এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কবিতা-কুসুম।

এতেকতে লৰাহঁত! লোভ নকৰিবাঁ।
তেনে হলে সকলোৰে মৰম লভিবাঁ।।
৯⸺পূৰ্ণিমা-ৰাতি।
কেনে ফৰকাল আজি পূৰ্ণিমাৰ ৰাতি,
বাইদেওক বেগতে, আনোগাই মাতি।
চোৱাচোন বাইদেও, সউ জোনবাই,
ৰূপোৱালি সাজ পিন্ধি আহিছে ওলাই।
জিলিকনি আজি দেখোঁ সোণ বৰণীয়া,
কোৱাঁচোন বাইদেও, কিয় এনেকুৱা?
আকাশত জোনবাই কেনেকই আছে,
থিৰহই একেমনে আমাকে চাইছে।
চোৱাঁচোন তৰাবোৰ জিলিকি পৰিছে,
দিনৰ নিচিনা কেনে পোহৰ কৰিছে।