এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবিতা-কুসুম

২১ — মাটি-কঠাল।
চোৱাঁচোন! চোৱা ভাই কাঁইট্ গছত,
ফুলটিৰ দৰে ৰঙা পাতৰ মাজত ।
অলেখ চকুৰে ভৰা গোটেই শৰীৰ,
তপ কৰি আছে যেন-জটীয়া ফকীৰ,
জাৰ জহ একোটোকে নেভাবি নুগুণি,
ভাবতে মগন যেন নিতে মহামুনি ।
বুঢ়া হুই আছে মানে দেহ বাঢ়ি যায়,
দেহৰ লগতে তাৰ ৰূপো শোভা পায় ।
কম বুলি নেভাবিবা তেওঁক মনত,
সোৱাদ ৰসেৰে ভৰা গোটেই পেটত ।
বাহিৰে কাঁইট্ দেখি নকৰিবা ভয়,
লোন ঘঁহি কাটি খালে পেট জুৰ হয়।
বাহিৰে কাঁইট্ হক, একো কথা নাই,
অন্তৰৰ প্ৰেমৰসে পৃথিবী মোহায় ।