থুপি থুপি কৰি কিয় ফুলিছা গছত। ফুলিছাঁ মিছাতে হায় তুমি অবাৱত। নহলে তোমাৰ গুণ ৰূপে কি কৰিব, গুণৰ বলতে পাৰি জগত মুহিব। শুৱনী হলেই কেৱে নকৰে আদৰ, গুণ থাকিলেহে লোকে কৰে সমাদৰ। অনেকে কুৰূপ হয়ো গুণৰ বলত, য'তে ত'তে মান পায় এই জগতত।