সমললৈ যাওক

পৃষ্ঠা:কবিতা-কুসুম.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবিতা-কুসুম৷

মইনা সোণাই বুলি
 কত চুমা খাই,
মৰমতে চোৱাঁ আয়ে
 কেনে পমি যায়;
বেথাৰে বুকত আয়ে
 লয় সুমুৱাই,
আতউ পুতউ কৰি
 পিয়াহ খুৱাই।
আদৰ সাদৰ কৰি
 খুৱাই ধুৱাই৷
ডাঙৰ কৰিলে তেওঁ
 বহু যতনাই।
লৰাৰ লগত মৰা
 মাকৰ নিচিনা,
পৃথিবীত আছে কোন
 আৰু তেনে জনা।