পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১ম দৃশ্য ]
১৬৯
নগা কোঁৱৰ

 [ শালৰ পৰা বান্ধ মােকোলাই কণচেঙে হেলাৰ মূচ্ছিত দেহ ভাঙি আনে। মূলা আৰু মূহিলা ওচৰ চাপি আহে ]

 কণচেং-কি হল! নােৱাৰিলোঁ! প্ৰাণবায়ু হয়তাে আগেয়েই বাজ হ’ল !

 মূলা -- মূৰ্চ্ছা গৈছে, একো হােৱা নাই। আকৌ জ্ঞান আহিব।

 কণচেং---তেন্তে আহক, অলপ শুশ্রষা কৰক।

 [ মূলাই হেলাৰ মূৰ কোলাত লৈ পানী দিয়ে, মুহিলাই আঁচলেৰে বিছে। কণচেঙ্গে চুৰেঙ্গক শালৰ পৰা মােকোলায় ]।

 চুৰেং—আপুনি দেৱতা! মােৰ ভ্ৰম ভাগিছে। আজি আপোনাক চিনিছোঁ। মই যে আপােনাৰ পৰম শত্ৰু।

 কণচেং-তুমি মােৰ পৰম মিত্র কেঁৱৰ !

 চুৰেং—দেৱতা, দেৱতা আপুনি মহৎ ! কিন্তু, আপুনি বােধহয় নেজানে কি অন্যায় মই আপােনাৰ কৰিছোঁ!

 কণচেং---মই জানিবৰ ইচ্ছাও নকৰো কোঁৱৰ! যিহকে নকৰা—মােৰ প্ৰাণ লবৰো—যদি ইচ্ছা কৰিছিল—বা এতিয়াও কৰা, তথাপিও তুমি মােৰ পৰম মিত্র! তুমি মােৰ পৰম উপকাৰী—!

 চুৰেং—মই যে আপােক হত্যা কৰিব খুজিছিলো—! আপােনাক জীৱন্তে দগ্ধ কৰিব খুজিছিলো !

 কণচেং---মােক সৎ পথলৈ আনিবৰ যত্ন কৰিছিলা— তােমাতকৈ ডাঙৰ বন্ধু মােৰ কোনো নাই। তুমি মােৰ পৰম সুহৃদ।