আকাশত কোনে তাʼক দিলে ওলোমাই। ওলমিছে জোনবাই ঈশ্বর বলত, যিজনে থাপিলে তাʼক এই আকাশত।
৭- পদুম-ফুল।
ফুলিছে কি ফুল পুখুৰী মাজত; থিয়হই কেনে হাঁহিছে ডালত। আইদেও চোৱাঁ তৰাটিৰ দৰে; কৰিছে শুৱনী জক্মক্ কৰে। কি ফুল দেউতা, কক্চোন নাম; সেই ফুলপাহি কেনেকই পাম।