এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
26 কবিতা-কুসুম। ১২—খঙ। নকৰিবা খঙ ভাই কাৰো ওপৰত। খঙৰ সমান শত্ৰু নাই জগতত। জগৰৰ মূৰ্চ্ছ খঙ, জানিবা নিশ্চয়। কটাকটি মৰামৰি খঙতেই হয় | খঙতেই কতলোকে পায় নানা দুখ। নেপায় খঙাল লোকে কেতিয়াও সুখ। খঙতে আপোন জন পথ হই যায়। খঙ হেতু কত জনে জীৱন হেৰায় যদুয়ে মনিয়ে দুয়ো সিদিনা পুৱাই। কৰিলে বাটতে হেনো কাঁজিয়া মিছাই কাঁজিয়াতে সিহঁতৰ হল মৰামৰি। মূৰত টাঙোন পৰি গল যদু মৰি॥ পৰিল মাটিত ঘুৰি তিনি পাক্ খায়। সকলোৱে দেখি তাক কৰে হায় হায়