সমললৈ যাওক

পৃষ্ঠা:কবিতা-কুসুম.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম। উমায় ৰঙৰে তাক নিচিনি নেজানি। ডাঙৰ নহয় মানে মাত লুফুটাই, কাউৰী ৰহিত টোপ চকু মুদি খায়। ভালকৈ গজিলে পাখি যায় হাত সাৰি, কাউৰীয়ে খেদি নিয়ে যায় লৰমাৰি। স্ৰজিছে ঈশ্বৰে তাক এনেকুৱা কৰি, জানিবা সকলো কথা ভাবিলে এফেৰি।