পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০০
[৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

কুছি কলি! তাৰ এতিয়া যুৱা নাই! তাকে তুৰ কুবিতে পতিয়াম! দেকি তাক! দেকি তাক লুকু! উ—বৰ দুক— বৰ দুক দি কুছি কলি লুকু! অদায় দিন অউ তাত পৰা তাকে দেকি তাকিব কলি। তই দেকি পাৱ। মই দেকি নাপাওঁ। দেকি পালে—এই জাতি এই জাতি লকতে তুৰ পালে ইমান দুক দিয়া, মুৰ পালে ইমান দুক দিয়া ওৰ তুলিম। তাকে তুৰ কুৰিতে পতিয়াম! দেকি তাক লুকু! ইয়াতে ই তাকিছে ইয়াতে তাক দেকি পাম! ইয়াতে তাৰ এষ কৰিম! য়েই দিন য়েই দিন তুৰ দুক যাব—মুৰ দুক যাব! ক’ত তাকিবি চেংলুং ক’ত লুকাবি! কত আৰিবি! দেকি পাম। দেকি পাম! (লাহে লাহে প্ৰস্থান)

(তুৰ্ব্বক, হুছেন, আৰু নছৰৎ খাৰ প্ৰবেশ)

 নছৰৎ—সৰ্বনাশ—[ তাজুখাঁৰ মৃতদেহ দেখি ] সৰ্বনাশ! এইয়া কোন! অ’ খাঁ চাহাব!

 তুৰ্ব্বক—তাজু খাঁ। তাজু! তাজু! উস! কোনে এই অৱস্থা কৰিলে!

 নছৰৎ—চকু মুদি যুদ্ধ কৰিয়েই এনে অৱস্থা হ’ল!

 তুৰ্ব্বক-নছৰৎ! তুমি অতি বদবখৎ!

 নছৰৎ—গোস্তাখি মাফ হয় হুজুৰালি!

 তুৰ্ব্বক—দ্বিতীয় বাৰ আৰু এনে কথা শুনিলে মাফ নকৰিম নছৰৎ খাঁ!