এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কবিতা-কুসুম।

ওলাল কোমল পাত সকলো গছৰ;
চৰায়ে গাইছে কেনে সুললিত স্বৰ।
দেখিছানে আম জুপি আছে কেনে ফুলি;
মাজে মাজে পেলাইছে থুপি থুপি কলি।
গছলতা ফুলবোৰ এতিয়া ফুলিছে;
শুৱনী ফুলেৰে গছ উপছি পৰিছে।
চোৱাচোন গছবোৰ কেনেনো শুৱনী;
হইছে বসন্তকালে আপোনা আপুনি।
বসন্তৰ লগে লগে শোভা নাশ পায়;
ৰাখিব নোৱাৰি তাক যেতিয়াহে যায়।
এই দৰে মিছাতেই লৰা-কাল গলে;
কোনেও নেপায় ভাল বুঢ়া-কাল হলে।