থিয় হল পোৱালিটি যাবগই লৰি, খাইছে পিয়াহ দুটি চপ্ চপ্ কৰি। লৰ লৰি পোৱালিটি ধৰি আনোগই, ৰঙমনে উমলিম বোকোছাত লই। ছাগলী-পোৱালিটিয়ে ফুৰে জপিয়াই, চেলেকিয়ে-হাতখনি বৰ ৰঙ-পায়। নেলাগে নধৰোঁ মই ছাগলী পোৱালি, মাকৰ কাষতে থক্ ৰঙেৰে উমলি।