জিলিকনি ধৰি কেনে মুহিছে জগত। চোৱাঁচোন কেনেকই আছে জোনবাই, থিৰ হই যেন দেহি আমাকেহে চায়। জিলিকিছে কেনেকই চাকিটিৰ দৰে, ঘূৰিপকি কেউপিনে আকাশত ফুৰে। কিহত ওলমি কোৱাঁ আছে জোনবাই, ইমান পৰেও দেখোঁ খহি পৰা নাই? সুধিছোঁ তোমাক মই কোৱাঁহি বুজাই,