সমললৈ যাওক

পৃষ্ঠা:কবিতা-কুসুম.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
26
কবিতা-কুসুম।

১৭– মালভোগ কল।

কলৰ মাজত তুমি কেনে মনোহৰ;
“মালভোগ” বুলি কৰে তোমাক আদৰ।
পকিলে যতন কৰি সকলোৱে খায়;
সুৱলা গোন্ধৰ বাবে বৰ ভাল পায়।
সকলো কলত কই তুমি বিতোপণ;
মুখতেই পমি যোৱাঁ, ভাল লাগে মন।
চেনিচম্পা কল কেৱে নকৰে আদৰ,
তুমিয়েহে এক মাথোঁ অতি চেনেহৰ।
গুণেৰে ভূষিত হলে তেমোৰ অন্তৰ;
সকলো লোকৰ পাবাঁ আদৰ সাদৰ।
নোপোৱাঁ আদৰ তুমি হলে গুণহীন;
সকলোৱে নিলগতে কৰে বৰ ঘিণ।