্দৰৰ প্ৰবেশ ]

 সোন্দৰ---অ’ বোলো চেংদৈনে পেংদৈ। উসল মাসল কৈননা যাবেলে ওলোৱা হৈছে কলেবালে? আৰু এনেকৈ টেটু ফালিনো হাঁৱৰিয়াইছিলি কেলেই?

 চেংদৈববালোঁ তেনেসন কৰি নাহিবা! এতেসিনি পৰ বসি আছে—ঘৰ বুলিবেলেই—মনত পৰা নাই। তাৰ