সমললৈ যাওক

কবিতা-কুসুম

ৱিকিউৎসৰ পৰা
[ প্ৰথম পৃষ্ঠা ]
 

কবিতা-কুসুম৷

 
 

শ্ৰীপ্রমোদচন্দ্ৰ বৰঠাকুৰ

 

[ প্ৰকাশন ]

কবিতা-কুসুম৷

শ্ৰীপ্রমোদচন্দ্ৰ বৰঠাকুৰ ৰচোঁতা

আৰু উলিয়াওঁতা৷

ডিব্ৰুগড।



নবম সংস্কৰণ



কলিকাতা।

১৭ ন জগন্নাথদত্তেৰ লেন, লক্ষ্মীবিলাস প্ৰেছত,

শ্রীবিজয়কৃষ্ণ দাস দ্বাৰা ছপা হ’ল৷

________

১৯২৫

________________________________________________

বেচ্ ৵৬ দহ্ পইচা৷
 

[ উছৰ্গা ]

উৎসর্গা ৷

—৹⦂ * ⦂৹—

ভক্তিৰে সৈতে দুবৰি বনৰ পাত এটি
দিলেও তাৰ মোল
মহামুলীয়া হীৰা মুকুতাই পাব নোৱাৰে
বুলি ভাবি

এই

অকন মান ফুল পাহি
মাননীয় শ্রীযুক্ত কেশবনাথ ফুকন ডাঙ্গৰীয়াৰ
পবিত্ৰ নামত

উৎসর্গ
কৰিলোঁ
ইতি ।
 শ্রী প্রমোদচন্দ্র শর্ম্মা ।

[ প্ৰকাশন সংখ্যা ]
 

সংখ্যা

⸺*⸺

প্ৰথম সংস্কৰণ ... ... ... ১০০০
দ্বিতীয় সংস্কৰণ ... ... ... ১০০০
তৃতীয় সংস্কৰণ ... ... ... ২০০০
চতুৰ্থ সংস্কৰণ ... ... ... ৪০০০
পঞ্চম সংস্কৰণ ... ... ... ১০০০০
ষষ্ঠ সংস্কৰণ ... ... ... ৩০০০
সপ্তম সংস্কৰণ ... ... ... ৩০০০
অষ্টম সংস্কৰণ ... ... ... ৫০০০
নৱম সংস্কৰণ ... ... ... ১০০০

 
[ পাতনি ]

পাতনি।

 সৰু সৰু লৰা ছোৱালীয়ে কোমল কবিতা পঢ়ি ভাল পায়। সেই দেখি এই কবিতা-কুসুম পুথি খনি যুগুত কৰি প্ৰকাশ কৰিলোঁ এই সৰু পুথিখনিৰে অলপ উপকাৰ সাধিত হলেও শ্ৰম সাৰ্থক জ্ঞান কৰিম।

 শেষত কৃতজ্ঞতাৰে সৈতে জনাওঁ যে এই পুথি খনি মোৰ প্ৰিয় বন্ধু শ্ৰীযুত দুৰ্গাপ্ৰসাদ দত্ত মজিন্দাৰ বৰুৱাই আদিৰ পৰা অন্তলৈকে চকু ফুৰাই চাই দিয়া বাবে মই তেওঁৰ ওচৰত চিৰ-কৃতজ্ঞ থাকিলো ইতি।

দ্বিতীয় বাৰৰ বিজ্ঞাপন।

 এইবাৰ পুথি খনিৰ ভিতৰৰ কেতেকী ফুল প্ৰবন্ধটি তুলি দি তাৰ ঠাইত লোভ আৰু খঙ শীৰ্ষক দুটি কবিতা নকৈ দিয়া হৈছে। আৰু অইন বিলাক কবিতাৰো অনেক সংশোধন কৰা হৈছে। ইতি—

[ বিজ্ঞাপন ]

( ৵৹ )

তৃতীয়, চতুৰ্থ, পঞ্চম, আৰু ষষ্ঠ বাৰৰ
বিজ্ঞাপন।

 আসাম প্ৰদেশৰ শ্ৰীল শ্ৰীযুক্ত চীফ্ কমিচনৰ চাহাব বাহাদুৰ আসামৰ নিম্ন প্ৰাইমেৰি, অপাৰ প্ৰাইমেৰি, হাই আৰু মজলীয়া স্কুল বিলাকৰ তলতীয়া শ্ৰেণীত এই পুথি খনি পাঠ্য নিৰ্দ্দিষ্ট কৰি দি আমাক বিশেষ উৎসাহ দিছে। এই বাৰ পুথি খনিৰ একো সাল-সলনি নকৰি যি অলপ দোষ আছিল সাধ্যানুসাৰে তাক সংশোধন কৰি দিয়া হৈছে।

ডিব্ৰুগড়,
ফেব্ৰুয়াৰি, ১৯০৫ ৷

শ্ৰীপ্ৰমোদচন্দ্ৰ শৰ্ম্মা।

সপ্তম বাৰৰ বিজ্ঞাপন।

 এইবাৰ পুথি খনিৰ আৰম্ভতে “উপদেশ” শীৰ্ষক এটি কবিতা নকৈ দিয়া হৈছে আৰু অইন বিলাক কবিতাৰো অলপ সাল সলনি কৰি দিয়া হৈছে। ইতি—

অষ্টম বাৰৰ বিজ্ঞাপন।

 এইবাৰ পুথি খনিৰ একো সাল সলনি নকৰি যি অলপ বৰ্ণা- শুদ্ধি দোষ আছিল তাকে সংশোধন কৰি দিয়া হৈছে। ইতি–

  শ্ৰী প্ৰমোদচন্দ্ৰ শৰ্মা।

নবম বাৰৰ বিজ্ঞাপন।

 এইবাৰ পুথি খনিৰ একো সাল সলনি কৰা নহল। ইতি -

১৫৬-১৯২৫।   শ্ৰী প্ৰমোদচন্দ্ৰ শৰ্মা। [ সূচীপত্ৰ ]
সূচী।
–⦂০⦂–
বিষয়।           পিঠি৷
১। উপদেশ      
২। বিদ্যা      
৩। মাতৃ-ভক্তি      
৪। ছাগলী-পোৱালি       
৫৷ বেলি      
৬। জোনবাই      
৭। পদুম-ফুল       ১১
৮। লোভ       ১২
৯। পূৰ্ণিমা-ৰাতি       ১৪
১০। তৰা       ১৫
১১। বিজুলী       ১৬
১২। খঙ্       ১৮
১৩। মদাৰ ফুল       ১৯
১৪। বৰষুণ       ২১
১৫। বসন্তকাল       ২২
১৬। নিয়ঁতী চৰাই       ২৪
১৭। মালভোগ কল       ২৬
১৮। কুলি       ২৭
১৯। কঠাল       ২৯
২০। ৰেল-গাড়ী       ৩০
২১। মাটি-কঠাল       ৩২
২২। গধূলি       ৩৩

[ ছবি ]

সপ্তম এডোৱাড ৰাণী আলেক্‌জাণ্ডা

[  ]

কবিতা-কুসুম।

১—উপদেশ

নেথাকিবা শুই বোপা হলে ৰাতিপুৱা।
ৰাতিপুৱা শোৱে যিটো হয় এলেহুৱা।
এলেহুৱা লোকে বোপা বহু দুখ পায়।
মানৱ জীৱন তাৰ বিফলে কটায়॥
পুৱাতে চৰাইবোৰে কেনে ৰঙ মনে।
গছৰ ডালত পৰি মাতে ঘনে ঘনে॥
তুমিও পুৱাতে উঠি সিহঁতৰ দৰে।
আপোন পাঠত মন দিবা যতনেৰে।
ধেমালিত কেতিয়াও নকটাবা কাল।
নেপাবা উলতি আৰু গলে লৰাকাল |
নহবা নহবা কৰাচিতো মিছলীয়া।
নকবা নকৰা কাকো কথা দুতলীয়া॥

[  ]

ধেমালিতো কেতিয়াও মিছা নেমাতিবা।
কনা, কুঁজা, খোঁড়া দেখি কাকো নেহাঁহিবা॥
কোনোৱে হুধিলে কথা ঠিক কৰি কবা।
ভেঙচালি কৰি তাক তুমি নেহাঁহিবা।
পিতা মাতা আদি কৰি যত গুৰুজন।
কৰিবা ভকতি নিতে হই একমন॥
শিক্ষকৰ উপদেশ সততে ধৰিবা |
সজ কাম কৰিবলৈ হেলা নকৰিবা।
নেথাকিবা গপ্‌মাৰি গঙাটোপ হই।
নকৰিবা খঙ কাকো মিছা মিছি কই॥
সাপক দেখিলে ভয় কৰা যেনে কই।
তাতোকই ভয় কৰা বেয়া লৰা লই॥
দুখীয়াৰ দুখ দেখি কৰিবা পুতউ।
পবিত্ৰ ভাৱত মন ৰাখিবা নিতউ॥
সুখেৰে থাকিব যদি খোজাঁ সংসাৰত।
ৰাখাঁ এই উপদেশ সদায় মনত॥

[  ]

২ – বিদ্যা৷

বিদ্যাৰ সমান একো
বিদ্যাই বঢ়ায় মান
ধন সোণ হীৰা মণি
সকলো বিদ্যাৰ তল
ধন বস্তু চোৰে নিযে
বিদ্যা অৰ্জ্জি ললে তাত্
কাৰ সাধ্য আছে তাক
যদি দান কৰা যায়
বিদ্যা শিকি সৰু লোকো
সকলোৰে ওচৰত
বিদ্যাহীন পৰি থাকে
দেৱতুল্য হয় নৰ
বিদ্যাৰ বলতে চোৱাঁ
কল গাড়ী ভাপ নাও

   

নাই জগতত ।
জানিবা সতত॥
মুকুতাৰ হাৰ৷
এই কথা সাৰ॥
ভাগ নিয়ে ভাই৷
কাৰো হাত নাই॥
নিব পাৰে কাঢ়ি৷
আৰু যায় বাঢ়ি॥
হই পৰে বৰ৷
পায় সমাদৰ॥
নীচেই তলত৷
বিদ্যাৰ বলত॥
বুধি খটুৱাই৷
নিলে উলিয়াই॥

[  ]

বিজুলী ডাকত কেনে
দিনৰ বাতৰি দিনে
এনে বিদ্যা যিটোজনে
বৃথাই জীৱন সিটো

   

বাতৰি পঠাই৷
দিছেছি যোগাই॥
অৱহেলা কৰে।
সংসাৰত ধৰে॥

৩—মাতৃ-ভক্তি।

দহ মাহ দহ দিন
 ধৰি গৰভত,
সহিলে বহুত দুখ
 আমাৰ লগত।
যেতিয়া দেখালে তেওঁ
 আমাক সংসাৰ।
লভিলে মনত কেনে
 আনন্দ অপাৰ।

[  ]

মইনা সোণাই বুলি
 কত চুমা খাই,
মৰমতে চোৱাঁ আয়ে
 কেনে পমি যায়;
বেথাৰে বুকত আয়ে
 লয় সুমুৱাই,
আতউ পুতউ কৰি
 পিয়াহ খুৱাই।
আদৰ সাদৰ কৰি
 খুৱাই ধুৱাই৷
ডাঙৰ কৰিলে তেওঁ
 বহু যতনাই।
লৰাৰ লগত মৰা
 মাকৰ নিচিনা,
পৃথিবীত আছে কোন
 আৰু তেনে জনা।

[  ]

জগতত তেৱে মাথোঁ
  স্নেহৰ পুতলা,
সন্তানৰ হস্তে নিতে
  হয় জলা-কলা।
এতেকে সততে আমি
  হই হৰষিত,
যুগুত জীৱন নিয়া
  মাতৃৰ ভক্তিত।

৪–ছাগলী-পোৱালি৷

দেখিছানে বাইদেও
  পিৰালি চুকত,
শুই আছে পোৱালিটি
  মাকৰ বুকত।

[  ]

থিয় হল পোৱালিটি
 যাবগই লৰি,
খাইছে পিয়াহ দুটি
 চপ্​ চপ্​ কৰি।
লৰ লৰি পোৱালিটি
 ধৰি আনোগই,
ৰঙমনে উমলিম
 বোকোছাত লই।
ছাগলী-পোৱালিটিয়ে
 ফুৰে জপিয়াই,
চেলেকিয়ে-হাতখনি
  বৰ ৰঙ-পায়।
নেলাগে নধৰোঁ মই
 ছাগলী পোৱালি,
মাকৰ কাষতে থক্
  ৰঙেৰে উমলি।

[  ]

৫—বেলি।

আগ্ পিনে বেলি আহি ভূমুকি-মাৰিছে,
তেওঁৰ পোহৰে কেনে জগত মুহিছে।
অচেতন জগতক পোৱালেহি সাৰ,
উলাহ মনেৰে কৰে কাম আপোনাৰ।
চোৱাঁ‌চোন ঘূৰণীয়া কাঁহী খনি দৰে,
আকাশৰ কেউ ফালে ঘূৰি পকি ফুৰে।
এনেটি শুৱলা ৰূপ আৰু ক'তো নাই,
জগত গোটেই চোৱা ৰ’দেৰে ভেজায়।
ভাল বেয়া একোকেই বিচাৰ নকৰি,
বিমল কিৰণ দিয়ে সবাকে সাদৰি।
কোৱাঁ‌চোন তুমি বাৰু কাৰ আদেশত,
জগতৰ উপকাৰ সাধিছাঁ সতত।
থাপিলে তোমাক কোনে এই আকাশত,
গৰাকীয়ে সৰজিলে জানিলোঁ‌ মনত।

[  ]

গৰাকী যিজন প্ৰভু এই জগতৰ
জোন, বেলি, আদি কৰি তেওঁৰে হাতৰ।

৬-জোনবাই।
দেখিছানে আইকন
 সউ জোনবাই।
অতপৰ ক'ত তাই
 আছিল লুকাই।
ওলাল সাউৎ কৰি
 আহি ভমকাই,
ৰূপোৱালি বৰণেৰে
 দিলে পোহৰাই।
তৰাৰে আবৰি সৌৱা
 আছে স্বৰগত

[ ১০ ]

জিলিকনি ধৰি কেনে
  মুহিছে জগত।
চোৱাঁচোন কেনেকই
  আছে জোনবাই,
থিৰ হই যেন দেহি
  আমাকেহে চায়।
জিলিকিছে কেনেকই
  চাকিটিৰ দৰে,
ঘূৰিপকি কেউপিনে
  আকাশত ফুৰে।
কিহত ওলমি কোৱাঁ
  আছে জোনবাই,
ইমান পৰেও দেখোঁ
  খহি পৰা নাই?
সুধিছোঁ তোমাক ম‍ই
  কোৱাঁহি বুজাই,

[ ১১ ]

আকাশত কোনে তাʼক
 দিলে ওলোমাই।
ওলমিছে জোনবাই
 ঈশ্বর বলত,
যিজনে থাপিলে তাʼক
 এই আকাশত।

৭- পদুম-ফুল।

ফুলিছে কি ফুল পুখুৰী মাজত;
থিয়হই কেনে হাঁহিছে ডালত।
আইদেও চোৱাঁ তৰাটিৰ দৰে;
কৰিছে শুৱনী জক্‌মক্‌ কৰে।
কি ফুল দেউতা, কক্‌চোন নাম;
সেই ফুলপাহি কেনেকই পাম।

[ ১২ ]

পদুম ফুলক
ভালপায় তাক
নাম তাৰ জানো,
চিনিলোঁ মনত
পিন্ধিবা খোপাত
ইয়াতে সাদৰী,
নেলাগে দেউতা,
হাঁহিছে কেনেকৈ
ছিঙিলেই দেহি!
পিন্ধিলে খোপাত

   

সকলোৱে চিনে;
শুৱনীৰ গুণে।
ফুল দেখা নাই;
ৰাখিম সদাই।
চিঙি আনোগই;
থাকা থিয়হই।
নিপিন্ধো খোপাত;
পুখুৰী কোলাত।
জঁয় পৰি যাব;
পাহি পাহি হব।

৮- লোভ।

লোভৰ সমান পাপ নাই জগতত।
লোভে পাপ পাপে মৃত্যু জানিবা সতত॥

[ ১৩ ]

লোভতেই কতলোকে
লোভতেই কতলোকে
লোভতেই পৰি কাৰো
লোভতেই যায় কাৰে৷
লোভতেই কত জনে
কিমান ভুগিছে দুখ
চোৱচোঁন বোপা তুমি
সিদিনা গধুলি তাৰ
মতিৰ ঘৰত চুৰ
পৰিল বপুৰা হেনো
ধৰিলই গিৰিহঁতে
লেখি লেখি দহ বেত
বেত ৰ কোবত কেজ
কতনো মঙহ দেহি!
সেই দিন ধৰি মাধ
লুভীয়া স্বভাৱ ফেৰি

নানা দুধ পায়।
পৰাণ হেৰায়॥
শূন্য হয় জ্ঞান।
জাতি কুল মান॥
গৰিহণা খাই।
তাৰ সীমা নাই॥
মাধৰাম লই।
কি হল বিলই॥
কৰিলে মিঠাই।
ধৰা তেতিয়াই॥
থানালই নিলে।
টপিনাত দিলে॥
ধাৰে বই গল।
বেততেই ৰল॥
ভাল লৰা হল।
কেনিবাদি গল॥

[ ১৪ ]

এতেকতে লৰাহঁত!  লোভ নকৰিবাঁ।
তেনে হলে সকলোৰে  মৰম লভিবাঁ।।

৯⸺পূৰ্ণিমা-ৰাতি।

কেনে ফৰকাল আজি পূৰ্ণিমাৰ ৰাতি,
বাইদেওক বেগতে, আনোগাই মাতি।
চোৱাচোন বাইদেও, সউ জোনবাই,
ৰূপোৱালি সাজ পিন্ধি আহিছে ওলাই।
জিলিকনি আজি দেখোঁ সোণ বৰণীয়া,
কোৱাঁচোন বাইদেও, কিয় এনেকুৱা?
আকাশত জোনবাই কেনেকই আছে,
থিৰহই একেমনে আমাকে চাইছে।
চোৱাঁচোন তৰাবোৰ জিলিকি পৰিছে,
দিনৰ নিচিনা কেনে পোহৰ কৰিছে।

[ ১৫ ]

যিপিনেই চাওঁহঁক্ সকলো মুকলি,
ইয়াতে সদাই যেন থাকিম উমলি।
আঁহা আমি বাইদেও, উমলি ফুৰিম,
লুকা-লুকি, খেদা-খেদি, ইয়াকে কৰিম।
আইতাই গম পালে ভাঙিবহি গাল,
নকৰি ধেমালি আমি বহি থকা ভাল॥

১০⸺তৰা।

তৰাবোৰে হৰি   জিক্‌মিক্‌ কৰি
আছে স্বৰৰ্গত ফুলি।
এনেনো ধুনীয়া   সোণ বৰণীয়া
হইছে শুৱনী জলি॥
আছে সৰু-বৰ   বহু গঠনৰ
আৰু কত ৰূপবান।
এবেলি ওলাই  এবেলি সোমাই
হাঁহি থাকে ঘনে ঘনে॥

[ ১৬ ]

ফিৰিঙটি দৰে জল্ মল্ কৰে
 কেনে বাজলৈ ওলাই।
চাৰি ফালে বেঢ়ি আছে ঠেও ধৰি
 ⸺“জুই”ৰ মুখলৈ চাই।
জুৰি জুৰি কৰি  নাচি ঘুৰি ঘুৰি
 আলাসত আছে বহি।
আছে সাৰি সাৰি লেখিব নোৱাৰি
 নপৰে তথাপি খহি।

 
১১⸺বিজুলি।
 

চাঁত কৰে বিজুলীটি
 আহিল ওলাই,
নোৱাৰিলোঁ মনিবই
 গলগৈ পলাই।

[ ১৭ ]

চাই থাকোঁ বেৰজুমি
 ওলাব এতিয়া,
ৰাখি থম ওলালেই
 আহিব যেতিয়া।
আহিছে সউ কেনে
 দিশ্ পোহৰাই,
লৰ-মাৰি ঘুৰি তাক
 আনো ওভোতাই॥
কেনেকই বিজুলীটি
 ঘৰত সোমাই,
ভিতৰত বস্তু বোৰ
 দিলে পোহৰাই।
কোৱাঁগই বউটীক
 যাবগৈ পলাই,
ধৰক বেগতে আহি
 দুৱাৰ জপাই।

[ ১৮ ]

১২—খঙ।

নকৰিবা খঙ ভাই কাৰো ওপৰত।
খঙৰ সমান শত্ৰু নাই জগতত॥
জগৰৰ মূল খঙ্ জানিবা নিশ্চয়।
কটাকটি মৰামৰি খঙতেই হয়॥
খঙতেই কতলোকে পায় নানা দুখ।
নেপায় খঙাল লোকে কেতিয়াও সুখ॥
খঙতে আপোন জন পৰ হই যায়।
খঙ হেতু কত জনে জীৱন হেৰায়॥
যদুয়ে মনিয়ে দুয়ো সিদিনা পুৱাই।
কৰিলে বাটতে হেনো কাঁজিয়া মিছাই॥
কাঁজিয়াতে সিহঁতৰ হল মৰামৰি।
মূৰত টাঙোন পৰি গল যদু মৰি॥
পৰিল মাটিত ঘুৰি তিনি পাক্ খায়।
সকলোৱে দেখি তাক কৰে হায় হায়॥

[ ১৯ ]

মনিক তেতিয়া ধৰি ফাটকলৈ নিল।
সিদিনাৰে পৰা খঙ্ তেনেই গুছিলে॥
খঙৰ হেতুকে চোৱাঁ কেনে দশা হল।
ফাটকতে বপুৰাৰ প্ৰাণটিও গল॥
হেন জানি হেৰা লৰা! ৰাখিব৷ মনত।
নকৰিবা খঙ তুমি কাৰে৷ ওপৰত॥

১৩—মদাৰ ফুল।

মদাৰ ফুল দেখা
   কেনে বিতোপন,
নেযায় তথাপি তাক
   পিন্ধিবৰ মন।
ৰাঙলী বৰণে গছ
   থাকে শোভা কৰি,
নলয় তথাপি কেৱে
   যায় পচি সৰি।

[ ২০ ]

থুপি থুপি কৰি কিয়
   ফুলিছা গছত।
ফুলিছাঁ মিছাতে হায়
   তুমি অবাৱত।
নহলে তোমাৰ গুণ
   ৰূপে কি কৰিব,
গুণৰ বলতে পাৰি
   জগত মুহিব।
শুৱনী হলেই কেৱে
   নকৰে আদৰ,
গুণ থাকিলেহে লোকে
   কৰে সমাদৰ।
অনেকে কুৰূপ হয়ো
   গুণৰ বলত,
য'তে ত'তে মান পায়
   এই জগতত।

[ ২১ ]

এতেকতে হেৰা লৰা!
   হোৱাঁ গুণবান,
তেনেহলে তোমালোকে
   লভিবাঁ সম্মান।

১৪—–বৰষুণ।

শৰত বসন্ত দুয়ো,  একেলগ হই;
ধেমালি ধুমুলা কৰে  বাহিৰত গই।
উমলি ফুৰোতে দুয়ো  এদিন পুৱাই;
হঠাৎ বাটতে দেহি!  পালে পচোৱাই।
আকাশৰ পিনে তুমি  চোৱাঁচোন ভাই;
কেনেকই বৰষুণ  আহে ওন্দোলাই।
বৰষুণ দিব ভাই  গিৰ্ গিৰ্ কৰি;
আহিছে সউৱা চোৱাঁ,  গুজৰি গুমৰি।

[ ২২ ]

চিকমিক্‌ কৰি কেনে
লগে লগে বৰষুণ
বোপাহঁত তোমালোকে
তিয়াব এতিয়া যোৱাঁ
নিতিতিবা কেতিয়াও
তিতিলে নিশ্চয় হব
শৰীৰ অসুখ হব
সাৱধান হবা হঁক

 বিজুলী মাৰিছে;
বতাহ বলিছে।
আহাঁ বেগধৰি;
ঘৰলই লৰি।
সোমোৱাঁ ভিতৰ
পানীলগা জ্বৰ।
নৰীয়া পৰিলে;
যাতে থাকা ভালে।

১৫—বসন্ত-কাল।

আহিছে বসন্ত-কাল ৰঙ-মুৱা হই;
মাৰিছে বতাহ কেনে ৰিব্ ৰিব্ কই।
গছলতা বন আদি ধুনীয়া কৰিলে;
জগতক অলঙ্কাৰে গাভৰু সজালে।

[ ২৩ ]

ওলাল কোমল পাত সকলো গছৰ;
চৰায়ে গাইছে কেনে সুললিত স্বৰ।
দেখিছানে আম জুপি আছে কেনে ফুলি;
মাজে মাজে পেলাইছে থুপি থুপি কলি।
গছলতা ফুলবোৰ এতিয়া ফুলিছে;
শুৱনী ফুলেৰে গছ উপছি পৰিছে।
চোৱাচোন গছবোৰ কেনেনো শুৱনী;
হইছে বসন্তকালে আপোনা আপুনি।
বসন্তৰ লগে লগে শোভা নাশ পায়;
ৰাখিব নোৱাৰি তাক যেতিয়াহে যায়।
এই দৰে মিছাতেই লৰা-কাল গলে;
কোনেও নেপায় ভাল বুঢ়া-কাল হলে।

[ ২৪ ]
 

১৬―নিয়ঁতী চৰাই।

দেখিছানে ভাইহঁত 
   নিয়ঁতী চৰাই,
দিনত লুকাই থাকি 
   গধূলি ওলায়।
গছৰ ডালত পৰি 
   মাতে ঠেও ধৰি,

[ ২৫ ]

পুঁৱতীয়া নিশা মাতে
 নিউ নিউ কৰি।
হাবিত সোমাই থাকে
 নমনে চকুৰে,
ৰাতি হলে উৰি ফুৰে
 হৰিষ মনেৰে।
যেতিয়া উৰুলি দিয়ে
 শুনিবলৈ ভাল,
পাখি মেলি উৰি যায়
 নকৰে কোঢ়াল।
সৰু সৰু জীৱবোৰ
 পালে ধৰি খায়,
ৰাতি পুৱালেই গই
 হাবিত সোমায়।

[ ২৬ ]

১৭– মালভোগ কল।

কলৰ মাজত তুমি কেনে মনোহৰ;
“মালভোগ” বুলি কৰে তোমাক আদৰ।
পকিলে যতন কৰি সকলোৱে খায়;
সুৱলা গোন্ধৰ বাবে বৰ ভাল পায়।
সকলো কলত কই তুমি বিতোপণ;
মুখতেই পমি যোৱাঁ, ভাল লাগে মন।
চেনিচম্পা কল কেৱে নকৰে আদৰ,
তুমিয়েহে এক মাথোঁ অতি চেনেহৰ।
গুণেৰে ভূষিত হলে তেমোৰ অন্তৰ;
সকলো লোকৰ পাবাঁ আদৰ সাদৰ।
নোপোৱাঁ আদৰ তুমি হলে গুণহীন;
সকলোৱে নিলগতে কৰে বৰ ঘিণ।

[ ২৭ ]

১৮ - কুলি।
আমৰ ডালত পৰি
 কুউ কুউ কৰি,
মাতিছে কুলিয়ে আহা
 কেনে সুৰ ধৰি।
যদিও কলীয়া কুলি
 কাউৰীৰ দৰে,
সুৱলা মাতত তাৰ
 দেহ জুৰ পৰে।
আমৰ গছত পৰি
 মাতে ঠেও ধৰি,
ইডাল সিডাল কৰি
 ফুৰে উৰি উৰি।
কাউৰী বাঁহত পাৰে
 কুলিটিয়ে কণি,

[ ২৮ ]

উমায় ৰঙৰে তাক
 নিচিনি নেজানি।
ডাঙৰ নহয় মানে
 মাত নুফুটাই,
কাউৰী বাহঁত টোপ
 চকু মুদি খায়।
ভালকৈ গজিলে পাখি
 যায় হাত সাৰি,
কাউৰীয়ে খেদি নিয়ে
 যায় লৰমাৰি।
স্ৰজিছে ঈশ্বৰে তাক
 এনেকুৱা কৰি,
জানিবা সকলো কথা
 ভাবিলে এফেৰি।

[ ২৯ ]

১৯—কঠাল।
আহাঁচোন আইদেও,
 আহাঁ লৰ মাৰি,
তোমাক কঠাল এটি
 দিওঁ মই পাৰি।
পাতৰ আঁৰত চোৱাঁ
 পেটুৱা ভকত,
টোম যেন হই আছে
 ওলমি ডালত,
গোটেই শৰীৰ চোৱাঁ
 খহুৰেই ভৰা,
ভিতৰত আছে তাৰ
 কিন্তু ৰহঘৰা।
থুনপাকটিৰ দৰে
 বাদুৰ মাজত,

[ ৩০ ]

ফুটেৰেই ভৰি আছে
 গেৰেলা পেটত ।
ফালিচালে ভিতৰত
 পকিলে কঠাল,
সোণোৱালী কোহাঁ পাবাঁ
 দেখিবলৈ ভাল ।
খাবলৈ সোৱাদ আৰু
 গোন্ধ মনোহৰ,
নলগাবাঁ বেছি খাই
 পেটত জগৰ ।

২০-ৰেল-গাড়ী।

ঘৰ ঘৰ কৰি, ফোঁপাই-জোপাই

যায় সউ ৰেল-গাড়ী।
[ ৩১ ]

শিকলি মেৰাই ইখনে সিখনে
 জুটি দিছে সাৰি সাৰি।
মুখ নেখাকিও, উকিয়াই যায়
 বাটত দেখিলে কিবা;
নেদেখা চহাই,  হঠাৎ দেখিলে
 একই নোৱাৰে ভেবা।
যি জনে বাহিৰ,  কৰিলে ইয়াক
 তেওঁ এনে বুধিয়ক;
অসাৰ বস্তুকো, চাকৰ বোৱাই
 সুখ দিছে জগতক।
বিজুলী গতিৰে, চকু পচাৰতে
 ইঠাই সিঠাই হয়;
কিনো আচৰিত, বুদ্ধিৰ মহিমা
 স্থল বায়ু পৰাজয়।

[ ৩২ ]

২১ — মাটি-কঠাল।

চোৱাঁচোন! চোৱা ভাই কাঁইট্‌ গছত,
ফুলটিৰ দৰে ৰঙা পাতৰ মাজত ।
অলেখ চকুৰে ভৰা গোটেই শৰীৰ,
তপ কৰি আছে যেন-জটীয়া ফকীৰ,
জাৰ জহ একোটোকে নেভাবি নুগুণি,
ভাবতে মগন যেন নিতে মহামুনি ।
বুঢ়া হুই আছে মানে দেহ বাঢ়ি যায়,
দেহৰ লগতে তাৰ ৰূপো শোভা পায় ।
কম বুলি নেভাবিবা তেওঁক মনত,
সোৱাদ ৰসেৰে ভৰা গোটেই পেটত ।
বাহিৰে কাঁইট্‌ দেখি নকৰিবা ভয়,
লোন ঘঁহি কাটি খালে পেট জুৰ হয়।
বাহিৰে কাঁইট্ হক, একো কথা নাই,
অন্তৰৰ প্ৰেমৰসে পৃথিবী মোহায় ।

[ ৩৩ ]

তোমাৰো হিয়াত ভৰি থাকিলে মৰম,
সংসাৰৰ লোকে স্নেহ নকৰিব কম।

২২ — গধুলি।

ৰঙা বেলি মাৰেগই সাগৰত বুৰ,
কৰমী জগতে পালে এতিয়াহে জুৰ।
আছিল মগন সবে আপোন কামত,
গুচাই ভাগৰ চোৱাঁ গধূলি পৰত।
বেচি কিনি মালবস্তু দোকানী পোহাৰী
হৰিষ মনেৰে চোৱাঁ যায় ঘৰাঘৰি।
বিষয়া আমোলা মানে যত অফিছৰ,
কমল কাকত এৰি আছে নিজ ঘৰ।
চৰাই পহুৱে ফুৰি আহাৰ বিচাৰি,

[ ৩৪ ]

আহিছে এতিয়া ৰঙে বহালই ঘুৰি।
নিশা হলে সকলোৱে বিচাৰে জুৰণি,
নহলে নিজীয়ে এই সংসাৰৰ প্ৰাণী।
লৰা ছোৱালীয়ে গই ভিতৰ সোমাই,
মাকৰ কাষত বহি জলপান খায়।
সন্ধিয়া বেলিকা কেনে বন্তি পোহাৰত
লৰা ছোৱালীয়ে মিলি পঢ়ে উলাহত।

অন্ত

এই লেখা বৰ্তমান পাবলিক ডমেইনৰ আওতালৈ আহিছে বুলি অনুমান কৰা হৈছে কাৰণ ইয়াৰ উৎসস্থল ভাৰত আৰু ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ’লে কপিৰাইট উকলি যায়। অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।

বি:দ্ৰ: এই লেখা/ৰচনা/গ্ৰন্থৰ লেখকৰ মৃত্যুবৰ্ষ কোনো তথ্যসূত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়। ভৱিষ্যতে কোনো তথ্যসূত্ৰৰ দ্বাৰা লেখকৰ মৃত্যুবৰ্ষ সংক্ৰান্তীয় তথ্য প্ৰকাশ হ’লে এই লেখকৰ ৰচনাৰ প্ৰকৃত কপিৰাইট অৱস্থা পৰীক্ষা কৰা সম্ভৱ হ’ব। নতুন তথ্য অনুসৰি এই গ্ৰন্থৰ কপিৰাইট অৱস্থা ভবিষ্যতে বিচাৰ কৰি সেই অনুযায়ী ব্যৱস্থা লোৱা হ’ব।