এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
2
কবিতা-কুসুম।

ধেমালিতো কেতিয়াও মিছা নেমাতিবা।
কনা, কুঁজা, খোঁড়া দেখি কাকো নেহাঁহিবা॥
কোনোৱে হুধিলে কথা ঠিক কৰি কবা।
ভেঙচালি কৰি তাক তুমি নেহাঁহিবা।
পিতা মাতা আদি কৰি যত গুৰুজন।
কৰিবা ভকতি নিতে হই একমন॥
শিক্ষকৰ উপদেশ সততে ধৰিবা |
সজ কাম কৰিবলৈ হেলা নকৰিবা।
নেথাকিবা গপ্মাৰি গঙাটোপ হই।
নকৰিবা খঙ কাকো মিছা মিছি কই॥
সাপক দেখিলে ভয় কৰা যেনে কই।
তাতোকই ভয় কৰা বেয়া লৰা লই॥
দুখীয়াৰ দুখ দেখি কৰিবা পুতউ।
পবিত্ৰ ভাৱত মন ৰাখিবা নিতউ॥
সুখেৰে থাকিব যদি খোজাঁ সংসাৰত।
ৰাখাঁ এই উপদেশ সদায় মনত॥