ফিৰিঙটি দৰে জল্ মল্ কৰে কেনে বাজলৈ ওলাই। চাৰি ফালে বেঢ়ি আছে ঠেও ধৰি ⸺“জুই”ৰ মুখলৈ চাই। জুৰি জুৰি কৰি নাচি ঘুৰি ঘুৰি আলাসত আছে বহি। আছে সাৰি সাৰি লেখিব নোৱাৰি নপৰে তথাপি খহি।
চাঁত কৰে বিজুলীটি আহিল ওলাই, নোৱাৰিলোঁ মনিবই গলগৈ পলাই।